পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
প্ৰাকৃত-ভূগোল।

আৰম্ভ হৈ, দক্ষিণৰ বেনিয়া-পুকুৰলকে দীঘলে প্ৰায় ১৬ মাইল বাট, বহলে ঠাইয়ে ঠাইয়ে পোৱা মাইল, ইহাৰ ভিতৰত, ঘৰ, দুয়াৰ, গছ যি পালে সকলোকে গুৰিতে উভালি চূণ-স্যাৎ কৰিলে। ইয়াৰ বেগতে পৃনচেপ্‌ চাহাবৰ লোনৰ কুঠিৰ পৰা ২০ মোণতকৈ গধুৰ এনে ডাল দিয়ে লোহাৰ ডাঙ্গো উড়ি গল আরু এটা ইটাৰ ডাঙ্গৰ পিল্‌পা ভাগি দুই তিন শ হাতৰ অন্তৰত পৰিছিল। ” ওয়েষ্ট-ইণ্ডিজ দেশত যি ঘুৰ্ণী বাত প্ৰায় হৈ থাকে তাৰ নাম “হৰিকাণ” এই ঘূৰ্ণী বাতৰ পৰাক্ৰম আরু আশ্চৰ্য্য; লোকে কয় যে, যি পথে এই ঘুৰ্ণী বাত যায় তাত অট্টালিকা বা কাঠৰ ঘৰ থাকিলে সকলোকে ভাঙ্গি সমান কৰি ১০০ হাত মান বহল আৰু কেবা মাইল দীঘল এনে এটা বাট কৰি দিয়ে।