আছে, দেখিবলৈ লোহৰ তক্তা পাটৰ নিচিনা। ই অত্যন্ত প্ৰাচীন কালৰ আগ্নেয় গিৰিৰ পৰা ওলোৱা লাৱা কি লোৱাচুৰ।
আট্লাণ্টিক সমুদ্ৰৰ পৰা আৰম্ভ হৈ ইজিপ্ত, নিউবীয়া পৰ্য্য়ন্ত মকৰ-ক্ৰান্তিৰ তলে-তলে উত্তৰলৈ ৪০০/৫০০ মাইল, দক্ষিণলৈ ২০০/৩০০ মাইল যুৰি এক বিস্তীৰ্ণ সমথল আছে; সি সম্পূৰ্ণ মরু আরু শিলাময় বা বালিময়। পশ্চিম ভাগৰ নাম সাহাৰা মরু, পূব ভাগৰ নাম লিবিয়ান মরু। ব্ৰহ্মপুত্ৰৰ বালিৰ ওপৰে যি কেতি- য়াবা গৈছে তেওঁ এই মরু ঠাইৰ বিবৰণ অলপ বুজিৰ পাৰিব; এই মরুৰ ওপৰে উটৰ বিনা সহায়ে অহা যোয়া কৰা অসম্ভৱ। খোজৰ তলত বালি পিছলি যোৱাত আগ বঢ়া বৰ দুষ্কৰ। বতাহত বালি সদাই উড়িবই লাগিছে; কেতিয়াবা দূৰত বিচৰণ কৰা বালি-স্তম্ভ পৰি পোত যাওঁ, এইয়ে পথুকৰ মহা চিন্তা। বালি ভৰি দিব নোৱাৰা তপত; আৰু বাযুও তাৰ ওপৰত থকা বাবে, পাগহালিৰ মুখৰ বায়ুৰ নিচিনা গৰম। চাইমুম নামে তপত বতাহ যেতিয়া ইয়াৰ ওপৰে বয়, পথুকে উটৰ পিঠিত নিয়া চালৰ মোটত থকা পানীও কেতিয়াবা শুকাই নাইকিয়া হয়। এই বিলাক মরুভূমিত, যেতিয়া বালি প্ৰখৰ সূৰ্য্য-কিৰণত ভয়ানক তপত থাকে, বায়ু নিষ্কম্প হয়, পিয়াহত পথুকৰ ওঁঠ-কণ্ঠ জলে, তেতিয়া আরু আন এবিধ আপদে তেওঁ বিলাকক পায়। এক মাইল মান আতৰত বা দিগ- বলয়ৰ কাসৰত, শুকুলা সুন্দৰ ওখ ওখ অট্টালিকাৰে পৰিবেষ্টিত, নাৰিকল খাজুৰি গছ ইত্যাদিৰে পূৰ্ণ, নানা ফলে-ফুলে লম্বমান গছৰ উদ্যানেৰে সুশোভিত এখন সৰোবৰ দেখে। উদ্যান আরু অট্টালিকাৰ প্ৰতিবিম্ব দ্বাৰা সুশোভিত সেই সৰোবৰে তৃষ্ণাৰ্ত্ত পথুকৰ ফাললৈ গা-জুৰনী আৰু অমৃতময় কটাক্ষ নিৰীক্ষণ পঠাই দিএ; কেতিয়াবা সেই সৰোবৰে বতাহত হিল্লোল হৈ দূৰৰ পথুকক লৰা- লঁৰি কৰি আহি নিৰ্ম্মল পানীত অবগাহন কৰিবলৈ আরু পানী