পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
প্ৰাকৃত-ভূগোল।

সংশয় ছেদ হল। জনা গল যে ওপৰত লিখা মাটি আরু শিল-তৰপ সম্পূৰ্ণে সমুদ্ৰ দ্বাৰা প্ৰক্ষিপ্ত; আরু তাৰ প্ৰমাণ স্বরূপ মাটিৰ লগে লগে শামুক ইত্যাদি সামুদ্ৰিক জন্তুৰ শৰীৰৰ অৱশিষ্ট মিহলি হৈ থকা পোৱা যায়। যেতিয়া এই মাটি পতা হয়, উত্তৰ ইউৰোপৰ আরু উত্তৰ আশিয়াৰ সমুদায় চাপৰ ভূমি খিনি সমুদ্ৰৰ তলত আছিল। পূৰ্ব্বে উল্লেখ কৰি অহা পৰ্ব্বত বিলাকে ওপৰে ওলাই থাকি নিহাৰ-বাহু নমাইছিল আৰু বেফিনচ্‌-বেৰ বৰ্ত্তমান উটা বৰফ খণ্ড বিলাকৰ দৰে, তেতিয়াৰ দিনৰ উটা বৰফেও মাটি আরু শিল আনি ইংলণ্ড, মধ্য ইউৰোপ আরু উত্তৰ আশিয়াৰ সমথল বিলাকত সৰাই দিছিলহি। ভাৰতবৰ্ষৰো কোনো কোনো ঠাইত অনেক দত এনেকুৱা বল্ডাৰ শিলেৰে মিহলি বল্‌ডাৰ মাটি এতৰপ পোৱা গৈছে; ইংলণ্ডৰ বল্ডাৰ মাটিৰে সম্পূৰ্ণে মিলে। তাৰ মাজৰ কোনোটো হত শিলত, পথালি কঙ্কৰ বা ঘৃষ্ট প্ৰস্তৰত পোৱা মিহি লুৰি আৰু আঁক দেখা হয়। ইয়াতে অনুমান হয় অতি প্ৰাচীন কালত, ইউৰোপৰ বল্ডাৰ মাটি পতা কালত কৈ আগেয়ে, গ্ৰীষ্ম- প্ৰধান ভাৰতবৰ্ষতো উটা বৰফ ওলাইছিলহি।