এনে স্থলত পহুৰ পৰা যে উট হব পাৰে বা উটৰ পৰা পহু হব পাৰে নতু কোনো আন এবিধ উমৈহতীয়া-মূলক প্ৰাণীৰ পৰা দুইও উৎপন্ন হব এনে সম্ভব নহয়। আন কি কোনোয়ে সন্দেহ কৰে যে আফ্ৰিকাৰ নিগ্ৰ' মানুহ সুশ্ৰী ইৰাণী হতৰ পৰা হব পাৰে। সেই যি কি নহক আমাৰ বোধেৰে দুইও কথা সছা। কেত বিলাক জন্তু বিলগ দেশত বিলগকৈ স্ৰজা হৈছিল, তাৰ পৰাই আন ঠাইলৈ বাগৰি দেশৰ হাৱা- পানী অনুসৰি জাতি আরু উপজাতি হৈছে। এটাইতকৈ শেষত স্ৰজন হোৱা মানুহৰ হাতত পৰি আন আন প্ৰাণী বিলাকৰ সংস্থান অনেক লৰিল। কোনো ঠাইত কেত বিলাক প্ৰাণীৰ সংখ্যা কমি গৈছে; কোনো ঠাইত আন ৰকমৰ প্ৰাণীৰ সংখ্যা বৃদ্ধি হৈছে। মানুহ য'ল'কে গৈছে তাৰ লগত পোহনীয়া জন্তুও গৈছে। স্পেনিয়াৰ্ড হঁতেই প্ৰথমে আমেৰিকাত ঘোৰা উলিয়াই গৈ; পাছে তাত ঘোৰাৰ ইমান শ্ৰীবৃদ্ধি হল যে বৰ্তমান কালত অসংখ্য ঘোৰা বনৰীয়া অৱস্থাত থাকি পাম্পাচ আৰু দক্ষিণ আমেৰিকাত চৰি ফুৰিছে। সেই দৰে ঘৰচীয়া গরুও দক্ষিণ আমেৰিকাত মানুহে নিয়াত ওলাইছে। মানুহে নিনিয়াকৈ অথচ মানুহৰ লগতে গৈ, নিগনি, ইন্দুৰ, মাখি, পঞতাচোৰা আরু আন আন প্ৰাণী বিলাক ইউৰোপৰ পৰা গৈ আমেৰিকাত বাহ লৈছে। মাখি-মৌও ইউৰোপৰ পৰা গৈহে আমেৰিকাত বস্তি কৰিছে। মানুহৰ আগমনত যি বিলাক জাতি ক্ৰমে হ্ৰাস হৈ গৈছে তাৰ ভিতৰত ডড' নামে এবিধ চৰাই প্ৰধান। পূৰ্ব্বে আয়ৰ্লণ্ডত এবিধ ডাঙ্গৰ শৰ পহু আছিল; সিহতে লোপ পালে। বিলাতত পূৰ্ব্বে নেকেড়ীয়া বাঘ বা বৃক আছিল, এড্গাৰ ৰজাৰ দিনৰ পৰা হ্ৰাস হৈ এতিয়া দৰবলৈকো নাই। বৰ্তমান কালত মানুহৰ আক্ৰমণত বাইচন, বীবৰ, বাঘ প্ৰভৃতিৰ সংখ্যা কমি যাবলৈ ধৰিছে। মানুহৰ বাহিৰে আন কাৰণতো প্ৰাণীৰ ঠাই সলনী হব পাৰে। সাগৰৰ বনত অনেক মাচ আরু পোকে বাহ লয়; সোঁতত বন উটি দূৰ
পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৭৬
অৱয়ব