পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮
প্ৰাকৃত-ভূগোল।

 ভাৰতবৰ্ষৰ দাক্ষিণাত্য ভাগ অধিত্যকাৰ ভিতৰত গণ্য। এই অধিত্যকা আরু হিমালয় পৰ্ব্বত দুইৰো মাজত এক বিস্তীৰ্ণ সমথল আছে, কিন্তু পূৰ্ব্বে উল্লেখ কৰি অহা বিলাকৰ মানত ই নিতান্ত সামান্য ইয়াৰ পশ্চিম ভাগ অৰ্থাৎ ৰাজপুতনাৰে সিন্ধু দেশৰে মাজৰ ভাগ বালিময় মরু। সহাৰা মরুৰ ই জানিবা এটি সরু আদৰ্শ। ইয়াতো মৰী চিকাই পায়। এই সমথলক তিনি খণ্ড কৰিব পাৰি যেনে:- সৈন্ধবৰ জলসত্ৰ, গাঙ্গেয়-জলসত্ৰ আরু ব্ৰহ্মপুত্ৰৰ জলসত্ৰ। প্ৰতি খণ্ডেই তাৰ প্ৰধান নদীৰ ফাললৈ ক্ৰমে হেলনীয়া; গাঙ্গেয় আরু সৈন্ধব জলসত্ৰৰ মাজৰ জলকৰ ভূমি স্পষ্টরূপে প্ৰতীতি হয়; তাৰ এভাগ আৰোৱেলী পৰ্ব্বতৰ ওপৰেদি গৈছে। কিন্তু গাঙ্গেয় জল-সত্ৰৰে আরু ব্ৰহ্মপুত্ৰৰ জলসত্ৰৰে মাজৰ জলকৰ ভূমি এইরূপে অস্পষ্ট যে মানুহৰ স্মৰণৰ ভিতৰত তিস্তা নদীএ যেন কোন ফালে বঁব স্থিৰ কৰিব নোৱাৰি এবাৰ গঙ্গা নদীলৈ এবাৰ ব্ৰহ্মপুত্ৰলৈ বয়। সাগ- ৰৰ পাৰত পূৰ্ব্বঘাটৰ আরু পশ্চিম ঘাটৰ কাসৰে কাসৰে দক্ষিণাত্য অধিত্যকাৰ দুই দাঁতিয়ে দুখন ঠেক সমস্থলৰ ওপৰতে কৰ্ণাটিক, চৰ্কাৰ আরু উৰিষ্যা প্ৰদেশ আছে; পশ্চিম সমথলৰ ওপৰত ত্ৰিভা- ঙ্কুৰ মালাৱাৰ, কানাৰা আরু কঙ্কন প্ৰদেশ অৱস্থিতি কৰে।

 ব্ৰহ্মপুত্ৰ জল-সত্ৰৰ উজনি খণ্ডত আসাম প্ৰদেশ পৰে। ই সামান্য পাৰ্ব্বতিয়া উপত্যকা নহয়; ই পৰ্ব্বত বেষ্টিত এক বিস্তীৰ্ণ সমথল। কিন্তু দুফালে দুসাৰি পৰ্ব্বত আছে বুলি ইয়াক উপত্যকা কয়। ইয়াক দেখিবলৈ গাঙ্গেয় সমথলৰ এক অংশ যেন। বঙ্গ, বেহাৰ দেশৰ পৰা আসাম দেশলৈ বামে আহিলে ভিন্ন দেশত সোমোৱা যেন নালাগে, কেৱল তাৰ কাসৰত থকা দুশাৰি পৰ্ব্বতৰ প্ৰথম ভাগ দূৰতে দৃষ্টিত পৰে। ৰাজ কাৰ্য্য়তে মানুহে কল্পিত সীমা কৰি মানা- সাকে নতু কেতিয়াবা কৰতোয়া নদীকে পশ্চিম সীমা বুলি গ্ৰাহ্য় কৰে। এই দেশৰ উত্তৰে ভোট, ডফলা, আবৰ জাতি বাস কৰা