পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৃথিবীৰ আকৃতি পৰিমাণ ও সূৰ্য্যৰ সহিত সম্বন্ধ।

অনেক গুণে সরু, পাল দেখিবলৈ পোৱা যায়। আকৌ তোমা- লোকে জানা যে আজি কালি দূৰ্ব্বীন বা দূৰবীক্ষণ নামে এবিধ যন্ত্ৰ ওলাইছে; তাৰে বহুত দূৰৰ বস্তুকে ভালৰূপে দেখা যায়। তাৰ সহায় লৈয়ে বা সুদা চকুৰেই কেতিয়াও বহু দূৰত থকা চাপৰ ৰস্তু বিলাক দেখা নেযায়। গছ বা পাহাৰে আৰ কৰিব নোৱাৰা এনে ওখ ঠাইত উঠিও আসামৰ পৰা কলিকাতা নগৰ, বঙ্গ উপসাগৰ, গঙ্গা নদী, ইত্যাদি ঠাই বিলাক দেখিব নোৱাৰি। ইয়াৰ কাৰণ কি হব পাৰে? আন কাৰণ একো নাই; মাত্ৰ পৃথিবী খন ৰেবাব টেঙ্গাৰ নিচিনা ঘূৰণীয়া। এই কাৰণে যৰে তৰে পৰা ওপৰত কোৱা দৃশ্য দেখিবলৈ পোৱা যায়। তাৰ প্ৰমাণ প্ৰথম প্ৰতিকৃতিৰ পৰা বুজি লবা।

  ক প খ গোলাকাৰ পৃথিবীৰ ওপৰ ভাগৰ এক অংশ; ক খ দুখন জাহাজ অন্তৰত আছে। ক জাহাজৰ নাৱৰীয়াৰ ন ট দৃষ্টি ৰেখা, অৰ্থাৎ সেই ৰেখাইদি তাৰ দৃষ্টি যায়। পৃথিবীৰ কুজ বৰূপ প ঠাইৰ পানী আৰ কৰা বাবে সেই ৰেখাতকৈ তলত থকা প ঠাইৰ সিফালে কোনো বস্তু সেই নাৱৰীয়াই দেখিব নোৱাৰে। জাহাজ খনৰ নিচেই মূৰৰ পাল এখন মাত্ৰ এই ৰেখাৰ ওপৰে ওলাই