পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
বায়ু আরু তাৰ ওপৰত সূৰ্য্যৰ ক্ৰিয়া।

নোৱাৰা হয়। তলত দিয়া পৰীক্ষাত ইয়াৰ প্ৰমাণকে পোৱা যায়— এডোখৰ ডাঙ্গৰ বৰফ লবা আরু তাক ভাঙ্গি সরু-সরু কৰি পিতলৰ বা টিনৰ পাত্ৰ এটাত মুখলঁকে ভৰাবা, দেখিবা যেন কানত একণো বৰফ লাগি নাথাকে। পাত্ৰৰ বাহিৰ খন মছি, ছাঁ ঠাইত থবা। বৰফ থকা বাবে পাত্ৰ টো সোনকালে চেচা হব কিন্তু দুই এক মিনিটৰ নিমিত্তে পৰীক্ষা পতা ঠাই শুকান থাকিব; অলপৰ পাছত পাত্ৰৰ বাহিৰ খনৰ উজ্জলতা হ্ৰাস হৈ অলপ বগা হব আরু তাৰ ওপৰত আঙ্গুলি ফুৰাই চালে সেমেকা পোৱা যাব। আরু এফেৰা সময়ৰ পাছত পাত্ৰৰ গাই দি টোপাটোপে পানী বাগৰি যোৱা দেখিবলৈ পাবা। এই পানী পিতল বা টিন ফুটি নোলায়; কেবল ওচৰত থকা বায়ু চেচা পাত্ৰৰ গাত লাগি চেচা হোৱাত আগেয়ে ধৰা পৰিমাণে ভাপ ধৰিব নোৱাৰাত কিছু মান ভাপ পানীৰ রূপলৈ পৰিবৰ্ত্তন হয়। যদি পুনৰ এই পৰীক্ষা কৰা আরু বৰফৰ লগতে অলপ লোণ মিহলাই দিয়া তেন্তে পাত্ৰটো বেচি চেচা হব। এই বাৰ পানীৰ টোপাৰ সলনি বগা কঠিন গুৰি যেন এবিধ বস্তুএ কঁড়াল মাৰি থকা দেখা যাব। হঠাৎ বৰকৈ চেচা হলে ভাপো পানীৰূপ নৌপাওতেই কঠিনরূপ ধৰে।

  ওপৰত দিয়া কথাৰ পৰা পাঠক সকলে অলপ বুজ পাব পায় যে কুঙলি নিয়ৰ, মেঘ, বৰষুণ এই দৰেই উৎপন্ন হয়। বায়ুৰ সদাই কিছু পৰিমাণে পানীৰ ভাপ ধৰিব পৰা আৰু পানীৰ, যেনে জাৰ নহক সকলো সময়তে ভাপ হব পৰা ক্ষমতা থকা বাবে বায়ুমণ্ডলৰ সকলো প্ৰদেশতে অলপ নহয় অলপ ভাপ সদাসৰ্ব্বদা আছেই। পৃথিবীৰ ওচৰত, বায়ু-মণ্ডলৰ নাম প্ৰদেশত, ভাপেরে মিহলি হৈ থকা বায়ুৰ তাপ সূৰ্য্য অস্ত গলে কম হয়; সেই নিমিত্তে পূৰ্ব্বৰ সমান ভাপ ৰাখিব নোৱাৰাত তাৰে কিছুমান কণিকারূপে পানী হয়। আগেয়ে বাষ্প বুলি নেদেখা থাকে, পাছে কণিকা