পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭
ভূ-ভাগৰ বাহ্যিক-গঠন আরু সন্নিবেশ।

সাৰি পাতি আছে। জটলণ্ড আরু য়ুকাটান সমস্থল পলশুৰা মাটিৰ।

 পৃথিবীৰ পৰ্ব্বত আরু ওখ ঠাই বিলাকৰ সন্নিবেশ দেখিলে এনে বোব হয় যেন স্থিৰ-সমুদ্ৰ আৰু ভাৰত সমুদ্ৰ বেঢ়ি ৰাখিবৰ নিমিত্তে স্বভাএ পৃথিবী যোৰাকৈ মাটি আরু শিলৰ এটা গৰ সাজি থৈছিল; কিন্তু কালক্ৰমে অনেক ঠাইত ভগত ওপৰ ভাগ অসমান হৈ আছে। যতে যতে তাগিছে মাত্ৰ সেই বিলাক বাটেদি এই দুই সমুদ্ৰৰ ফাললৈ থিয় আৰু বাহিৰলৈ অৰ্থাৎ আট্‌লাণ্টিক সমুদ্ৰ আৰু সুমেরু সমুদ্ৰ ফাললৈ ক্ৰমে হেলনীয়। ই হৰণ অন্তৰীপৰ পৰা আৰম্ভ হৈ পৰ্ব্বতাকাৰে আমেৰিকাৰ পশ্চিম কাসৰে গৈ এলিউটীয়ান দ্বীপ ব্যুহৰ ওপৰে আশিয়ালৈ পাৰ হৈছে। আরু তাৰ পৰা কামস্কটকাই দি আশিয়াৰ মাজে মাজে অধিত্যকা পৰ্ব্বত আদিৰ রূপ ধাৰণ কৰি আফগানিস্থান আরু পাৰস্যতে দুই শাখা হয়। এক শাখা আশিয়া মাইনৰে দি ইউৰোপলৈ যায়, আন শাখা আৰব অধিত্যকা আৰু মিশৰ দেশৰ পৰ্ব্বত স্বৰূপে আফিকালৈ পাৰ হয়; তাৰ পৰা আফিকাৰ পূবে- পূবে গৈ আবিচিনিয়াৰ আরু দক্ষিণ আফ্ৰিকাৰ অধিত্যকা বুলি প্ৰকাশ পাই, উত্তমাশা অন্তৰীপত অন্ত হৈছে।

 পৰ্বত বিলাক পৃথিবীৰ ৰাজ-হাৰৰ নিচিনা। সিহতৰ দিশৰ ওপৰতে দেশ বিলাকৰ দিশ নিৰ্ভৰ কৰে। ইউৰোপ আশিয়া পূবা- পশ্চিমা; এই নিমিত্তে তাৰ পৰ্ব্বত শ্ৰেণীৰ দণ্ডও পূবা পশ্চিমা। এই দণ্ডৰ নিচেই পশ্চিম অংশ পিৰেনিজ, তাৰ পূবে আল্‌পচ্‌, পৰ্ব্বত শ্ৰেণী, তদনন্তৰ কাৰ্পেথিয়ান ট্ৰেনচিলভেনিয়ান, আৰু বল্কান পৰ্ব্বত-শ্ৰেণী। তাৰ পাছত এই দণ্ডই কন্‌ষ্টেন্‌টিনোপলত সাগৰ পাৰ হৈ টচ আরু ককেচচ্‌ নাম লৈ আশিয়াত প্ৰথমে ওলায় তাৰ পৰা গৈ পাৰস্য আফগানিস্থানত চাপৰ হৈ পৰ্ব্বতীয়া ঠাই হৈছে। হিন্দুকুশ আরু হিমালয় পৰ্ব্বত শ্ৰেণী এই দণ্ডৰ সৰ্ব্ব প্ৰধান