পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গ্ৰন্থৰ জোৰণ

  পৃথিবী-প্ৰকৃতিৰ সৰ্ব্ব প্ৰধান কাৰণ সূৰ্য্য, আৰু সূৰ্য্যৰ সম্পৰ্কে পৃথিবীৰ অৱস্থিতি, পৃথিবীৰ আকৃতি, বায়ু, পানী, পৃথিবী-গৰ্ব্ভস্থ অগ্নি, এই বিলাকে পৃথিবী-পৃষ্ঠৰ বৰ্তমান অৱস্থা হোৱাৰ দ্বিতীয় কাৰণ। এই নিমিত্তে কি দৰেনো এই বিলাক কাৰণ গোট খাই পৃথিবী-পৃষ্ঠৰ বৰ্ত্তমাণ ৰূপ উপস্থিত কৰিছে তাক ভাগে ভাগে এই পুথিতে দেখুৱা হব। প্ৰথম প্ৰকৰণত পৃথিবীৰ আকৃতি,পৰিমাণ আরু সূৰ্য্যৰ সৈতে কি ভাৱে অৱস্থিতি কৰে; দ্বিতীয় প্ৰকৰণত বায়ুৰ কথা আৰু তাৰ ওপৰত সূৰ্য্যৰ তাপে কি কৰে; তৃতীয়ত পানীৰ বিবৰণ আরু তাৰ ওপৰত চন্দ্ৰ সূৰ্যই কি কৰে; চতুৰ্থত পৃথিবী গৰ্ভস্থ অগ্নিৰ কথা আরু সকলোবিলাক কাৰণৰ ফল স্বৰুপ পৃথিবী পৃষ্ঠৰ বৰ্ত্তমান অৱস্থা; পঞ্চম প্ৰকৰণত পৃথিবীৰ ওপৰত বাস কৰা উদ্ভিজ প্ৰাণী বিলাকৰ কথা আরু হাৱাপানীৰ পৰা সেই বিলাকৰ কেনে প্ৰভেদ হৈছে আরু সেইবিলাকনো কেনেকৈ আরু এটা কাৰণ হৈ পৃথিবী- পৃষ্ঠৰ অৱস্থা পৰিবৰ্ত্তন কৰিছে ইয়াকে কোৱা যাব।

⸻⸻