পানী ভাপ স্বরূপে ৰাখে; যেতিয়া তাৰ তাপ কম হয় কমকৈ অৰ্থাৎ সিমান কম তাপ পৰিমাণত পূৰ্ণসিক্ত হবলৈ যিমান লাগে সিমানকৈ ভাপ ৰাখে; বাকি খিনি কণিকারূপে পানী হয়। কিছুদিনৰ নিমিত্তে ঘৰৰ ভিতৰত এটা বাটিত পানী থৈ দিলে সেই পানী দিনে দিনে শুকাই যায়; কাৰণ পানী খিনি নেদেখা ভাপ হয়। ছাঁত তিতা কাপোৰ এখন মেলি দিলেও সেই দৰে তাৰ পানী খিনি ভাপ রূপলৈ পৰিবৰ্ত্তণ হোৱাত কাপোৰ শুকায়। যদি সেই পানীৰ পাত্ৰটো বা কাপোৰ খন ৰদত দিয়া হয় তেন্তে তাহাতৰ পৰা খৰকৈ ভাপ উঠিবলৈ ধৰাতে সোনকালে শুকায়। কাৰণ ৰদৰ তাপ পোৱাত বাযুৰ ভাপ ধৰিব পৰা ক্ষমতা বাঢ়ে। কিন্তু কেবা দিনো একে লেথাৰিকৈ বৰষুণ দিওতে ঘৰৰ ভিতৰত কাপোৰ মেলি থলে অথবা পানীৰ বাটি ৰাখিলে বায়ু আগৰে পূৰ্ণসিক্ত থকাত আরু সেই নিমিত্তে নতুনকৈ বেচি ভাপ ধৰিব পৰা ক্ষমতা প্ৰায় নথকাত সেই কাপোৰ বা পানী বাটি দুদিনেও নুশুকায়।
বায়ুত্ৰ যে তপত অৱস্থাত ৰাখিব পৰা এটাই খিনি ভাপ চেচা- হলে ৰাখিব নোৱাৰে, তাৰ প্ৰমাণ চাবলৈ পোনে-পোনে আসাত বহোৱা চেচা টৌ এটা লৈ মন কৰিলেও যথেষ্ট হয়। প্ৰথমতেই টৌৰ তলী খন সা দিলে যেনে বগা হয় তেনে বগা হয়। তাৰ পাছত তাৰ গাত টোপা-টোপা পানী হয়,সেইয়ে হলে আমালোকে টৌ ঘামে বুলি কওঁ। কিন্তু এক দুই মিনিটৰ পাছত আৰু টৌ নঘমা হয়। খেৰ খৰিৰ পৰা ওলোৱা ভাপ খিনিক জুইৰ সংসৰ্গত তপত হোৱা বায়ুএ নি চেচা টৌৰ গাত লগায়। কিন্তু টো পাই বায়ু নিজে অলপ চেচা হোৱাত পূৰ্ব্বৰ সমান ভাপ ধৰিব নোৱাৰি টোপা-পানীরূপে কিছুমান ভাপ টৌৰ গাত থৈ যায়। কিন্তু যেতিয়া অলপ সময়ৰ পাছত টৌও বায়ুৰ সমান তপত হয় ক্ৰমে টৌৰ গাৰ পানী খিনি লোপ পায় আরু বায়ুক চেচা কৰিব নোৱাৰি ভাপকে পানী কৰিবৰ