পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৯
ভূ-ভাগৰ বাহ্যিক-গঠন আরু সন্নিবেশ।

আধিকৈ স্বভাৱ থকা আরু তৃতীয় এবিধৰ নাম কৰিব পাৰি। প্ৰথম বিধত আসাম দেশৰ সকলে পৰ্ব্বত বিলাক পৰে। দ্বিতীয় আরু তৃতীয় বিধত হিমালয় পৰ্ব্বত, এণ্ডিচ্‌ পৰ্ব্বত, আলপচ্‌ শ্ৰেণী প্ৰভৃতি ডাঙ্গৰ-ডাঙ্গৰ পৰ্ব্বত বিলাক পৰে। যথাৰ্থতে সকলো পৰ্ব্বত, পৰ্ব্বত কিয়! সমুদায় পৃথিবীৰ তল শিলাময়। দুই শ্ৰেণীৰ পৰ্ব্বতৰ মাজত প্ৰকৃত ভিন্ন এই যে এবিধৰ ওপৰৰ সহস্ৰ ফুট তৰপীয়া মাটি বিলাক, বায়ু আরু পানীৰ বলৰ দ্বাৰাই ক্ষয় পাই, এতিয়া সিহতৰ তলৰ জকা স্বরূপে টকলা শিল ওলাই আছে; আন বিধৰ মাটিৰ তৰপ বিলাক ক্ৰমে ক্ষয় হৈছে কিন্তু সম্‌পূৰ্ণ নাইকিয়া নাই হোৱা, এক সময়ত হব। প্ৰায় সকলে পৰ্ব্বত এফাললৈ হেলনীয়া আৰু আন ফাললৈ থিয়। পৰ্ব্বত বিলাক প্ৰায় অকল সৰীয়া হৈ নাথাকে; কেবা সাৰিও হৈ থাকে আরু মাজলৈ এসাৰিত কৈ এসাৰি ক্ৰমে ওখ। পৰ্ব্বতৰ সাৰি বিলাকৰ পৰা আকৌ শাখা পৰ্ব্বতৰ সাৰিও থাকে আরু দুই সাৰিৰ মাজত একোখন নৈ বা জুৰি বয়।

 পূব্বে কৈ অহা হৈছে বায়ুমণ্ডল ওপৰলৈ ক্ৰমে চেঁচা আরু নিৰক্ষ বৃত্তৰ ওপৰত চিৰ-নিহাৰ-সীমা সকলোতকৈ ওখ আরু তাৰ পৰা উত্তৰ-দক্ষিণলৈ ক্ৰমে নামি, মেরু বৃত্ত দুইৰ কাসৰত সাগৰে সৈতে মিলিছে। এই নিমিত্তে যি কোনো পৰ্ব্বত চিৰ- নিহাৰ-সীমাৰ ওপৰতকৈ ওখ হৈছে তেনে কোনো এটা পৰ্ব্বততে অক্ষাংশৰ পৰা মেরুলকে যি যি দেশ থাকে সেই সকলো দেশৰ প্ৰাকৃত-ধৰ্ম্ম অৰ্থাৎ হাৱা-পানী আরু উদ্ভিজ প্ৰাণী সকলো পোৱা যায়। হিমালয় পৰ্ব্বতৰ গোৰত ভাৰতবৰ্ষৰ মহা জহ অনুভৱ কৰিবলৈ পোৱা যায় আরু তাৰ উদ্ভিজ প্ৰাণীও ভাৰত বৰ্ষৰ বিলাকৰ নিচিনা। মাজ ভাগত ইউৰোপৰ গছ গছনি আরু জন্তু দেখিবলৈ পোৱা যায়; ওখ শিখৰ বিলাক চিৰ কাল তুষাৰেৰে আবৃত। সেই বিলাক ঠাই দেখিলে সুমেরুৰ বৰফাবৃত্ত প্ৰদেশ বিলাকলৈ মনত পৰে আরু

১০