পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৯
দেশভেদে উদ্ভিজ ভেদ।

আরু সুগন্ধি ফুল থকা ডাঙ্গৰ গছ বিলাক আছে; পুৰাতন পৃথ্বীৰ ভাগত তামোল গছ, খেজুৰ গছ-গম এঠাৰ গছ, বাঁহ প্ৰভৃতি আছে।

  (৪) নিত্য সবুজ গছৰ মণ্ডল; ৩৪° অক্ষাংশৰ পৰা ৪৫° অক্ষাংশ- লঁকে। ইয়াত ওক-গছ, কাক্‌-গছ, ডালিম, লতা-পনিয়ল, অলিন্দৰ ফাৰ প্ৰভৃতি আছে।

  (৫) ইউৰোপীয় গছৰ মণ্ডল; ৪৫° অক্ষাংশৰ পৰা ৫৮ অক্ষাংশ- লঁকে। এই মণ্ডলত দেবদারু গছ, নানা বিধৰ ঝাৰ-লঠা গছ আছে, চেচনট, ওক, বিচ, এলম প্ৰভৃতি গছ বিলাক ইয়াত আছে।

  (৬) দেবদারু গছৰ মণ্ডল; ৫৮° অক্ষাংশৰ পৰা সুমেরু বৃত্ত পৰ্য্যন্ত; এই মণ্ডলত ঝাৰ-লঠা গছ, দেবদারু জাতীয় গছ, বৰ্চ, এস্পেন গছৰ ডাঠ হাবি আছে। দ জেকা ঠাইত উইল, এলডৰ থাকে আরু ওখ পৰ্ব্বতীয়া মাটিত ৰিণ-মৃগৰ-লাইকেন নামে আরু এবিধ শেলাই আছে।

  (৭) ঢ়ঁ ডঁডেণ্ড্ৰন বনৰ মণ্ডল; সুমেরু বৃত্তৰ পৰা ৭২° অক্ষাংশলকে। এই মণ্ডলত ঢ়ঁ ডঁডেণ্ড্ৰন বন, শেলাই, লাইকেন, উইলঁফাৰ ইত্যাদি পোৱা যায়।

  (৮) আল্প‌চ পাৰ্ব্বতীয় ধন আরু ৰঙ্গা অলজিৰ, মণ্ডল; ৭২° অক্ষাংশৰ পৰা সুমেরু পৰ্য্যন্ত। এই খণ্ডত বাৰও মাহ বৰফ থাকে; ইয়াত উদ্ভিজ কি প্ৰাণী প্ৰায় নাই; বৰফৰ ওপৰত অঁত তঁত অলজি নামে ৰঙ্গা শেলাই গজা দেখি। দক্ষিণ গোলাৰ্দ্ধকো এই দৰে উদ্ভিজ-মণ্ডলৰ খণ্ড খণ্ড কৰিব পাৰি। তাৰ উদ্ভিজ বিলাকো উত্তৰ গোলাৰ্দ্ধৰ সৈতে অনেক মিলিব।

  পূৰ্ব্বে যি যি মণ্ডলৰ লেখ দিয়া হল, সেই বিলাক মণ্ডল উদ্ভিজৰ জাতৰ সম্পৰ্কে ভাগ কৰা অৰ্থাৎ কোন জাতি উদ্ভিজ কোন ঠাইত পোৱা যায়, তাক দেখুৱাবৰ নিমিত্তে তেনেকৈ বিভাগ কৰা হৈছে। কিন্তু সমুদায় উদ্ভিজ-বৰ্গ সম্পৰ্কে আন এক নক্সাৰে পৃথিবী পৃষ্ঠক