পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৭
ভূ ভাগৰ বাহ্যিক গঠন আরু সন্নিবেশ।

কালতো, সদা সৰ্ব্বদা ভূমিৰ অধঃপতন আরু উৰ্দ্ধক্ষেপণ হবই লাগিছে। উৰ্দ্ধক্ষেপণৰ প্ৰমাণ স্বরূপ পাৰত সমুদ্ৰৰ পৰা কেবা হাতৰ ওপৰতো সামুদ্ৰিক জন্তুৰ হাৰ আদি বস্তু দেখিবলৈ পোৱা যায়। ভাৰত বৰ্ষৰ সমুদায় পূবৰ পাৰটোত সাগৰৰ কোটাল জোৱাৰ জল- সীমাৰ পৰা ২০। ১৫ হাত ওখত, আজি কালি সাগৰৰ জুঙলিত পোৱা শামুকৰ নিচিনা এবিধ শামুকেৰে মিহলি মাটি পোৱা গৈছে। অৱশ্যে আগৰ কালত এই বিলাক শামুক সাগৰৰ জুঙলিত আছিল। লঙ্কা দ্বীপৰ উত্তৰ ভাগ, ত্ৰিভাঙ্কুৰৰ পাৰটোৰ কিছু অংশ শঙ্খ শামুক বিশিষ্ট শিলাময় স্তৰৰ; এই স্তৰ তাৰ ওচৰত থকা সাগৰৰ ভিতৰৰ পোৱাল পোক বিলাকে পতা স্তৰৰ সৈতে সম্পূৰ্ণ মিলে। কাতি- ওয়াৰতো সাগৰৰ পৰা কেবা হাতৰ ওপৰত শঙ্খৰে মিহলি মাটি পোৱা গৈছিল। এই বিলাক ঘটনা মানুহৰ কালতে হৈছে। হঠাৎ সমুদ্ৰৰ পৰা ভূমি ভাগ ২০। ১৫ হাত উঠা হেতেন তাৰ কোনো ইতিবৃত্ত থাকিল হেতেন। মানুহে গম নোপোৱাকৈ সমুদ্ৰৰ পৰা ভূমি ইমান ওপৰ উঠিল, এই নিমিত্তেহে তেনে ইতিবৃত্ত নাই। দক্ষিণ আমেৰিকাত উৰ্দ্ধক্ষেপণ ক্ৰিয়া অত্যন্ত বাহুল্য রূপে হৈছে। সমুদায় পেটেগণীয়া, চিলি, লাপ্লাটা সমুদ্ৰৰ পৰা ক্ৰমে উঠিছে। লীমা নগৰত সমুদ্ৰৰ পৰা ২৭ হাত ওখত শঙ্খ শামুকেৰে মিহলি মাটি এতৰপত পোত গৈ থকা, গুঠি ৰখা অলপ মুঠা, পচা কপাহি জৰি, আৰু ধানৰ আগ পোৱা গৈছিল। তাৰ পৰাই জনা যায়। এই ভাগ ভূমি, গম নোপোৱাকৈ, মানুহে ওচৰত বাস লবলৈ ধৰা কালৰ পৰা এতিয়ালকে ইমান ওপৰ উঠিছে। সেই দৰে উত্তৰ ইউ- ৰোপত ক্ৰমাৎ উৰ্দ্ধ-ক্ষেপণৰ প্ৰমাণ পোৱা যায়। স্যৰ, স্যি, লায়েল চাহাবে উডিৱেলত সমুদ্ৰৰ পৰা ৬৬ হাত ওখত আজি কালি সাগৰৰ জুলিৰ শিলত লাগি থকা শামুকৰ শ্ৰেণীৰ গোটা দিয়েক শুকান শামুক দেখা পাই। ইং ১৮২০ সনত ষ্টকহলমৰ উত্তৰত থকা গোটা