পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
প্ৰাকৃত-ভূগোল।

আহি তাৰ চাপৰ ভাগত ক্ৰমে গোট খায়; তলত এতৰপ আলটীয়া মাটি আছে বুলি, পৃথিবীৰ অন্তৰলৈ সোমাই নাযায়। অনেক বছৰ বৰষুণ পৰি এই আলটীয় মাটিৰ স্বাভাবিক থালিৰ মুখলকে পানীৰে পৰিপূৰ্ণ হয়। তৰল পদাৰ্থৰ যে সকলো ঠাইতে সমোচ্চ থকা নিয়ম আছে, সেই নিয়মৰ বশ হৈ ওপৰৰ দ্বিতীয় ধৰপ আলটীয়া মাটি নথকা হলে সম ৰেখাৰ সমানে হ্ৰদত যিদৰে থাকে সেই দৰে পানী গোট খাই এই উপত্যকাতো থাকিল হেতেন। কিন্তু ওপৰৰ তৰপ আলীয়া মাটি বুলি, তাক পানী ভেদ কৰি ওপৰলৈ উঠিব নোৱাৰে। তথাপি সেই তৰপৰ সকলো ভাগতে তাৰ পানীৰ পৰা এটা উৰ্দ্ধচাপ পৰে আৰু যদি কোনো উপাযে ওপৰৰ আলটীয়া তৰপৰ পৰা উপত্যকালকে এটা ফুটা হয় তেন্তে অৱশ্যে সেই ফুটায় দি পানী এথালিৰ ওপৰত তাৰ বুকত সোমৱা আন সুদা থালি এটা হেচা দি বহুৱাই লৈ, তাত ফুটা এটা দিলে পানী উঠাৰ দৰে ওপৰলৈ বেগেৰে সম ৰেখাৰ সমান ওখ হৈ উঠি আহিব। অনেক দেশত অতি দ নাদ খানোতে অৱশেষত এনে ঠাই ফুটাত বেগেৰে পানী আহি নাদ ভৰি পৰে; আরু কেতিয়াবা মাটিৰ পৰাও কেবা হাত ওখহৈ পানী উৎক্ষিপ্ত হয়। এই বিলাক নাদক অৰ্টিঠীয়া নাদ কয়; কাৰণ প্ৰথমে ফ্ৰাঞ্চ দেশৰ অৰ্টিঠীয়া প্ৰদেশত এই বিধ নাদ খনা হয়। সেই দৰে, মানুহে নখনাকৈ কোনোবা প্ৰকাৰে ভূমি-কম্পত যদি এটা ফাট হয়, তেন্তে সেয়ে দি পানী উঠি স্বাভাবিক উৎস বা ভূমুক হয়। আলটীয়া মাটিৰ থালিত যিমান ওপৰলকে পানী থাকে সিমান ওখহৈ উৎসৰ উৎক্ষেপণ হয়; ১৩শ চিত্ৰত যদি স ম ৰেখাই থালিৰ জল সীমা বুজায় তেনে হলে উৎসৰ উৎক্ষেপণ স ম ৰেখাৰ সমান ওখ হব। উপত্যকাৰ ওপৰ ভাগ যদি স ম ৰেখাৰ সমানে হয় তেন্তে উৎক্ষেপণ দেখা নাযায়; নাদৰ মুখত পানী উত্তলি থাকিব; স ম ৰেখাত কৈ চাপৰ হলে, যিমান