পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৯
ভূমিকম্প আরু আগ্নেয়-গিৰি।

ৰৰ মাটি কিতৰপ ওফৰাই পেলাব পাৰে; এই দৰে চাপ কমাত তলৰ টান তপত স্তৰ খিনি দ্ৰৱ হৈ ওপৰলৈ বেগে উঠি আহি আগ্নেয় গিৰিৰ স্ৰজন হয়। আগ্নেয়গিৰি বিলাকৰ আকৃতি কলড়িলীয়া; ওপৰলৈ জোঙ্গা। আকৃতি দেখিলেই জানা যায় যে এই বিলাক পৰ্ব্বত কোনো জলীয়া বস্তু ওপৰলৈ উঠি আরু পুনৰ বাগৰি পৰি জাপ গৈ তৈয়াৰ হয়। প্ৰথমতে দ্ৰৱ পাছে ঝাঁওৰ নিচিনা টান হোৱা প্ৰস্তৰৰে সজা বুলি আগ্নেয়গিৰি বিলাক লোৱাচুৰৰ দৰে টান আরু কলা। মাজতে শিখৰৰ পৰা তললৈ এটা বৰ দ গহ্বৰ থাকে এই গহ্বৰৰ নাম আগ্নেয়-গিৰি-গহ্বৰ।

  আগ্নেয়-গিৰিৰ অগ্ন্যুৎপাত হোৱাৰ পূৰ্ব্বতে পৃথিবীৰ অন্তৰৰ পৰা ঘনে ঘনে গভীৰ গৰ্জ্জন শুনা যায় আরু ভূমিকম্প হয়; অলপ পাছত গহ্বৰৰ পৰা দমে দমে ধোঁৱা উঠিবলৈ ধৰে; ইয়াৰ ভিতৰৰ সৰহ ভাগ পানীৰ ভাপ। ধোঁৱাৰ লগে লগে ছাই ওলায়। ছাই বোৰ উতলা দ্ৰৱ প্ৰস্তৰৰ ফেণ-গুড়ি হব পায়। ছাইবোৰ একে লগে একে- বাৰে মহা বিস্তীৰ্ণ আরু বৃহৎ এজোপা তাল গছৰ আকৃতি ধৰি গহ্বৰৰ পৰা আকাশলৈ উঠে আরু নিচেই ওপৰৰ বায়ু স্ৰোতে উড়াই নি হাজাৰ বৰ্গমাইল যোৰাকৈ নিক্ষেপ কৰে। ইং ১৮৩৫ সনৰ জানু- য়াৰী মাহত মধ্য আমেৰিকাৰ কচেগুইনাত আগ্নেয়-গিৰিৰ উৎপাত হওঁতে ৪৮ ঘণ্টাৰ নিমিত্তে ছাই বৰ্ষণ হয়; ছাই বৰ্ষণৰ পাছতো ৩৬ ঘণ্টালকে বায়ুৰ লগত মিহলি হোৱা ছাইয়ে ঘোৰ আন্ধাৰ কৰি ৰাখিছিল। মানুহে পৰস্পৰৰ মুখ দেখিব পৰা নহৈছিল। কোনো কোনো আগ্নেয়-গিৰিৰ পৰা ইমান ছাই ওলায় যে শুনি বিস্ময় হব লাগে। ইংৰাজী ৭৯ সনত ভিচুভিয়চ্‌ আগ্নেয়গিৰিৰ যি অগ্নুৎ- পাত হয় তাৰ পৰা উড়ি যোৱা কেবল ছাই আরু স্কৰীৰ (scorea) দ্বাৰায় তাৰ ওচৰত থকা হৰকিউলেনীয়ম আরু পম্পাই দুখন নগৰ প্ৰায় ২০। ২৫ হাত পোত গল আরু ১৫০০ শতকৈ সৰহ বছৰ এই দৰেই