পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
প্ৰাকৃত-ভূগোল।

ঘোদা পানী ওচৰৰ লোৰ এটাত গোট খাই সেইয়েদি বৈ যায়। যদি লোৰটো আওগড়ীয়া হয় তেনে হলে এটাই খিনি বোকা আরু বালি লৈ ওচৰৰ জান এটাত পৰিব আরু জানটোও তেনে আও- গড়ীয়া হলে নতুনকৈ আরু কিছু মন্ত বোকা তাৰ লগতে লৈ নৈ এখনত অন্ত হবগৈ। যদি বৰ আওগড়ীয়া নহয়, প্ৰায় সমান হে থাকে তেনে হলে কিছু মান বোকা আরু বালি ঠাইয়ে ঠাইয়ে ৰৈ যাব বাকি খিনি নৈত পৰিব। পাছৰ বৰষুণ এজাকে পূৰ্ব্বে ৰৈ যোৱা বোকা খিনিক ঠেলি কিছু নামত ৰাখিব; আরু এজাকে কিজানি একেবাৰে নৈতহে এৰিব। এই দৰে যদি নৈৰৰ বালি- খিনি উটি ভটীয়াই নগল হেতেন, পাৰৰ মাটি বালি বৰষুণ জাকে পতি ক্ষয়গৈ নৈত গোট খাই ক্ৰমে নৈ বাম হে আহিল হেতেন। কিন্তু আমাৰ পাঠকে বৰষুণ এৰাবৰ পাছত যদি নৈৰ পাৰলৈ গৈ চায়, দেখিব যে তাতত সেই দৰে পৰিবৰ্ত্তন হব লাগিছে। বৰং নৈত সেই কাৰ্য্য বাহুল্য রূপে ঘটিছে। ঘোদা পানীএ বেগেৰে বৈ বালি গৰা বা চট অলপ অলপ ভাঙ্গি নিছে কিন্তু অলপ ভাটিতে এটা টেকৰ পাছত যত পানীৰ সোঁত প্ৰায় নাথাকে তাত পানী শুকালে বা তেতিয়াই নামি চালে পোৱা যাব যে তাত পলশ নামেৰে বোকা আরু বালি কিছু মান গোট খাইছে। এই বোকা পূৰ্বে একে পাৰতে উজনিত দেখি অহা চট খহনিয়াৰ পৰা আহিছে। ইও কেতিয়াবা এসময়ত খহি ভাটীত ৰবগৈ। ব্ৰহ্মপুত্ৰ নদত চট পতা ভঙ্গা কাম দিনে ৰাতিয়ে হবই লাগিছে আরু আন আন সকলো নদীতে এই কাম হয়ে আছে। এই দৰে বামৰ মাটি আরু বৰষুণৰ পানী গোট খাই বাগৰি গৈ পৃথিবীৰ সকলোতকৈ চাপৰ ঠাই সমুদ্ৰত গোট খাইছে। সমুদ্ৰৰ ঢৌএ মাজলৈ চলাই নি তলীত বালি আরু বোকা খিনি সমানকৈ পাতিছে আৰু দিন দিন তলী ওখ হবলৈ ধৰিছে। পানীৰ লগত মাটি বালি যি যায় সকলো তাতে ৰয়, কিন্তু বিশুদ্ধ