পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪২
প্ৰাকৃত-ভুগোল।

লাহে লাহে আকাশলৈ উঠিবলৈ ধৰে আৰু ২০। ২৫ হাত ওখ হলে ফুটি বোকাবোৰ সৰি পৰে। গায়চৰ প্ৰভৃতি উষ্ণ উৎস বিলাক আগ্নেয়-গিৰিৰ এবিধ ধুম্ৰূল। তাত ধোঁৱা নোলাই মাত্ৰ পানীৰ ভাপ আরু পানী ওলায়।

  মেক্চি‌ক দেশত মালপে নামেৰে কপাহৰ, কুহিয়াৰৰ আরু নীলৰ ক্ষেতেৰে ভৰা, অনেক নদ নদীৰে সুশোভিত, এখন বহল সমথল আছিল। ই সৌন্দৰ্য্য আৰু উৰ্ব্বৰতাৰ কাৰণ প্ৰসিদ্ধ কিন্তু ইং ১৭৫৯ সনৰ জুন মাহৰ পৰা কেবা সপ্তাহ পৃথিবীৰ অন্তৰৰ পৰা অত্যন্ত ভয়ানক গৰ্জ্জন অহা শুনিবলৈ পোৱা গল আরু তাৰ লগতে ঘনে ঘনে ভয়ঙ্কৰ ভূমিকম্প হৈছিল। চেপ্টেম্বৰ মাহত ভূমি পুনৰ স্থিৰ হল; কিন্তু সেই মাহৰ ২৮ তাৰিখে ৰাত্ৰি প্ৰভাত নৌ- হওঁতেই পুনৰ ভয়ঙ্কৰ ধ্বনি বাৰে বাৰে কৰ্ণপাত হবলৈ ধৰিলে আরু মালপেঁৰ, ব্যাসে প্ৰায় তিনি চাৰি মাইল যোৰা এনে এভাগ ঠাই ১৭০০ ফুট ওখহৈ, ওপৰলৈ উঠিল আরু তাৰ মুৰৰ পৰা জুই ভাপ, ছাই, তপত ৰঙ্গা শিল প্ৰচণ্ড বেগেৰে উৎক্ষিপ্ত হবলৈ ধৰিলে। জুইৰ পোহৰত দেখা গৈছিল যে পূৰ্ব্বৰ টান মাটি সিহৰ দৰে উতলি- ছিল আরু ঠাইয়ে ঠাইয়ে কলডিলীয়া হাফঁলু বিলাক উঠি ধোঁৱা আৰু জুই নিক্ষেপ কৰিছিল। সেই বিলাক হাফঁলুৰ ভিতৰৰ এটা ৫০০ ফুট ওখ হৈছিল আরু সেইটো বৰ্ত্তমান কাললৈকে প্ৰজ্জ্বলিত আগ্নেয়-গিৰি বুলি খ্যাত আছে। ঠিক এই দৰে ১৫৩৮ সনত ইটা- লিৰ নেপলচ্‌ নগৰৰ কাসৰত এটা নতুন আগ্নেয়-গিৰি উৎপন্ন হয়; তাৰ নাম নৱগিৰি (মন্টনভ)। তাত দুবছৰৰ নিমিত্তে ঘনে ঘনে টান ভূমিকম্প হৈ সেই সনৰ ২৭ আৰু ২৮ চেপ্তেম্বৰত অহৰ্নিশে প্ৰায় ভূমিকম্প হৈছিল। শেষৰ দিনা সূৰ্য্য অস্ত হোৱাৰ অলপৰ পাছত সাগৰৰে আরু আবৰ্ণ হ্ৰদৰে মাজৰ সমথল ভাগ হঠাৎ উৎক্ষিপ্ত হল আরু ক্ৰমে ওখ হৈ শেষত তাৰ ওপৰত এটা বৰ দ গহ্বৰ