পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৯৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮৭
নদী, হ্ৰদ আরু উৎস।

নদীত এই নিমিত্তে বান কচ্চিৎ হয়। তুষাৰ আরু নিহাৰ বাহুৰ উৎপত্তি আৰু দ্ৰৱ হোৱাৰ সময়, প্ৰায় বাৰিষাৰ অন্তত হয় বুলি, বৰষুণৰ অভাৱত পানী কমিলেও তুষাৰ আৰু নিহাৰ-বাহু নদীৰ গোৰত থাকি নদী পূৰাই ৰাখে। এই নিমিত্তে খৰালি আরু বাৰিষাৰ নৈৰ বহুত তাৰতম্য নেদেখি। এই নিমিত্তেই ব্ৰহ্মপুত্ৰ আৰু গঙ্গা নদীৰ পানী খৰালি ও বেচি থাকে। বালি-মাটি কঙ্কৰ, খড়ি, ভগ্ন চূৰ্ণ-প্ৰস্তৰ ইত্যাদি, পৰিপোষণ-শীল ভূমি জল-সত্ৰত থাকিলে, বাৰিষাৰ পানী কিছুভাগ শুহি ৰাখে আৰু খৰালি অলপ অলপকৈ পানী নিজৰাই নৈক সজীব ৰাখে। প্ৰায় সকলো নৈতে দুটা তিনটা বান কমাওঁতা থাকে আৰু তাৰ পৰা মানুহৰ বহুত উপকাৰ হয়। যদি এনেকুৱা নৈ এখন কল্পনা কৰা যায় যাৰ জল-সত্ৰ ঠেক, আওগড়ীয়া, আৰু টান শীল বা সম্পূৰ্ণ আলটীয়া মাটিৰে সজা, যি কোনো জলাধাৰৰ মাজে যোৱা নাই, যাৰ গুৰিত নিহাৰ সীমা বা তুষাৰ দ্ৰৱ নহয়, তেন্তে সেই নদীত বৰষুণ জাকে পতি এটা এটা চল আহিব আন সময়ত শুকান তলী ওলাই থাকিব; তাক বুজা নিচেই সহজ।

 কিন্তু এই বিলাক বান কমাওঁতা থাকিলেও কোনো কোনো নদীৰ আকস্মিক মহাবান হয়। সিন্ধু নদৰ এই দস্তুৰ। হিম- শিলা পৰি বা পৰ্ব্বতৰ আগ ভাগি কেতিয়াবা নৈৰ গোৰালি বন্ধ কৰে, তাতে সেই ভেটাৰ সিফালে পানী গোট খাই ক্ৰমে বাঢ়ি এটা সৰোবৰ হয়। এই দৰে পানীৰ বল বাঢ়ি, অন্তত এবাৰ সেই ভেটা ভাগে আৰু পানী পৰ্ব্বতাকাৰ হৈ অত্যন্ত বেগেৰে নৈয়েদি বাগৰি আহে। ১৮৪১ সনৰ জুন মাহত সিন্ধু নদৰ এনে এটা ভয়ানক বান হয়। সেই সময়ত গোলাপ চিং নামে পঞ্জাবৰ সৈন্য এদলে মচলমান সৈন্য এদলক খেদি সিন্ধু নদৰ পকা বালিত বাহৰ কৰি আছিল। এনেতে অকস্মাৎ ওখ ঘোদা