শ্ৰয়ৰ এটিৰ ওপৰত আছে। সূৰ্য্য, গৰিষ্ঠ ব্যাসক ১৭ ভাগ কৰি ইফালে ৮ ভাগ আরু সিফালে, ৯ ভাগ এৰি দুইৰৰ মাজতে অৱস্থিতি কৰে। এই হেতু পৃথিবী এসময়ত সূৰ্য্যৰ ওচৰ হয় আরু ছমাহৰ পাছত আন সকলো দিনতকৈ আঁতৰ হয়। প্ৰথম স্থলত পৃথিবী সূৰ্য্যৰ পৰা প্ৰায় ৮ কোটি মাইল আরু শেষৰ স্থলত ৯ কোটি মাইলৰ দূৰত থাকে।
তাপ যিবস্তুৰ পৰা পোৱা যায় অথবা যিবস্তু তাপৰ আকৰ সেই বস্তুৰ পৰা দূৰত থকা বস্তুতকৈ ওচৰত থকা বস্তুএ তাপ অধিক পায় বুলি সকলো জানে। সেই কাৰণে পৃথিবীএ প্ৰথম স্থলত অধিক আৰ শেষৰ সুলত কম তাপ পাব পায়; কিন্তু বৰ্তমান অৱস্থাত জাৰকালি পৃথিবী সূৰ্য্যৰ ওচৰ হয়, জহ কালি আতৰ হয়; জাৰ জহ হোৱাৰ আন কাৰণো আছে।
এইরূপ বৃত্তাভাস-কমেদি পৃথিবএ নাটুমৰ নিচিনাকৈ ঘুৰি ঘুৰি ৩৬৫ দিন ৬ঘণ্টা ৯ মিনিটত সূৰ্য্যক এবাৰ প্ৰদক্ষিণ কৰে। যি মেৰুদণ্ডক মাজত ৰৈ পৃথিবী ঘুৰে সি পৃথিবীৰ কক্ষ স্থলৰ প্ৰতি লম্ব নহয় কিন্তু কক্ষ-স্থলৰ সৈতে ৬৬° - ৩২১/২; কোন কৰি তালৈ হেলনীয়া হৈ পৰিভ্ৰমণ কৰিছে। যদি এটি লাটুম কলডিলীযা নহৈ প্ৰায় বৰ্ত্তলাকাৰ হয়, যি হলক আধাৰ কৰি ঘূৰে তাত তাৰ অৰ্দ্ধেক খিনি সোমায়, আৰু তাৰ শলখা সেই স্থলৰ প্ৰতি থিয় নহৈ চিৰকাল একেফাললৈ হেলনীয়া হৈ এটি বৃত্তাভাস সাজে তেনে হলে সেই লাটুমে, তাৰ গতিৰে, আরু তাৰ দ্বাৰায় টানা বৃত্তাভাসৰ এটি অধিশ্ৰয়ে, পৃথিবী পৃথিবীৰ গতি আৰু সূৰ্য্য বুজাব পাৰে। ইয়াত যদি পাঠকৰ মনেৰে সূৰ্য্য আৰু পৃথিবী দুইয়ো পৰস্পৰৰ সম্বন্ধে কেনে ভাৱত আছে এই বিষয় পৰিষ্কাৰ হোৱা নাই তেন্তে পাছত দিয়া তিনটা প্ৰতিকৃতিৰ পৰা সকলো সংশয় ছেদ হব এনে আশা কৰো। এই কিতাপলৈ চোৱাৰ দৰে ওপৰৰ পৰা পৃথিবীৰ কক্ষ