পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৭৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৬
প্ৰাকৃত-ভুগোল।

  পাঠকে মন কৰিলে দেখিব পাৰে যে বৰষুণ-বাদল নোহোৱা দিনত, যেতিয়া আকাশ প্ৰায় পৰিষ্কাৰ থাকে, দুপৰীয়া ৰদত মেঘ বিলাক ক্ৰমে পানী যোৱাদি নাই কিয়া হৈ, চাৰি বজামানলকে আকাশে সম্পূৰ্ণ নিৰ্ম্মল আৰু নীল বৰনীয়া বেশ লয়। তাৰ পাছত বিনা বতাহত চাই থাকোতেই ক্ৰমে ঠাইয়ে ঠাইয়ে শুকুলা হয়, ৰাতি হলে আকৌ সম্পূৰ্ণে পৰিষ্কাৰ আকাশ দেখি। কোন সময়ত মেঘে কি অৱস্থা পায়, আরু সৰ্ব্বদা চঞ্চল প্ৰকৃতি বায়ুৰ কোবত কোন আকৃতিৰ হয় তাৰ এটি নিয়ম উলীয়াবলৈ যত্ন কৰা বৃথা। মেঘৰ স্থান, আকৃতি বা অৱস্থা পৰিবৰ্ত্তন যে অনায়াসে হব পাৰে, তাক বুঝি বলৈ মাত্ৰ জানিব লাগে; বায়ুমণ্ডলত মেঘ বা ভাপ সদা সৰ্ব্বদা সকলে অংশতে কমকৈ বা সৰহকৈ মিহলি হৈ আছেই; কেৱল কেতিয়াবা কোনো বিশেষ কাৰণত দেখা পোৱা হয় আৰু কেতিয়াবা নেদেখা হয়; দেখা হলে মেঘ বোলোহক; নেদেখা হলে ভাপ নাম দিওঁহক। তলত দিয়া তিনটাই মেঘ উৎপত্তি বা ভাপ দৃষ্টিগোচৰ হোৱাৰ প্ৰধান কাৰণ :-

  ১। তলৰ পৰা আপেক্ষিক তপত বায়ু, সমুদ্ৰ, নদী, মাটি, পাতি ইত্যাদিৰ পৰা উঠা ভাপেৰে প্ৰায় পূৰ্ণ-সিক্ত হৈ, ওপৰলৈ গৈ চেঁচা প্ৰদেশ পালে মেঘ হয়।

  ২। বেগেৰে বায়ু তলৰ পৰা ওপৰলৈ উঠি গলে ওপৰত লঘু চাপ পোৱা মাত্ৰ স্ফীত হয় আরু আয়তন বঢ়াত চেঁচা হৈ পূৰ্ব্বৰ সমান ভাপ ৰাখিব নোৱাৰাত কিছুমান পানী-কণিকা বা মেঘ হয়।

  ৩। তপত বায়ুৰ সোঁত আরু চেঁচা বায়ুৰ সোঁত মিহলি হলেও মেঘ হয়। কাৰণ উপলব্ধ মিশ্ৰ বায়ুৰ তাপ দুইৰো গড়।

  মেঘ বিলাকৰ আকৃতি অনুসৰি হাৱাৰ্ড চাহাবে প্ৰধান কৈ চাৰি বিধ কৰে; সংস্কৃতত সেই কেবিধৰ নাম অলক, স্তুপ, স্তৰ আরু বৰ্ষপ্ৰদ। বৰ্ষপ্ৰদ মেঘক অসমীয়াত ডাৱৰ বোলে। যাক অলক