পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৫
দেশভেদে উদ্ভিজ ভেদ।

ভাৰতবৰ্ষ আরু কঁচিনচীনা দেশতো পোৱা যায়। মেহগানি এবিধ অতি উত্তম কাঠ; তাক হণ্ডুৰাজ, কিউবা দ্বীপ আরু দক্ষিণ আমেৰিকাৰ গাইয়েনা এদেশত পোৱা যায়। কাক্‌ গছ যাৰ পৰা কাগ্‌ বা বটলৰ ঠিলা তৈয়াৰ হয় তাৰ জনম ঠাই স্পেন, ইটালী চাৰ্ডিনীয়া, দক্ষিণ ফ্ৰাঞ্চ আরু অলজিৰীয়া!

ৰাগীয়াল আরু
সুখজনক বস্তুৰ
গছ।
  এইবিলাকৰ ভিতৰত ধপাত বৰ বিখ্যাত। ইয়াক কলম্বচ্‌এ ১৪৯২ সনত কিউবা দ্বীপত দেখিবলৈ পায়। ইয়াৰ জনম ঠাই ওয়েষ্ট-ইণ্ডিজ ভাৰ্জিনীয়া, ভাৰতবৰ্ষ, ভাৰতীয় দ্বীপ শ্ৰেণী, মানিলা, উত্ত- মাশা অন্তৰীপ, পোৰ্টু গেল, তুৰস্ক, জৰ্ম্মানি আরু ৰুশিয়া প্ৰদেশ। আফুৰ জনম ঠাই আশিয়া আরু ইউৰোপৰ তপত দেশ বিলাক; লঙ্গ, ডাল চেনি, জয়-পত্ৰী প্ৰভৃতি বস্তু বিলাক লঙ্কা, ভাৰতীয় দ্বীপ আরু আমেৰিকাৰ তপত ঠাই বিলাকত উৎপন্ন হয়। আসাম দেশতো সদীয়াৰ ফালে বনৰীয়া ইলাচী আরু নগা পৰ্ব্বতত ডাল চিনিৰ গছ আছে।

  উদ্ভিজে বৃদ্ধিৰ নিমিত্তে যেনেকৈ হাৱাপানীৰ ওপৰত নিৰ্ভৰ কৰে, সেই দৰে দেশৰ হাৱা-পানীয়েও নিজ অৱস্থা পৰিবৰ্ত্তনৰ মিমিত্তে উদ্ভিজৰ ওপৰত নিৰ্ভৰ কৰে। উদ্ভিজৰ সিপাৰ দ্বাৰা তলৰ মাটি শকত হয়; সেই নিমিত্তে মাটিখিনি শীঘ্নে উটি যাব নোৱাৰে; মাটিৰ মাজত বৰষুণৰ পানী সোমই খাকি লাহে লাহে নিজৰি গৈ, নদীক যোগাই থাকিব পাৰে। সেই নিমিত্তে বান হবৰ কম সম্ভব। পাতত আরু মাটিত অধিক পানী জমা হৈ থকা বাবে বেচি পৰিমাণে ভাপ উঠি দেশ খন চেঁচাকৈ ৰাখে আরু সেই মিমিত্তে বৰ হাবি থকা দেশ বিলাকত বৰষুণৰ পৰিমাণ বেচি হয়। এই নিমিত্তে হাবিৰ গছ বিলাক থকা নথকাৰ পৰা দেশৰ তাপ লৰ হয়। হাবি গুচালে দেশৰ হাৱা-পানীৰ গঢ় লৰে। তাৰ পটন্তৰ