পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
পৃথিবীৰ আকৃতি পৰিমাণ ও সূৰ্য্যৰ সহিত সম্বন্ধ।

নোহোৱা ফালে থাকে এই নিমিত্তে এই কেমাহ সদাই তাত ৰাতি, দক্ষিণ মেরুত দিন।

  ওপৰত দিয়া কথাৰ পৰা দেখা গল যে কক্ষৰ প্ৰতি পৃথিবীৰ মেরুদণ্ডৰ অৱনতিএই দিন ৰাতি অসমান হোৱাৰ কাৰণ, সেই দৰে ৠতু পৰিবৰ্ত্তনৰো এইএ আদি কাৰণ। যেতিয়া পৃথিবী ২১ জুনৰ অৱস্থিতি পায় অৰ্থাৎ উত্তৰ মেরু যেতিয়া সূৰ্য্যৰ ফালে ঢাল লয়, তেতিয়া “আ” দেশত সূৰ্য্য প্ৰায় ওপৰতে হয়; কিন্তু ২১ ডিচেম্বৰৰ অৱস্থিতিপালে অৰ্থাৎ উত্তৰ মেরু সূৰ্যৰ পৰা আঁতৰিলে সূৰ্য্য আ দেশৰ শিৰোধিন্দু বা ব্ৰাহ্ম্যৰ পৰা অনেক দূৰত থাকে। এই হেতু উত্তৰ মেরু সূৰ্য্যৰ ফালে হালি থকা কেই দিনত অৰ্থাৎ ২১ মাৰ্চৰ পৰা ২১ চেপ্তেম্বৰলকে এই ছমাহ উত্তৰ গোলাৰ্দ্ধত জহ হয় আরু দক্ষিণ গোলাৰ্দ্ধত জাৰ হয়; আরু যি কালত উত্তৰ মেরু সূৰ্য্যৰ পৰা আঁতৰি থাকে অৰ্থাৎ ২১ চেপ্তেম্বৰৰ পৰা ২১ মাৰ্চলকে এই ছমাহ উত্তৰ গোলাৰ্দ্ধত জাৰ হয় আরু দক্ষিণ গোলাৰ্দ্ধত জহ হয়। এই কথাৰ প্ৰমাণ ৪ৰ্থ প্ৰতিকৃতিৰ পৰাও পাব পাৰি; ২১ জুনৰ অৱস্থিতিত ঘ চ, ম ৰ, এই দুই ৰেখাৰ মাজৰ মণ্ডল ২১ ডিচেম্বৰৰ অৱস্থিতিৰ ঘ চ, ম ৰ এই দুই ৰেখাৰ মাজৰ মণ্ডলৰ সৈতে সমান। কিন্তু প্ৰথম অৱস্থিতিৰ মণ্ডলৰ প কাঁড়ৰ পৰা ল কাঁড়লকে যিমানু কিৰণ পৰিছে সেই খিনি কিৰণ, ২১ ডিচেম্বৰৰ অৱস্থিতিৰ মণ্ডলত পৰা প আরু ল কাঁড়ৰ মাজৰ কিৰণখিনিতকৈ সৰহ। এই কাৰণে যিমান দিন পৃথিবী ২১ জুনৰ ভাৱত থাকে, ঘ চ ম ৰ মণ্ডলত জহ হয় আরু যেতিয়া ২১ ডিচেম্বৰৰ ভাৱ পায় তাত জাৰ হয়। জাৰ কালি দিন ছুটি আরু জহ কালি দিন দীঘল হৈও জহৰ তাৰতম্য বেচি; কাৰণ উত্তৰ


  * সূৰ্য্য মুৰৰ ওপৰলৈ আহিলে কিৰণ কিমান প্ৰখৰ বোধ হয় আরু নামত থাকিলে কিমান কম বোধ হয় ৰাতি-পুৱাৰ আরু দুপৰৰ সূৰ্য্যৰ পৰা গম পাব পাৰি।