পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩
নদী, হ্ৰদ আরু উৎসব।

মরু হ্ৰদ উৎপন্ন হল। নতুনকৈ উৎপন্ন হোৱা সেই মরু হ্ৰদ ক্ৰমে শুকাই সাগৰৰ জল সীমাত কৈ চাপৰ আরু বেচি লোণীয়া হবলৈ ধৰিলে। এতিয়া তাৰ পানী সমুদ্ৰ জল-সীমাতকৈ ১,৩১২ ফুট চাপৰত আছে। কাস্পীয়ান আরু আৰাল হ্ৰদে পূৰ্ব্বে কৃষ্ণ সাগৰৰ সৈতে সংলগ্ন আছিল আরু মরু হ্ৰদৰ দৰেই তাৰ পৰা ভিন্ন হয়। ভিন্ন হবৰ পৰা দুই হ্ৰদলৈ নৈ বিলাকে অনা পানীত কৈ সিহতৰ পৰা বেচি বা কম পানী ভাপ ৰূপে আকাশলৈ উঠা অনুসৰি, এই দুই হ্ৰদৰ জলসীমা কৃষ্ণ সাগৰৰ জল সীমাত কৈ চাপৰ বা ওখ হৈছে। কৃষ্ণ সাগৰৰ জল সীমাতকৈ কাস্পীয়ান হ্ৰদৰ পানী ৩৩ ১/২ ফুট ওখ। হ্ৰদৰ ভিতৰত কাস্পীয়ান হ্ৰদ সকলোত কৈ ডাঙ্গৰ। দ্বিতীয় শ্ৰেণীৰ হ্ৰদৰ পৰা ওলোৱা নৈ শুখাইও এই বিধ হ্ৰদ উৎপন্ন হয়। লাখ প্ৰদেশেৰ পেঙ্গঙ হ্ৰদ এই দৰে হোৱাৰ সম্ভৱ। সিন্ধুনদীৰ বান সম্পৰ্কে কওঁতে, পৰ্ব্বতৰ শিখৰ খহি কোনো জুৰি বন্ধ হৈ এবিধ হ্ৰদ উৎপন্ন হয় বুলি পূৰ্বে কোৱা হৈছে। কোনোটো হ্ৰদ কাসৰৰ পৰ্বতৰ জুৰি এটাই মাটি আনি তাৰ প্ৰধান নদী ভেটা দিয়াতে উৎপন্ন হোৱা আছে। ৰাক্ষু প্ৰদেশৰ চাওমুৰাৰি নামে হ্ৰদ এই দৰে উৎপন্ন হয়। নতুবা পুৰণা কালৰ চিৰ-নিহাৰ-বাহু খনা পৰ্বতৰ গহ্বৰ পানীৰে ভৰিও হদ উৎপন্ন হয়। হিমালয় পৰ্ব্বতৰ হ্ৰদ বিলাক এই তিনি কোনো এটা উপায়ৰ দ্বাৰা উৎপন্ন হৈছে। কাৰো কাৰো মতে উত্তৰ আমেৰিকাৰ এটাই বিলাক হ্ৰদক, ফিন্‌লেণ্ড, আলপচ্ পৰ্বতৰ হ্ৰদ বিলাকক, স্কট্‌লেণ্ড, আয়ৰলেণ্ড আৰু কম্বৰলেণ্ড প্ৰভৃতিৰ হ্ৰদ বিলাককো আগৰ দিনৰ চিৰ-নিহাৰ বাহুএ এই দৰে উৎপন্ন কৰিছে।