পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৮
প্ৰাকৃত-ভূগোল।

সাগৰৰ পাৰে পাৰে থকা আফ্ৰিকার দেশ বিলাকৰ মানুহ এই বৰ্ণৰ ভিতৰত পৰে। এই বিলাক ঠাইৰ পৰা বসতি কৰা মানুহ যেনে কানাড়া, ইউনাইটেড্ষ্টে‌টৰ ইংৰাজ বিলাকো এই বৰ্ণৰ অন্তৰ্গত। এই বিলাক মানুহক কাকশ্যস বোলাৰ অৰ্থ এই যে প্ৰাচীন ইতিহাস বিলাকত কৈছে যে এই বিলাকৰ পূৰ্ব্ব-পুরুষ বিলাক কাকশাস পৰ্ব্বতৰ ওচৰত আছিল। এই পৰ্ব্বতৰ ওচৰৰ জৰ্জিয়া আরু চাৰ্কেচিয়া দেশৰ মানুহ বিলাক দেখিবলৈ বৰ গঁঢ়িত। এই বৰ্ণৰ সমান পৰা- ক্ৰমি, নিপুণ, বুদ্ধিমান আন কোনো বৰ্ণ নহয়। দৰ্শনশাস্ত্ৰ, শিল্প- বিদ্যা, জ্যোতিৰ্বিদ্যা, বিজ্ঞান, ধৰ্ম্ম, মধুৰ কবিতা, নানা ৰকমৰ কল সকলো এই বৰ্ণৰ মানুহৰ দ্বাৰায় আবিষ্কৃত হৈছে। ইহঁতৰ পৰাক্ৰ- মত আন আন বৰ্ণৰ মানুহৰ অনেক হানি হৈছে।

  ২। মোগল বৰ্ণ। ইহঁতৰ কপালৰ হাৰ বৰকৈ ওলোৱাত ৰমু দেখিবলৈ চাৰি-চুকীয়া, চকু সরু আৰু ওলোৱা, নাক সোমোৱা আরু চেপেটা, ওঠ বৰ ডাঠ, আৰু বৰণ হালধীয়া, চুলি দীঘল, পোন, কিন্তু গোঁফ বা দাৰি নাই, বা নিচেই তাকৰ। কাকশ্যস বৰ্ণৰ মানুহ থকা খণ্ড এৰি আরু মালয় উপদ্বীপ এৰি আশিয়া আরু ইউৰোপৰ বাকি ভাগত থকা মানুহ বিলাক, আরু সুমেরু-বৃত্তৰ কাসৰৰ আমেৰিকা খণ্ডত থকা আরু গ্ৰীনলেণ্ডত থকা মানুহ বিলাক এই বৰ্ণৰ অন্তৰ্গত। মৌগল, চীন, জাপানী, মান, আহোম. খামতি, ভুটীয়া, নগা, লেপহঁত ফিনহঁত এই বৰ্ণৰ ভিতৰৰ মানুহ। সূৰ্য্যৰ তাপৰ বিভিন্নতা লৈ ইহঁতৰো বৰণ লৰে। বুদ্ধিত আরু নীতিজ্ঞতা বিষয়ত কাকশ্যসহততকৈ পাছ; আন আন বৰ্ণত কৈ আগ কিন্তু শিল্প-নিপুণতা বিষয়ে কাকশ্যস হঁততকৈ ও আগ যেন বোধে ধৰে। ৰণত কেবা বাৰো কাকশ্যস হঁতক পাছ পেলাইছে। ইহঁতৰ ভিতৰৰ প্ৰধান ৰজা আটিলা; জঙ্গিচ খাঁ, তিমুৰ শাহ প্ৰভৃতিএ কেবা বাৰো ইউৰোপৰ কিছু মান আরু আশিয়াৰ বহুত দেশ জয় কৰিছিল, কিন্তু