পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৬
প্ৰাকৃত-ভূগোল।

ধোঁৱা, দ্ৰৱ প্ৰস্তৰ ইত্যাদি বস্তু বেগেৰে উঠে। কঁতো বা পৰ্ব্বত বহি যায় কঁতো বা নতুন পৰ্ব্বত উঠে। ইং ১৬০৭ সনত আসাম দেশত এনে এটা ভূমিকম্প হয়। কেবাটাও পৰ্ব্বত মাটিৰ তললৈ সোমাই গল। কোনোটো চিটা-চিটে ফাটিয়েই সাৰিল। সমথলত ঠাইয়ে ঠাইয়ে মাটি ফুটি বোকা আরু পানী উঠিছিল আরু কোনো ডোখৰ মানুহৰ সৈতে তললৈ গল।

  ভূমিকম্পৰ নানা পণ্ডিতে নানা কাৰণ দিয়ে। বোধ হয় এটাই কেই বিধো সত্য। ঠাইয়ে ঠাইয়ে তাৰ ভিতৰৰ এক বা একাধিক কাৰণৰ পৰা ভূমিকম্প হয়।

  (১) পৃথিবীৰ তপত অন্তৰত নানা বিধ প্ৰধানকৈ কাৰ্বলিক এচিড বাষ্প গোটখাই সৰহ হলে ওপৰলৈ ওলাবৰ নিমিত্তে পুরুষাৰ্থ কৰি, ওপৰৰ হেচা দি থকা স্তৰ কি তৰপ ফুটাই সেয়েদি ৰাষ্প আহোতে ভূমি কঁপাই আহে। অথবা ওপৰৰ পৰা পানী নিগঁৰি গৈ তলৰ তপত প্ৰস্তৰত পৰিলে ভাপ হয় আরু সেই তাপ ওপৰলৈ আহোতে ভূমিকম্প হয়।

  (২) কোনো ঠাহত মাটিৰ তলত চূণ-বীজ, ক্ষাৰ-বীজ মৃদ-বীজ ইত্যাদি কেত বিলাক ধাতু থাকে; তাত পানী লাগিলে জুই উঠে আরু তাতে ওচৰৰ মাটি খিনি দ্ৰৱ হয়; সেই দ্ৰৱ বস্তু বেগেৰে আছাৰ খাই যোৱাত ভূমিকম্প হয় আরু কেতিয়াবা মাটি ফুটি আগ্নেয়-গিৰি হয়ূ। লৌহ-চূৰ্ণ আরু গন্ধক দুইকো পানীৰে মিহলাই সানি মাটিত পুতি থলে অলপ বেলিৰ পাছত সেই মাটি খন কঁপিবলৈ ধৰে। এই ঘটনা দেখি কোনো কোনো ৰসায়ন বেত্তাই কয় যে গন্ধকেৰে মিহলি লোহৰ আকৰত পানী নিজৰি সোমাবলৈ পালে ভূমিকম্প হয়।

  (৩) কাৰো মতে আকাশ আরু পৃথিবীৰ তাড়িত পৰিমাণৰ সাম্য ভাৱ লৰিলে তাড়িত ভূমিৰ পৰা আকাশলৈ যাওঁতে পৃথিবীৰ