হয়; তাৰ পৰা ঢিলায়। সন্ধ্যাভাগলৈ পৃথিবীএ বিকিৰণৰ দ্বাৰা শূন্যলৈ তাপ বিক্ষিপ্ত কৰাত পাৰৰ বায়ু সাগৰৰ ওপৰৰ বায়ুৰ সমান চেচা হলে ঘণ্টা দিয়েকৰ নিমিত্তে নিৰ্ব্বাত হয়। ৰাতি হলে পুনৰ বায়ুৰ দ্বাৰা উদ্ঘাটন হয় ক্ৰমে পাৰৰ পৰা সাগৰলৈ বায়ু বৈ যায়। কোনো কোনো ঠাইত সাগৰৰ বা সাগৰৰ পৰা ৬০ মাইল ভিতৰলকে আহে।
সাগৰৰ কাষৰত যেনে সাগৰৰ বা আছে অন্তৰ প্ৰদেশ বিলাকত আরু পৰ্ব্বত উপত্যকাৰ মাজতো পৰ্ব্বতৰ পৰা অহা আৰু পৰ্ব্বতলৈ যোৱা বা আছে। এই বিধ বতাহ আসামৰ নিচিনা ডাঙ্গৰ বা সরু সকলো উপত্যকাত পোৱা যায়। দিনত মাটিৰ লগে-লগে মাটিৰ ওচৰত থকা বায়ু খিনি সৰ্ব্বপ্ৰথমে তপত হয়। সেই দৰে ৰাতি সি সৰ্ব্ব প্ৰথমে চেচা হয়। এই হেতু দিনত পৰ্ব্বতৰ গাত যি বায়ু লাগি থাকে সেই বায়ু তাৰ সাৰিতে সমানে ওখ উপত্যকাৰ বায়তকৈ তপত আৰু সেই বুলি পাতল হয়। সেই কাৰণে উপত্যকাৰ পৰা পৰ্ব্বতৰ ফাললৈ আরু তাৰ গায়দি ওপৰলৈ বায়ুৰ সোঁত বয় কিন্তু ৰাতি উপত্যকাৰ বাযুতকৈ তাৰ সমানে ওখ ঠাইত থকা পৰ্ব্বতৰ ওপৰৰ বায়ু চেচা আরু গধুৰ হয়। এই নিমিত্তে ৰাতি উপত্যকালৈ চেচা বায়ুৰ এটা সোঁত পৰ্ব্বতৰ গায়দি বৈ আহি উপত্যকাৰ নাম ভাগত গোট খায় আরু তাত থকা পূৰ্ব্বৰ তপত বায়ু এই চেচা বায়ুৰ সৈতে মিহলি হৈ নিজে চেচা হোৱাত পূৰ্ব্বৰ সমান তাপ অদৃষ্ট কৰি ৰাখিব নোৱাৰা হয়। ভাপ খিনি দৃষ্ট কণিকা পানী হৈ ঘন কুঙলি রূপে গোটেই উপত্যকাক আবৰি থয়। পৰ্ব্বতীয়া ঠাইত যি ফুৰিছে তেওঁ মন কৰিলে দেখিব পাৰে যে নিচেই ৰাতি পুৱা পৰ্ব্বতৰ ওপৰৰ পৰা চালে গোটেই খন উপত্যকা নেদেখা থাকে; বোধ হয় যেন পৰ্ব্বতটি শুকুলা সমুদ্ৰৰ মাজত এটি দ্বীপ। কিন্তু সূৰ্য্যোদয়ৰ পাছত উপত্যকাৰ কুঙলি খণ্ড খণ্ড হৈ পৰ্ব্বতৰ