পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪১
ভূমিকম্প আরু আগ্নেয়গিৰি।

  আগ্নেয়গিৰি কোনোটোহত সদাই জলি আছে। তেনে আগ্নেয়-গিৰি গহ্বৰৰ পৰা সদাই জুই নুঠিলেও তাৰ শিখৰত থকা ফুটা দুটা এটাই দি ধোঁৱা, গন্ধকৰ বাষ্প, পানীৰ ভাপ ইত্যাদি ওলাই থাকে। এই ফুটা বিলাকক ইংৰাজীত “ফিউমৰল” বোলে; আমালোকে ধুম্ৰুল নাম দিব পাৰোহক। এই বিধ আগ্নেয়-গিৰিৰ অগ্ন্যুৎপাত সময়ে সময়ে হৈ থাকে। অগ্ন্যুৎপাত নৌহওতে আগ্নেয় গিৰিৰ ওপৰলৈ উঠি গৈ গহ্বৰৰ পাৰত থিয় হৈ তাৰ তলিলৈ চাব পাৰি আরু নামিগৈ তলিখনো পৰীক্ষা কৰিব পাৰি। অগ্ন্যুৎপাত হবলৈ আৰম্ভ হলে প্ৰথমেই তলিখন খণ্ড খণ্ড হৈ ওপৰলৈ উৰি যায়। বঙ্গোসাগৰৰ মরু-দ্বীপৰ . আগ্নেয়-গিৰি, ভুমধ্যস্থ সাগৰৰ লিৱাৰি পুঞ্জৰ অন্তৰ্গত ষ্ট্ৰম-বলি আগ্নেয়-গিৰি আরু চেণ্ডুইচ পুঞ্জৰ কিলানীয়া দ্বীপৰ আগ্নেয়-গিৰি এই শ্ৰেণীৰ ভিতৰৰ। কোনোটো- হত আগ্নেয়গিৰি সদায় জলি নাথাকে অথচ মাজে মাজে ৬০। ৭০ বা ১০০। ১৫০ বছৰৰ অন্তৰত সিহঁতৰ অগ্ন্যুৎপাত হৈ সজীব থকাৰ প্ৰমান দিএ। এই বিলাক আগ্নেয়-গিৰি ওপৰৰ শ্ৰেণীতকৈ সঙ্কট- জনক। সম্পূৰ্ণ আগ্নেয়-গিৰিৰ নিচিনা অনেক পৰ্ব্বত আরু দ্বীপ দেখা গৈছে; যদিও নৈসৰ্গিক ক্ৰিয়াৰ বলত ক্ষয় পাই আকাৰ বিকৃত হৈ আছে, তেওঁ সেই বিলাক পূৰ্ব্ব কালৰ আগ্নেয়-গিৰি বুলি চিনা যায়, কিন্তু এতিয়া নুমাই আছে।

  আগ্নেয়গিৰি সদাই গিৰি নহয় অৰ্থাৎ দেখিবলৈ পৰ্ব্বতাকাৰ নহয়। আরু সকলো আগ্নেয়গিৰিৰ পৰা একোবিধ বস্তু নোলায়। কোনোটোৰ পৰা কেৱল বোকা বা তপত পানীয়েই ওলায়। জাৱা- দ্বীপত যি এটা আগ্নেয়গিৰি আছে তাৰ কথা অতি আশ্চৰ্য্য। এখন বহল পথাৰৰ মাজত থকা সি এটা গাত মাত্ৰ। তাৰ পৰা দঁমে দঁমে ধোঁৱা ওলাবলৈ ধৰে। তাৰ পাছত ভয়ঙ্কৰ গৰ্জ্জন শুনিবলৈ পোৱা যায়, অন্তত অৰ্দ্ধ গোলাকাৰ বোকাৰ বৰ ডাঙ্গৰ লারু বিলাক