সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫২
প্ৰাকৃত-ভূগোেল।

নৈৰক্ষিক ঘন-মহাৰণ্য-মণ্ডলৰ সৈতে এই তিনি অৰণ্য-মণ্ডল আরু চাৰি তৃণ-ক্ষেত্ৰ-মণ্ডলৰ ঠাইয়ে ঠাইয়ে মানুহে চহি খেত কৰিছে। সমাৰণ্য-মণ্ডল উত্তৰ আরু দক্ষিণলৈ ক্ৰমে পাতল হৈ গৈছে আরু মেরু বৃত্তৰ সিপাৰে ঝাওঁ, উইলঁ গছেই বৰ গছ। তাকো অঁত তঁত দেখিবলৈ পোৱা যায়। অন্তত দুই মুৰত দুটা শীত-মরু-মণ্ডল আছে। ইয়াৰ আৰম্ভনৰ সীমা মরু-বৃত্তকে ধৰিব লাগে; এই মণ্ডল প্ৰায় বাৰও মাহ বৰফাবৃত আরু বৰফৰ ওপৰত গজা ৰেড্‌ স্নো-অল্জি‌, লাইকেন প্ৰভৃতি নানা ৰকম শেলাইৰ বাহিৰে সম্পূৰ্ণ টকলা।

  প্ৰধান প্ৰধান উদ্ভিজ বিলাকৰ ঠাই তলত নিৰ্দ্দিষ্ট কৰা হল।

যি বিলাক গ-
ছৰপৰা সুতা
পোৱা যায়।
  সকলো বিধৰ সুতাৰ গছৰ ভিতৰত কপাহ গছ প্ৰধান। ই প্ৰথমতে ভাৰতবৰ্ষ, বৰ্ম্মা (মান), চীন প্ৰভৃতি দেশত আছিল তাৰ পৰাই আন আন তপত প্ৰদেশ লৈকো গৈছে। আজি কালি ইয়াক উত্তৰ আমেৰিকাৰ ইউনাইটেড্‌ ষ্টেটস্‌ ৰাজ্যত, মেক্সিকোত, স্পেন, বাৰ্বেৰী, দক্ষিণ আফ্ৰিকাতো পোৱা যায়। ৰিহা আরু তিসিৰ বাকলিৰ পৰা অনেক সুতা তৈয়াৰ হয়। এই বিধ উদ্ভিজ উত্তৰ ভাৰত- বৰ্ষ, উত্তৰ ইউৰোপ, উত্তৰ আমেৰিকাত পোৱা যায়। মৰাপাট, শন প্ৰভৃতি যাৰ পৰা ফই, ৰচী হয়, তাকে সেই বিলাক ঠাইত অৰ্জা হয়।

যি বিলাক কণ
মানুহে আহাৰ
কৰে।

  যি বিলাক কণ মানুহৰ আহাৰ সিবিলাকৰ ভিতৰত ধানেই প্ৰধান। ইয়াক খাই সহস্ৰ কোটী মানুহে জীৱন ধৰিছে। ইফালে চীন, জাপান দেশৰ পৰা আমেৰিকা পৰ্য্যন্ত পৃথিবীৰ সকলো তপত দেশ বিলাকত আরু ইউৰোপৰ গ্ৰীচ, স্পেন,পৰ্টুগেল আরু ইটালীত ধানৰ খেতি হয়। সম-মণ্ডলৰ আহাৰীয় কণ লগা উদ্ভিজৰ ভিতৰত ঘেঁহুয়েই ৰজা। ঘেঁহুৰ বৃদ্ধিৰ কাৰণ চাৰি মাহৰ নিমিত্তে ৫৫° তাপ লাগে; এই নিমিত্তেই উত্তৰ আরু মধ্য ইউৰোপ, উত্তৰ আশিয়া, ভাৰতবৰ্ষ, ইউনাইটেড্‌