দ্ৰৱনাঙ্ক—(Freezing point) বাচা। ৫১ পৃষ্ঠা
দিগ্বলয়—(Horizon) বিস্তীৰ্ণ পথাৰ নদী বা সমুদ্ৰত থাকি চালে
দৃষ্টিৰ সীমা স্বরূপ যি ৰেখা দেখা যায়, যঁত পৃথিবী
আরু আকাশ গোট খোৱা দেখি, সেই চক্ৰৰ নাম
দিগবলয়।
দিশ—(Direction) দিক সম্পৰ্কে বস্তু থকাৰ ভাৱ।
দ্ৰাঘিমা—(Circle of longitude) মেরুদণ্ড চাবা।
ধূমুহা—(Storm) ৪১, ৪২ পৃষ্ঠা চাবা।
ধুম্ৰুল—(Fumerole) আগ্নেয়-পৰ্ব্বতৰ গুৰিত থকা কলডলীয়া
সরু সরু হাফলু; যঁৰ পৰা লাহে লাহে ধোঁৱা, ভাপ,
গন্ধকৰ ভাপ ওলাই থাকে। ১৪১ পৃষ্ঠা চাবা।
নিউ—(Gnu) ই ভয়ানক জন্তু। ইয়াৰ গা, ডিঙ্গি, কান, কেশৰ
ঘোৰাৰ নিচিনা, শিঙ্গ মঁহৰ নিচিনা, ভৰি শৰ
পহুৰ দৰে।
নিৰক্ষবৃত্ত—(Equator) মেরুদণ্ড চাবা।
নিৱী বা নাভা—(Neve) ৭৫ পৃষ্ঠা চাবা।
নিশ্চেষ্টতা—(Inertia) পদাৰ্থ নিজে লৰিবৰ ক্ষমতা নাই; তাক
লৰাবলৈ শক্তি লাগে। আরু এবাৰ লৰিলে আন
শক্তিৰে নৰাখালে নিজে ৰঁব নোৱাৰে। দঁলি এটা
মাৰিলে পৃথিবীৰ আকৰ্ষণ আরু বায়ুৰ প্ৰতিবন্ধকতাৰ
বলতেহে এসময়ত ৰয়গৈ, নহলে গৈয়ে থাকিল
হেতেন। পদাৰ্থৰ এই গুণৰ নাম নিশ্চেষ্টতা।
পচোৱাবতাহ—(South-west Monsoon) জহকালি আরু বাৰিষা
পশ্চিমৰ পৰা বা দক্ষিণৰে পশ্চিমৰে ছুকৰ পৰা মৰা
বতাহ।
পথালি-কঙ্কৰ—(Lateral morraine) ৭৭ পৃষ্ঠা চাবা।
পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৯০
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৯
পাৰিভাষিক শব্দৰ অৰ্থ।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/2/27/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B2%27%E0%A7%B0%E0%A6%BE%E0%A7%B0_%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%83%E0%A6%A4-%E0%A6%AD%E0%A7%82%E0%A6%97%E0%A7%8B%E0%A6%B2.djvu/page190-948px-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B2%27%E0%A7%B0%E0%A6%BE%E0%A7%B0_%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%83%E0%A6%A4-%E0%A6%AD%E0%A7%82%E0%A6%97%E0%A7%8B%E0%A6%B2.djvu.jpg)