পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
পানীৰ রূপ ভেদ

সমান বহল। বৃষ্টিমান যন্ত্ৰৰ নক্সা ১০ম প্ৰতিকৃতিত দিয়া হৈছে। * বৰষুণ দিবৰ সময়ত এইটী যন্ত্ৰ চোতালত বহুৱাই থলেই, কিমান বৰষুণ পৰিল, নলীৰ গাত দিয়া স্কেল চাই জানিব পাৰি। এই যন্ত্ৰত যিমান বৰষুণ পৰে অৱশ্যে সিমান বৰষুণ ওচৰৰ ঠাইতত পৰে। তাত যদি ৩ ইঞ্চি দেখুৱাই, জনা যাব যে সেই ঠাইত মাটিএ নুশুহিলে, নৈএ আঁতৰাই নিনিলে বা খাল পুখুৰিত গোট নেখালে ৩ ইঞ্চি দ বৰষুণৰ পানী সৰ্ব্বত্ৰে পোৱা যাব। তলত দিয়া সমাচাৰ পত্ৰিকাৰ পৰা কোন ঠাইত কিমান বৰষুণ হয় তাক জানিব পাৰি।

ঠাইৰ নাম বৰষুণৰ পৰিমাণ  ঠাইৰ নাম বৰষুণৰ পৰিমাণ
গোৱালপাড়া ৯৮  ইঞ্চি  গাৰো পৰ্ব্বত ১৩৪.২৩ ইঞ্চি
গুৱাহাটী ৭০.১২ {{{1}}}  চামগুটিং ৬৩.৬৩ {{{1}}}
তেজপুৰ ৭৬.৮২ {{{1}}}  শিলং ৮৫ {{{1}}}
নগাওঁ ৬৯.৫৯ {{{1}}}  চিৰাপুঞ্জি ৫৯২ {{{1}}}
শিৱসাগৰ ৯৪.১৬ {{{1}}}  কলিকাতা ৬৩{{{1}}}
লক্ষীপুৰ (ডিব্ৰুগড) ৯৯  {{{1}}}  বোম্বাই ৮০ {{{1}}}
মান্দ্ৰাজ ৪৮  {{{1}}}  হাভাণা ৯১.২ {{{1}}}
লণ্ডন ২৩  {{{1}}}  চেণ্ট্‌ডমিঙ্গো ১০৭.৬{{{1}}}

 কুঙলিও এবিধ মেঘ; দুইৰো মাজত প্ৰভেদ এই মাত্ৰ যে কুঙলি বায়ু-মণ্ডলৰ তল ভাগত, মাটিৰ ওচৰত, আরু মেঘ বায়ুমণ্ডলৰ ওপৰ ভাগত, আকাশত উৎপন্ন হয়। বায়ু-মণ্ডলৰ তলভাগ পূৰ্ণ- সিক্ত আরু চেঁচা, আৰু তলত মাটি জেকা আৰু তপত, থাকিলেই


 * বৃষ্টিমান যন্ত্ৰ আন দৰেও সাজিব পাৰি।