পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৩
ভূ-ভাগৰ বাহ্যিক গঠন আরু সন্নিবেশ।

পৃথিবীৰ অন্তৰত তাপ নথকা হলে, আরু সেই তাপ ক্ৰমে হ্ৰাস হৈ পৃথিবী খন অসমান রূপে সঙ্কুচিত হলে, পানীৰ নিদানে, পৃথিবী-পৃষ্ঠ অসমান হব নোৱাৰিলে হেতেন। ১৪শ প্ৰতিকৃতিত জ গোলকৰে আরু ক খ মেৰটোৰে মাজত সুরুঙ্গা হয় বুলি ধৰা হৈছে। আরু দুইটা প্ৰতিকৃতিতে ক খ আরু জ ভিন্ন ভাৱে যেনেকৈ দেখুৱা হৈছে প্ৰকৃত পক্ষে এনে সুরুঙ্গা হবলৈ পৃথিবীৰ ওপৰ ভাগে অপেক্ষা নকৰে। অন্তৰৰ তপত গোলক যেনেকৈ চাপ খাবই লাগিছে, তাৰ

১৫শ প্ৰতিকৃতি

সমুদ্ৰ আৰু মগ্নগিৰি

পাছতে, ওপৰৰ চেঁচা খোলাটো ভাগি ভুহঁৰি নানা ভাঁজ লৈ অঁত বাহিৰলৈ ফিক খাই, তঁত দোপা পৰি তপত গোলকৰ ওপৰত জাপ খাই পৰিবই লাগিছে। যঁত দোপা পৰিছে তালৈ ফিক্‌ খাই উঠা ঠাইৰ পৰা সমুদ্ৰ হুহঁকি গৈ নতুন সমুদ্ৰ হৈছে; সমুদ্ৰে এৰি যোৱা ওখ ঠাই ন নতুম মহাদেশ হৈছে। যি ঠাইত ঢৌৰ দৰে ভাঁজ হৈছে অথবা এক খণ্ড ভগা স্তৰ আন এখণ্ডৰ ওপৰত আওজি ৰৈছে তাত পৰ্ব্বত হৈছে; যদি সেই বিলাক ভাঁজ ফিক্‌ খোৱা ঠাইৰ ওপৰত

নঁহৈ দোপা পৰা ঠাইত হৈছে, তেনে হলে মগ্ন গিৰি উৎপন্ন হৈছে

১২