পৰমাৰ্থ দৰ্পণ

ৱিকিউৎসৰ পৰা

[  ]

অসমীয়া

পৰমাৰ্থ দৰ্পণ

আধ্যাত্মিক জ্ঞানশাস্ত্ৰ৷

প্ৰথম আধ্যা৷

শ্ৰীছাখাৱত আলী পেন্সিয়নাৰ

দ্বাৰা

ৰচিত আৰু প্ৰকাশিত


গুৱাহাটী

প্ৰথম তাঙ্গৰণ

বাংলা সন ১৩২২৷

ইং সন ১৯১৬


বেচ ॥০ অনা মাথোন৷

[  ]

প্ৰথম অধ্যা।

ছোখাৱত আলী পেন্সিয়নাৰ

দ্ব

ৰচিত আৰু প্ৰকাশিত



গুৱাহাটী

প্ৰথম তাঙ্গৰণ

[  ]
 

কলিকাতা,

১২২ নং আমহাষ্ট ষ্ট্ৰীট “ৰাধাৰমণ যন্ত্ৰে’’

শ্ৰীনৃত্যগোপাল চক্ৰবৰ্ত্তী দ্বাৰা মুদ্ৰিত।

 
[  ]

মোনাজাত
বা
স্তুতি

যিটো জগতৰ গুৰু,  যিটো জগতৰ গুৰু
 নিৰাকাৰ নিৰ্ব্বিকাৰ সত্য কল্পতৰু॥
সেই গুৰু চৰণত,  সেই গুৰু চৰণত।
 কায়-মনে কৰোঁ, কোটি কোটি দণ্ডৱত্‌‌‌‌॥
যিটে জাতীয় ধৰমে,  যিটে জাতীয় ধৰমে।
 স্ৰজন, পালন, লয় কৰয় মৰমে॥
সেই বিধতা চৰণত,  সেই বিধতা চৰণত।
 কায়-মনে কৰোঁ কোটি কোটি দণ্ডৱত্‌‌‌‌॥
যাৰ দয়া গুণে এই  যাৰ দয়া গুণে এই।
 দুৰ্ল্লভ নৰৰ জন্ম ভাগ্যে পালোঁ মই॥
সেই দয়াল চৰণত  সেই দয়াল চৰণত।
 কায় মনে কৰোঁ কোটি কোটি দণ্ডৱত্‌‌‌‌॥
হেন মানব বৎসল  হেন মানব বৎসল।
 স্বীয় আত্মা চিঙ্গি, আত্মা গঢ়িলে কৃপাল॥
সেই প্ৰেমিক চৰণত  সেই প্ৰেমিক চৰণত।
 কায়-মনে কৰোঁ, কোটি কোটি দণ্ডৱত্‌‌‌‌॥
নৰ জ্ঞানৰ গৰিমা  নৰ জ্ঞানৰ গৰিমা।
 পৰিচয় দিয়ে যাৰ অপাৰ মহিমা॥
সেই ব্ৰহ্ম চৰণত  সেই ব্ৰহ্ম চৰণত।
 কায়-মনে কৰোঁ কোটি কোটি দণ্ডৱত্‌‌‌‌॥

[  ]

অনুমতি-দান।

সৌভাগ্য স্পৰ্শমণিৰ কাৰ্য্যালয়।

মিৰ্জাবাগ ভিলা

পোঃ আঃ ৰাজশাহি

বেঙ্গাল ৪৷৯৷১৫

জনাব তসলীম,

  আপনি অসামী-ভাষায় সৌভাগ্য-স্পৰ্শমণি অনুবাদেৰ ইচ্ছা কৰিয়া, আমাদেৰ নূৰ-অল-ঈমান সমাজ হইতে অনুমতি পাইবাৰ আশায় যে তাৰিখ শূন্য পত্ৰ লিখিয়াছেন, তাহা বহুদূৰ ঘূৰিয়া ফিৰিয়া ঢাকাস্থ অগ্ৰগণ্য মেম্বৰ শ্ৰীযুক্ত জনাব মৌলানা আব্দুল আজীজ সাহেবেৰ হস্ত হইতে সদৰ আফিশে পহুছিয়াছে। আপনাৰ সাধু উদ্দমে পৰম পৰিতুষ্ট হইলাম। এবং নূৰ-অল-ঈমান সমাজেৰ পক্ষ হইতে, আপনাকে সৌভাগ্য স্পৰ্শমণি আসামী ভাষায় অনুবাদ কৰিতে অনুমতি দেওয়া গেল। তবে, এই মাত্ৰ দেখিবেন, অনুবাদ সংক্ষিপ্ত কৰিতে গিয়া ভাব ও অৰ্থ বিকৃত কৰা না হয়। ইতি তাৰিখ ১৮ই ভাদ্ৰ। ৪ঠা সেপ্টেম্বৰ ১৯১৫।

বশংবদ

স্বাক্ষৰ মিৰ্জা মোহাম্মদ ইউসফ আলী

সৌভাগ্য স্পৰ্শমণিৰ অনুবাদক।

[  ]

কৃতজ্ঞতা প্ৰকাশ।

 সৌভাগ্য স্পৰ্শমণিৰ মাননীয় অনুবাদক জনাব মৌলবী মিৰ্জা মোহম্মাদ ইউসফ আলী সাহেব, নূৰ-অল- ঈমান সমাজেৰ পক্ষ হইতে উপৰূক্ত অনুমতি প্ৰদান কৰিয়া এছলাম হিতৈষণাৰ যথেষ্ট প্ৰমাণ প্ৰদৰ্শন কৰত আসামবাসী সৰ্বসাধাৰণেৰ ভাবী আধ্যাত্মিক মঙ্গলেৰ পথ পৰিষ্কাৰ ও সৰল কৰিয়া দিয়াছেন। সেজন্য আমি তাহাকে এবং অন্যান্য মেম্বৰ সাহেবানকে অন্তৰাত্মাৰ সহিত ধন্যবাদ না দিয়া থাকিতে পাৰিলাম না এবং তদ্দৰুণ তাঁহাদেৰ নিকট যাবজ্জীবন কৃতজ্ঞতা পাশে আবদ্ধ ৰহিলাম।

১৫৷৯৷১৫
গ্ৰন্থকাৰ৷
 

শ্ৰীযুত সত্যনাথ বৰা বি, এ, বি, এল।

শলাগনি।

মান্যবৰ মুঞ্চি চাহাব।

 আপোনাৰ পৰমাৰ্থ-দৰ্পণ বোলা পুথিখন, পঢ়ি চালোঁ। আৰু পঢ়ি বৰ সন্তোষ পালোঁ। পুথিখন যদিও আন পুথিৰ ভাঙ্গনি মাথোন, তথাপি, আপোনাক শলাগিব লগীয়া; কাৰণ, ভাঙ্গনি সুৱলা ধৰণত আৰু উজু ভাষাত [  ] কৰা হৈছে। এনেকুৱা গভীৰ বিষয়ৰ কথা উজু ভাষাত প্ৰকাশ কৰা টান। আপুনি, তেনে কাম সুকলমে সাধি এটাইছে। অসমীয়া মানুহে যে, পুথি খনক, অসমীয়া ভাষাৰ এটি বহু মূলীয়া ৰত্ন বুলি সাদৰ কৰিব, তাত মোৰ একণো সন্দেহ নাই। পুথিত দুটা, এটা সাধাৰণ তৰপৰ শব্দ পোৱা যায়। কিন্তু তাৰ পৰা পুথিৰ গুণাগুণৰ হীনডেঢ়ি হৈছে যেন বোধ নহয়।

গুৱাহাটী
২৫৷৭৷১৫

স্বাক্ষৰ
শ্ৰীসত্যনাথ বৰা৷


শ্ৰীযুক্ত খান বাহাদুৰ মৌলুবী মুহিবদ্দিন আহমদ
 সবজজ চাহাব


শলাগনি।

 পৰমাৰ্থ-দৰ্পণ পুথিখনি মই , আদ্যোপান্ত পঢ়ি চাই বৰ সন্তোষ পালোঁ। এই পুথি খনি যে অসমীয়া ভাষাৰ এখনি মুল্যবান গ্ৰন্থ হব, তাৰ একণো সন্দেহ নাই। যদিও পুথিখনি অন্য ভাষাৰ ভাঙ্গনি, তথাপি ইয়াৰ আধ্যাত্মিক ভাব, ইমান ওখ খাপৰ যে, অনুবাদ পঢ়িও অনেকে বিশেষ ফল পাব। আধ্যাত্মিক ভাবৰ কিতাব, এক ভাষাৰ পৰা, অন্য ভাষালৈ নিয়া, অতি সহজ কাম নহয়; তথাপি আপুনি যে মূল গ্ৰন্থৰ ভাব, অসমীয়া ভাষাত

ইমান সুন্দৰ ৰূপে ব্যাখ্যা কৰিব পাৰিছে, এই বাবে [ ১০ ]

(॥৹)

আপুনি বিশেষ ধন্যবাদৰ পাত্ৰ। আশা কৰোঁ আপোনাৰ এই পুথি খন সকলো অসমীয়া পাঠকে, আদৰেৰে গ্ৰহণ কৰিব৷ আৰু ইয়াৰ সদুপদেশ বিলাক পঢ়ি বিশেষ ফল লাভ কৰিব। বিশুদ্ধ অসমীয়া কৰিবলৈ গৈ, কোনো ২ ঠাইত আপুনি দুটি এটি সাধাৰণতঃ অপ্ৰচলিত কথাও ব্যবহাৰ কৰিছে। যদি পাৰে তেনেকুৱা শব্দৰ পৰিবৰ্ত্তে সৰল শব্দ ব্যবহাৰ কৰিব পাৰিলে ভাল।

স্বাক্ষৰ

শ্ৰীমুহিবুদ্দিন আহমদ।


[ ১১ ]

বিছ্মিল্লাহেৰ্ ৰহ্ মানেৰ, ৰেহিম্।

( পৰম কৰুণা ময় পৰমেশ্বৰৰ নামলৈ আৰম্ভিলোঁ )

পাতনি।

 এই পুথিৰ আদি নাম, কিমিয়া-ছায়াদত; (ক) § ই পাৰ্ছী ভাষাত ৰচিত। ইয়াৰ ৰচক, মহাত্মা ইমাম, মহম্মদ গজ্জালি চাহেব,ৰহ্ মতুল্লাহ বৰকাতুহু। এওঁ এজন প্ৰখ্যাত ওলী বা সিদ্ধ-পুৰুষ; এওঁৰ অন্তৰ খোদা তায়ালাৰ তত্ত্ব জ্ঞানেৰে ফৰকাল। সেই সমন্ধে, এই পুথিয়েই সাক্ষী। ই, ৰাজচাহী আঞ্জমনে-হেমায়তে-এছলাম সমাজৰ আদেশ মতে, নুৰলন ইমান অনুবাদক আৰু প্ৰকাশক কমিটীৰ দ্বাৰাই, বঙ্গলা ভাষাত, ভাষান্তৰিত হৈ পাচত সৌভাগ্য স্পৰ্শমণি নাম লৈছে। সৌভাগ্য স্পৰ্শমণি অৰ্থাৎ তাম, পিত্তল আদি নিকৃষ্ট ধাতু দ্ৰব্য, স্পৰ্শ-মণি বা পৰশ- পাথৰৰ, ঘঁহনি খাই যেনেকৈ সুবৰ্ণৰ ৰূপ ধৰে, এই পুথি খনি মনত ঘঁহিলে অৰ্থাৎ মন লগাই পঢ়িলে আৰু তদনুসৰি চলিলে নিকৃষ্ট নৰ, সৰ্ব্বোৎকৃষ্ট, সৰ্ব্বোচ্চ, পৰাৎপৰ পৰম্পদ লভ কৰিবলৈ ক্ষমতাৱন্ত হব।

 সৌভাগ্য-স্পৰ্শ মণি চল্লিশ আধ্যাত বিভক্ত। তাৰে প্ৰথম আধ্যা, অসমীয়া ভাই ককাইৰ পাৰমাৰ্থিক হিতলৈ


 (ক) যি বৰ্ণৰ ওপৰত এই § চিন থাকে, তাৰ উচ্চাৰণ কণ্ঠৰ পৰা উলিয়াব লাগে। [ ১২ ] মন কৰি, সকলো সজ-উদ্যোগৰ অকল ভাৰসা আল্লা- তায়ালাক সুৱঁৰি, এই অভাজনে, অসমীয়া ভাষাত ভাঙ্গি উলিয়াবলৈ ওলাইছে আৰু সেই বাবে ৰাইজত বৰ মাগিছে। ভাঙ্গনি পুথি খনৰ, পৰমাৰ্থ দৰ্পণ বুলি নাম কৰণ হল।

 এই ছেগতে, মনৰ খু-দুঁৱনিৰ দণ্ডিত, কেই আষাৰি মান উচিত কথা নকৈ থাকিব পৰা নগল৷

 “এক মেবা দ্বিতীয়ং” এই বেদ-বাণী ফাঁকিয়ে, প্ৰমাণ দিয়ে যে, পুৰণি কলীয়া ভাৰতবাসী হিন্দু সমাজৰ ভিতৰত, ঈশ্বৰ বিশ্বাসী লোক নাছিল যে, এনে নহয়। কেৱল, এই কলি-কালৰ লোকৰ মাজতহে সেই বিশ্বাসৰ হীনডেঢ়ি দেখা গৈছে। ইংৰাজি শিক্ষাৰ উদ্গতি যেতেকে বাঢ়িছে, ঈশ্বৰ-বিশ্বাস, ঈশ্বৰ-প্ৰেম, ঈশ্বৰ-ভক্তি, তেতেকে টুটি আহিছে। আজিকালিৰ নামজ্বলা অসমীয়া লেখকৰ লেখনৰ ধৰণৰ পৰা ধৰ্ম্ম-নিষ্ঠাৰ গোন্ধ পোৱা না যায়। পাৰত্ৰিক প্ৰস্তাব তেঁও বিলাকৰ মনত বিষাল সৰ্প আৰু সিবিলাকৰ ব্যাখ্যা-আকাশৰ বিজুলী-চমক। যেতিয়া পৰমেশ্বৰে এই সংসাৰত সুখ ভোগৰ সকলো উপকৰণ, আয়োজন কৰি থৈছে, তেতিয়া তাক সম্ভোগ নকৰি, পৰমেশ্বৰ চিন্তাত দেশ-বিদেশ ভ্ৰমিলে, দয়াময়ৰ দানৰ অসন্মান কৰা হয়। এইটিয়েই লেখকৰ মূল-মন্ত্ৰ। ইয়াৰে আলম বা আশ্ৰয়লৈ সংসাৰ ভোগাবলৈ নিজৰ আৰু পৰৰ মনক বোধয়েছে। আলম্ টি প্ৰথম দৃষ্টিত নিচেই নিশকতীয়া আৰু অসাৰুৱা নহলেও, এটি কথা; সাংসাৰিক সুখসম্ভোগে প্ৰথম সৃষ্টিৰ পৰা আজি পৰিমিত, কাৰো হেপাহ পলুৱাবপৰা নাই আৰু নোৱাৰেও তেন্তে [ ১৩ ] দিনে ৰাতিয়ে সংসাৰকে সাবটি ধৰি থাকিলে পাৰত্ৰিক দিহা নো কাহানি হব? সাংসাৰিক আৰু পাৰত্ৰিক সুখ; এই দুইৰো আকাশ, পাতাল অন্তৰ। পাৰত্ৰিক সুখ উৎকৃষ্ট, সাংসাৰিক সুখ নিকৃষ্ট। চোৱা, পৰমেশ্বৰ এই গোটেইখন বিশ্ব-সংসাৰৰ স্ৰজোঁতা সংসাৰ আৰু সংসাৰৰ আটাই বস্তু, পৰমেশ্বৰৰ স্ৰজা বস্তু। স্ৰজোঁতা- জন, নিশ্চয়, স্ৰজা বস্তুতকৈ শ্ৰেষ্ঠ বা উৎকৃষ্ট, আৰু স্ৰজা বস্তু নিকৃষ্ট। উৎকৃষ্টলৈ পিঠিদি নিকৃষ্টৰ লগত মন মতলীয়া কৰিলে পৰম কৰুণাময়ৰ অমিয়া ৰূপ-দৰ্শন- সুখক নেওচা দিয়া নহবনে? এই প্ৰশ্নটি, বুদ্ধিমন্ত লোক নিৰন্তৰে, “ওঁ” বুলি শলাগিব সন্দেহ নাই। এতেকে, উৎকৃষ্ট সুখক নেওচা নিদি, নিকৃষ্ট সুখক দিয়াহে যুক্তি- সঙ্গত যেন লাগে। সংসাৰ ত্যাগী হবলৈ ধৰ্ম্মনীতিয়ে নকয়; বৰং তাৰ আলমলৈ পাৰত্ৰিক সুখৰ বাটত আগুৱাব লৈহে মত দিছে। গতিকে, ওপৰত উক্তি কৰা, লেখকৰ আলমটো প্ৰকৃত আলম নহয়। ই, সংসাৰ ভোগাবৰ এটা ভুৱা মাথোন।

 অতঃপৰ জনাওঁ, এই পুথি কোনো ধৰ্ম্ম-মতৰ বিৰোধী নহয়। ইয়াত, কোনো বিশেষ ধৰ্ম্ম-মণ্ডলীৰ নিন্দাবাদ নাই ইয়াক পঢ়ি কি (ক) বিশ্বাসী কি অবিশ্বাসী সকলোৱে সমানে পাৰত্ৰিক আৰু সাংসাৰিক জ্ঞান আৰু কল্যান লাভ কৰিবলৈ সমৰ্থ হব। ই, বুঢ়াৰ হাতৰ, লাখুটি, ডেকাৰ ডিঙ্গিৰ ফুল হাৰ আৰু কোমল-মতি লৰা-ছোৱালীৰ মনৰ পৈণত বিধান। লৰা-কালত সিহঁতৰ উৰ্ব্বৰা মনত, এই গুটি সিঁচিলে কালত যে, অতি অপূৰ্ব্ব ফল ফলিয়াব তাৰ


 (ক) বিশ্বাসী—মছলমান;. অবিশ্বাসী-বিধৰ্ম্মী৷। [ ১৪ ]

কোনো ভুল নাই। কিয়নো কোনেও নজনা নহয়, ৰিপু বা নিকৃষ্ট মনোবৃত্তি বিলাকে উচটাইদি, মানুহৰ কি কি নাগতি নকৰে আৰু কেনে ২ ভয়ানক আপদ-আহুকালৰ হাতত পেলাই নিদিয়ে। ইমানলৈ, ৰাজ্যাধিপতি মহাৰাজো সিহঁতৰ প্ৰলোভনত পৰি ৰাজ্যভ্ৰষ্ট আৰু পৰাধীন হয়; লক্ষপতিয়ো ভিকহু মগনিয়া হৈ পৰে। তাৰ বাজে, ৰাজ-দণ্ডিত পৰি কত কত মহাপ্ৰাণী চিপ-জৰীত প্ৰাণ হেৰুউৱা দেখা যায়। এতেকে, তেনে বোৰ গৰ্হিত, উদণ্ড বৃত্তিৰ, চোকা আহুদি এই পুথি নিজ ২ সতি-সন্ততিক, সৰু কালৰ পৰা শিক্ষা দান দিবৰ নিমিত্তে সকলো পিতৃ মাতৃ বিশেষ মনোযোগী আৰু যত্নশীল হোৱা উচিত।

 পুথি ডোখৰ ছপা হবৰ আগেয়ে শ্ৰীযুত সত্যনাথ বৰা বি এ, বি এল ডাঙ্গৰীয়াই কৃপা কৰি, ইয়াৰ ভাষাৰ আঁৰ ভাঙ্গি কিছুমান পোনাই দিছে; আৰু শ্ৰীযুত চন্দ্ৰকান্ত শৰ্ম্মা, বি এ, মহাশয়েও পঢ়ি চাই, কেইবা ঠাইতো অশুদ্ধ শোধন কৰিছে; সেই বাবে আমি সিবিলাকৰ নথৈ শলাগ লৈছোঁ।

 যেয়ে এই পুথি পঢ়িব, সকলো জ্ঞান বিজ্ঞানৰ আদি কাৰণ, সেই পৰম-ব্ৰহ্ম আল্লা তায়ালাৰ তত্ত্ব-জ্ঞান, লাভলৈ যেন, সিবিলাকৰ জ্ঞান চাপে আৰু অন্তৰ ফৰকাল হয়। তেখেতৰ ওচৰত, নিহ্কিন্ ৰ এয়ে শেহ গোহাৰি।

বিনীত

শ্ৰীছাখাৱত আলী

পৰম পাতকী।

[ ১৫ ]

অসমীয়া

পৰমাৰ্থ-দৰ্পণ

বা

আধ্যাত্মিক জ্ঞানশাস্ত্ৰ।

ইয়াৰ চাৰি আধ্যা।

 ১। আধ্যাত্মিক জ্ঞান, বা আত্মজ্ঞান।

 ২। তত্ত্ব-জ্ঞান বা পৰমেশ্বৰ-জ্ঞান।

 ৩। ইহকাল-জ্ঞান বা সংসাৰ-জ্ঞান।

 ৪। পৰকাল-জ্ঞান বা স্বৰ্গপুৰী-জ্ঞান।

১। আধ্যাত্মিক-জ্ঞান বা আত্মজ্ঞান, অৰ্থাৎ নিজৰ চিনাকি।

 প্ৰিয় পাঠক। তুমি এই আষাৰি কথা জানি ৰাখাঁ, মনত ঠাৱৰাই লোৱাঁ যে, আত্ম-জ্ঞান, তত্ত্ব-জ্ঞানৰ সঁচাৰ। নিজক চিনিলেহে ঈশ্বৰক চিনিব পাৰি। কথাত কয় বোলে, যেয়ে খোদাক (ক) চিনিছে, সেয়ে খোদাক (খ)


( ক ) খোদ—নিজ।  ( খ ) খোদা-ঈশ্বৰ৷। [ ১৬ ] চিনিছে; যেয়ে নিজক জানিছে, সেয়ে নিৰঞ্জনক জানিছে। পৰম-ব্ৰহ্ম খোদা-তায়ালাই, আপোন মহাগ্ৰন্থ পবিত্ৰ কোৰাণ শ্যাৰিফত উক্তি কৰিছে, “আমি মানুহক দেখুৱাবৰ নিমিত্তে জগতত আৰু মনুষ্য-দেহত, আমাৰ নিজৰ চিন বোৰৰ আৰ্হি দিছোঁ; অভিপ্ৰায় সত্য অৱস্থা সিহতৰ মনত বিদিত হওক”।

 পাঠক! তোমাৰ নিজৰ শৰীৰতকৈ জগতৰ কোনো বস্তু তোমাৰ বেচি ওচৰ নহয়। গতিকে, যদি তুমি নিজক চিনিব নোৱৰা তেন্তে, দূৰৈৰ বস্তু কেনেকৈ চিনিবা। তাৰ উত্তৰত, হয়তো তুমি কৈ পেলাব পাৰা, “মই মোক সুন্দৰ মতে চিনোঁ”। এই আষাৰ উত্তৰে তোমাৰ মাথোন মূৰ্খালিৰ হে চিনাকি দিব। এনে আত্ম-জ্ঞান কেতিয়াও তত্ত্ব-জ্ঞানৰ সঁচাৰ হব নোৱাৰে। তেনে দৰৰ আত্ম-জ্ঞান পশুৰো আছে; তুমি যেনেকৈ অপোনাৰ হাত, ভৰি, নাক, মুখ চিনা আৰু কিছুমান দেহৰ ভিতৰুৱা অৱস্থাও জানিব পাৰা, যেনে, ভোক লাগিলে আহাৰ খোবা, খং উঠিলে যুঁজ পাতা, কাম-ভাব হলে, নাৰী সঙ্গম কৰা, পশুৱেও তেনেকুৱা কৰে। এনে বোৰ কামত পশুৰো তোমাৰ সমানে জ্ঞান আছে। এতেকে এই চিনাই চিনা নহয়। তুমি নিজৰ স্বৰূপ আৰু অৱস্থা বিচৰা উচিত। তুমি নো কোন্? কৰ পৰা আহিছা? কলৈ যাবা? এই সংসাৰলৈ কিয় আহিছা? স্ৰজন-কৰ্ত্তা [ ১৭ ] পৰাকীয়ে, তোমাক কি সকামে স্ৰজন কৰিছে? তোমাৰ সম্পদ বা সৌভাগ্য কি? কি কাৰ্য্যত তাক স্থিতি? তোমাৰ বিপদ বা অধোগতিয়েই বা কেনেকুৱা? আৰু কিহত নো সি লুকাই আছে?

 জীৱ-শ্ৰেষ্ঠ নৰ, বুদ্ধিবৃত্তি ৰূপ, দেৱ দুৰ্ল্লভ গুণৰ অধিকাৰী হৈও যদি সেই সমস্যা কেইটি পূৰণ কৰিবলৈ পুৰুষাৰ্থ নকৰি সংসাৰেই সৰ্ব্বস্ব, ইয়াতেই নৰ জীৱনৰ সকলো সুখ-সম্পদ ওৰ পৰিছে বুলি নিজৰ আৰু আনৰ মনক বুজনি দি চকু মুদি থাকে তেনেহলে, ইতৰ প্ৰাণী তকৈ শ্ৰেষ্ঠ বোলাবৰ মুখ সিহতঁৰ কত ৰল?

 পৰম কৰুণাময় বিশ্বপতিৰ ঘৰ–ওপজা গোলামহৈ তেওঁৰ বসুন্ধৰাত ৰজাৰ আয়মে জীৱন প্ৰবৰ্ত্তন কৰি, তেওঁ দিয়া অক্ষয় ভণ্ডাৰৰ পৰা দেৱতাৰ ভোগে, ভোগাই, তাৰ ওপৰঞ্চি, আকৌ সেই মহা দানীৰ মহাদান আপু ৰুগীয়া মানব-জন্ম লাভ কৰিও, আৰু বিতোপন জ্ঞান মুকুট পিন্ধিও, যদি, সেই জনা মহামহিমান্বিত পৰম গৌৰ বান্বিত মহাপুৰুষ নো কোন্, কত থাকে। কেলেই বা অযাচিতে আমাৰ ওপৰত তেওঁৰ কৃপা-বাৰি বৰষিছে, কেনেকৈ নো, তেওঁৰ দৰ্শন পাম; এনে দৰৰ ভাব মনত নেখেলালে তেওঁক চিনিবলৈ হাবিলাষ নেৰাখিলে, সৰ্ব্বতি কাল সাংসাৰিক ধন, মান, জ্ঞান ইয়াৰ ৰাগীতেই মতলীয়াহৈ দিন কটালে, অশলাগি, গিৰিদ্ৰোহী, নৰাধম, [ ১৮ ] পাষণ্ড নামৰ যোগ্য নহম নে বাৰু? নিশ্চয় হম, তাত কোনো সংশয় নাই।

 প্ৰিয় পাঠক! কাণ পাতি শুনা আৰু মনেৰে বিশ্বাস (ক) কৰাঁ; তোমাৰ গাত যি যি গুণ আছে, তাৰ ভিতৰত, কেত বোৰ গৰু, গাধ, বৰা আদি নীহ প্ৰাণীৰ; কেতবোৰ, কুকুৰ, শিয়াল, বাঘ, আদি হিংসক জন্তুৰ, কেতবোৰ শ্যায়তান (নৰাৰি অপদেৱতা) ৰ আকৌ কিছুমান ফেৰেস্তা (হিতাৰ্থী স্বৰ্গীয় দেৱতা)ৰ সেই গুণ বোৰৰ কোন্ টো, কোন্ বিধৰ; কোন্ কোন্ টো চিৰ কলীয়া, কোন্ কোন্ টো খন্তেকীয়া; আৰু তোমাৰ প্ৰকৃত অৱস্থা কি; যেতিয়ালৈ এই সকল বিষয়ৰ ভু-ভা নেপোৱা, তেতিয়ালৈ তুমি তোমাৰ সৌভাগ্য বা পৰমাৰ্থ সম্পদৰ, বাট বিচাৰি লবলৈ পৈণত নোহোৱা।

 তোমাৰ প্ৰবৃত্তি অৰ্থাৎ বেয়া, ভাল গুণ বোৰ, ভিন ভিন কাৰণত বলী হৈ উঠে। আৰু সিহঁতৰ উদগতিৰ ধৰণো বেলেগ বেলেগ। খাৱন, পিৱন, আৰু শোৱনৰ দ্বাৰাই, ইতৰ জন্তুৰ শৰীৰ ৰক্ষা পায় আৰু বৃদ্ধি হয়; মৈথুনে, কামৰিপু শান্ত কৰে। গা, মঠঙ্গা, মঙ্গহাল, শকত আৰু কামবৃত্তিৰ তৃপ্তি হলেই, সিহঁতৰ উদগতি হল। আৰু সেয়ে সিহঁতৰ সম্পদ বা সৌভাগ্য। যদি,


 (ক)কাৰণ, বিশ্বাসেই আদি মূল; বিশ্বাস নকৰিলে ঈশ্বৰো নাই। “নাই বুলিলে, সাপৰো বিহ নাই’’; বুঢ়া লোকৰ বচন। [ ১৯ ] তুমি ইতৰ প্ৰাণী হোৱা, তেন্তে, দিনে-ৰাতিয়ে পেটপূৰকৈ খোৱাঁ, গোটেই নিশা, নিসাৰে শোৱাঁ আৰু কামদেৱৰ সেৱাত বুৰগৈ কাল নিওঁৱাঁ।

 হাই-কন্দল, যুঁজা যুঁজি, মৰিয়া-মৰি; এই বোৰ হিংসক জন্তুৰ স্বভাৱ; ধূৰ্ত্তালি, টেঙ্গৰালি, মিছালি, কুৰ্চ্চূট, কপট আদি কুকৰ্ম্মত লিপ্ত থকা, শ্যায়তানৰ প্ৰকৃতি। যদি তুমি হিংসাকুৰীয়া জন্তু আৰু শ্যায়তান হোৱা, তেনেহলে, সেই বোৰ নীহ কামত লাগি থাকাঁ; তাকে কৰিলে তোমাৰ পশু প্ৰকৃতি আৰু শ্যায়তনী স্বভাৱক সন্তোষ দিব পাৰিবা। পশু আৰু শ্যায়তানে যিহক সম্পদ বুলি ধৰে, সেই সম্পদ ঘটিবলৈ সক্ষম হবা।

 স্ৰজন কৰোঁতা গৰাকীৰ অনুপম ৰূপ-ৰাশি, দৰ্শন কৰাই ফেৰেস্তা সকলৰ স্বভাৱ। পৰমেশ্বৰৰ ৰূপৰ জেউতি দেখিয়েই তেওঁলোক সম্পদশালী। ফেৰেস্তা লোকৰ স্বভাৱত ক্ৰোধাদি দোষ নাই। ইতৰ প্ৰাণী অথবা হিংসাকুৰীয়া জন্তুৰ প্ৰকৃতিৰ পৰা সিবিলাক সমূলে মুক্ত। যদি তুমি ফেৰেস্তা প্ৰকৃতি পাইছা, তেনেহলে, নিজ স্বভাৱ পৰিতৃপ্ত কৰিবলৈ যত্নবন্ত হোৱাঁ। তেহে, পৰমাৰ্থ বা তত্ত্বজ্ঞান লাভ কৰি, পৰাৎপৰ পৰম্পদ চিনিবৰ যোগ্যতা লাভ কৰিব পাৰিবা। তেখেতৰ জ্যোতিৰ্ম্ময় অপৰূপ ৰূপ ৰাশিৰ শোভা সন্দৰ্শনৰ বাট মুকলি হব। কাম, ক্ৰোধ, লোভ আদি ৰিপুৰ হাত সাৰিব পাৰিবা। [ ২০ ]  যদি তুমি নিজ স্বভাৱ, দ-কৈ গমি চোৱা আৰু ৰেণু- ৰেণুকৈ বিচাৰিব ধৰা, তেনেহলে, ইতৰ জন্তুৰ স্বভাৱ, নো, কেলৈ তোমাক দিছে, ইয়াৰ সম্ভেদ আপোনা আপুনি তোমাৰ মনত উদয় হব।

 স্ৰজন কৰোঁতা গৰাকীয়ে, কাম, ক্ৰোধ, লোভ আদি কেতবোৰ নিকৃষ্ট প্ৰবৃত্তি, এই অভিপ্ৰায়ে তোমাক দিছে যে, হয় সেই বোৰ প্ৰবৃত্তিয়ে, তোমাক বশ কৰিলৈ দিনে- ৰাতিয়ে গোলাম খটাব, নাইবা তুমিয়েই সিহঁতক হাতৰ মুঠিত ৰাখি দাস কৰি লবা আৰু সিহঁতক সাৰথি কৰি সংসাৰ প্ৰবাসত মন পুতি পৰমাৰ্থ বেহা বেহাবলৈ সততে সাজু থাকিবা। আৰু তাক বেহাবৰ কাৰণে সিহঁতৰ ভিতৰৰ কাকো গোমস্তা, কাকো চৰকাৰ, কাকো তহবিল- দাৰ পাতি সুকলমে কাৰবাৰ চলাই থাকিবা। যি দিন কেইটা সংসাৰ প্ৰবাসত আছা, সিহঁতক আজ্ঞাকাৰীকৈ ৰাখিবলৈ আওহেলা নকৰিবা। পৰমাৰ্থ বিত্ আৰ্জিবৰ হন্তেহে মাথোন, সংসাৰযাত্ৰী হৈছা, এই ফাঁকি কথা শকতকৈ বুকত বান্ধি লবা। কেতিয়াও নাপাহৰিবা।

 পৰমাৰ্থ-সম্পদৰ উন্নত ধামক, বিজ্ঞ পণ্ডিত বিলাকে পৰাৎপৰ পৰম্পদ আৰু সাধাৰণ লোকে জান্নাৎ বা বৈকুণ্ঠ বোলে। পৰমাৰ্থ লাভেই বৈকুণ্ঠ লাভ। যদিহে তুমি তোমাৰ নীচ প্ৰবৃত্তি বিলাকক বশ কৰিব নোৱাৰা, সিহঁতেই তোমাক আজ্ঞাকাৰী কৰিলৈ, বিন ধনে গোলাম [ ২১ ] বাব, আৰু আজি কালিকৈ, আওবাটে ছলকৈ নি, আৱ- শেষত, অতি কুৎসিত, কুন্ধচ্, নীহ ঠাইত পেলাব; সেই খেচ ঠাইকে দোজখ বা নৰক বোলে।

 ওপৰত যি কোৱা হল, যদি তাৰ সাৰাৰ্থ বুজিছা, তেনেহলে, তুমি তোমাৰ আত্ম-জ্ঞানৰ যৎকিঞ্চিৎ গম পাইছা। সেই সম্ভেদ নোপোৱা জনৰ মনত হলে, ধৰ্ম্ম কথা কঠুৱা আৰু অতি আমনি লগা। তেনে জনৰ পৰা ধৰ্ম্ম-তত্ত্ব বহু নিলগত আঁৰত পৰি থাকে।

 প্ৰিয় পাঠক। তুমি যদি নিজক জানিব খোজা, তেন্তে আগেয়ে, এই কথা ফাঁকি জনা উচিত; পৰমেশ্বৰে তোমাক দুবিধ বস্তুৰে স্ৰজন কৰিছে। ১ম দেহ, যিহক চকুৰে দেখা পোৱা যায়; ২য়, ভিতৰুৱা হেতু, যিহক ৰুহ বা দেল্ অথবা আত্মা বা পৰমাত্মা বোলে। আত্মা, চকুৰ অগোচৰ; জ্ঞান-চকু নহলে দেখা নাযায়। এই ভিতৰুৱা বস্তুটোৱেই “তুমি”। তাত বাজে আৰু যি বস্তু তোমাৰ লগত আছে, সেই আটাইবোৰ আত্মাৰ তলতীয়া দাস বা লগুৱা মাথোন।।

 আত্মাক, এই পুথিত “দেল” আৰু মাজে সময়ে “ৰুহ" নামেৰে উল্লেখ কৰা হব; তেতিয়া সি, মানুহৰ সেই মূল বস্তু আত্মাক হে বুজাব। মানুহৰ বাঁও ফালৰ বুকৰ ভিতৰত যি এডোখৰ মঙ্গহ আছে, যিহক সাধাৰণ মাতেৰে দেল বোলে, এই পুথিত সেই দেল নুবুজাব। [ ২২ ] দেল বোলা সেই মাংস খণ্ড, পশুৰো আছে, মৰা শৰো আছে, কিন্তু, তাৰ একো মূল্য নাই।

 মানুহৰ ঘাই বস্তু, দেল বা আত্মা; আৰু এই সামান্য চকুৰে দেখা না যায়। যিবিলাক বস্তু, চকুৰে দেখা যায়, সেই সমস্তক, দাৰ্শনিক পণ্ডিত বিলাকে “চাক্ষুষ-জগত বা জড়-জগত” নাম দিছে। আত্মা, এই জড়-জগতৰ বস্তু নহয়; আলহী ভাবে, এই জগতলৈ আহিছে। দেল বোলা মাংস পিণ্ড ইয়াৰ বাহন। কব লাগিলে, শৰীৰৰ গোটেই বোৰ ইন্দ্ৰিয় আৰু অবয়বাদি আত্মাৰ লগুৱা, বা আজ্ঞাধীন দাস। আত্মা, গোটেই শৰীৰৰ গৰাকী বা ৰাজাধিৰাজ মহাৰাজ। পৰমেশ্বৰৰ তত্ত্বজ্ঞান লাভ আৰু তেখেতৰ অনুপম ৰূপ দৰ্শনেই, আত্মাৰ গুণ। আত্মাই পৰমেশ্বৰৰ আদেশ পালনৰ ক্লেশ সহিব লাগিব; পাপ পুণ্যৰ ভাবো আত্মাৰ মূৰতে; আৰু কৰ্ম্মফলৰ ভোগাভোগো আত্মাৰ হে। আত্মাৰ অদৃষ্টত হে, প্ৰকৃত সম্পদ আৰু বিপদ লেখা আছে। এইবোৰ বিষয়ত, শৰীৰ, আত্মাৰ তলতীয়া। আত্মাৰ এনেকুৱা স্বৰূপ আৰু গুণ দৰ্শনহে আত্ম-জ্ঞান; তেনে আত্ম-জ্ঞানহে পৰমেশ্বৰৰ তত্ত্বজ্ঞানৰ সঁচাৰ।

 প্ৰিয় পাঠক! তুমি মানুহৰ মূল বস্তু, আত্মাক চিনিবলৈ কাৰবাৰ কৰাঁ। আত্মা, এটি বহুমূলীয়া উৎকৃষ্ট

ৰত্ন; ই ফেৰেস্তাৰ সমজাতি।

[ ২৩ ]  পৰমোন্নত পৰম্পদ, আত্মাৰ আদি থল অৰ্থাৎ, আত্মা সেই পৰমোন্নত থলত জনমলৈ, এই জগতলৈ আহিছে৷ দুনাই সেই থললৈ উলটি যাব। আলহী স্বৰূপে, দিন চেৰেক, মাথোন থাকি, বেহা বা খেতি কৰিবৰ কাৰণে এই মৰু জগতলৈ আত্মাৰ আগমন। আত্মাৰ বণিজ বা খেতি সমন্ধে বহুল বৰ্ণনা পাচত হব।

 প্ৰিয় পাঠক! যেতিয়ালৈ তুমি, আত্মাৰ অস্তিত্ব অৰ্থাৎ আত্মা বুলি যে, এটি বস্তু, তোমাৰ দেহৰ ভিতৰত আছে, তাক বুজিব নোৱাৰিবা, তেতিয়ালৈকে আত্মাৰ স্বৰূপ সমন্ধে একো জ্ঞান নাপাবা। ১ম, আত্মাৰ অস্তিত্ব; ২য়, আত্মাৰ ভৃত্য বা দাস বিলাকৰ পৰিচয়; ৩য়, সেই দাস বোৰেৰে সৈতে আত্মাৰ সমন্ধ; ৪ৰ্থ, আত্মা কোন্ কোন্ গুণৰ প্ৰভাৱত পৰমেশ্বৰৰ তত্ত্ব-জ্ঞান লাভ কৰিবলৈ সমৰ্থ, ৫ম, পৰমেশ্বৰৰ তত্ত্ব-জ্ঞানৰ পৰাই বা মানুহৰ আপোন আপোন সৌভাগ্য কি স্বৰূপে লাভ হয়। এই সমস্ত সম্ভেদ পালেহে.. আত্মাৰ স্বৰূপ কেনে বুজিৰ পাৰিবা। খোদা কৰিলে এই সকল গূঢ় বা গুপ্ত কথা অনুক্ৰমে অৰ্থ আজি বহলাই লেখা যাব।

 আত্মাৰ অস্তিত্ব; আত্মাৰ অস্তিত্ব বা স্থিতি সমন্ধে বহুত ফট্ ফটীয়া প্ৰমাণ আছে। নিজৰ অস্তিত্বৰ তো কাৰো একো সন্দেহ নাই। “মই আছোঁ” “তুমি আছা”, এই কথাৰ প্ৰমাণ কাকো বুজাবৰ আৱশ্যক নকৰে কিন্তু [ ২৪ ] চকুৰে দেখা পোৱা শৰীৰৰ অস্তিত্ব চাই মনুষ্যাত্মাৰ অস্তিত্ব ঠাৱৰোৱা নাযায়। কিয়নো, মৰা মানুহৰো শৰীৰ আছে, জীৱ নাই মাথোন। ৰুহ বা আত্মা, যেতিয়া দেহৰ পৰা ওলাই যায়, তেতিয়া, শৰীৰটো শৱহৈ পৰি থাকে।

 যদি কোনোবাই, নিজান ঠাইত, নিতাল মাৰি, চকু মুদি ধ্যানত বহে আৰু চিন্তাৰ প্ৰভাৱত, লাহে লাহে আপোন দেহাটো আৰু অঙ্গ-প্ৰত্যঙ্গ বোৰ পাহৰি যায়; আকাশ, পৃথিবী, অইন কোনো বস্তুৰ ভাব, মনত নাইকিয়া হয়, তেনে অৱস্থাত সকলো পাহৰি গলেও, তেঁও, আপোন অস্তিত্ব পাহৰি নাযায়। কিয়নো, দেহ আৰু বহিৰ্জগত পাহৰিলেও নিজে যে বৰ্ত্তি আছে, সেই বিষয়ে তেওঁৰ মনত ধনিষ্ঠা মানো সংশয় নাথাকে।

 ওপৰত উনিকিওঁৱা ঘটনাটি মনৰ ভিতৰত ভালকৈ আউটি, পাগুলি চালে পৰকাল সম্বন্ধেও কিছু জ্ঞান পাব পাৰি। অঙ্গ-প্ৰত্যঙ্গেৰে সৈতে গোটেই দেহটো পাহৰি গলেও, যেতিয়া মোৰ অস্তিত্বৰ নাশ নহয়, তেতিয়া মৃত্যু ঘটনাতো “মই” ধ্বংস নাপাওঁ; অৰ্থাৎ মৰিলেও মোৰ আত্মা স্থায়ী হৈ, থাকিব। কাৰণ, মৃত্যু ঘটনাত স্বৰূপাৰ্থত মোৰ পৰা মোৰ দেহাটো কাঢ়ি নিয়া হব মাখেন।

 আত্মা কেনেকুৱা বস্তু আৰু ইয়াৰ স্বাভাবিক গুণ কি, বৰ্ণাবলৈ ধৰ্ম্মনীতিৰ বাধা। এই কাৰণে, জগতৰ [ ২৫ ] শিক্ষা-গুৰু মহাপুৰুষ, হজৰত মহম্মদ মস্তফা (ক) (ছ্বল্লল্লাহে-য়ালেই হে আছল্লমে) সাধাৰণৰ সন্মুখত আত্মাৰ সম্ভেদ ভঙ্গা নাই। তেওঁৰ ওচৰত ঈশ্বৰৰ আদেশ আহিছে, “যেয়ে সেয়ে, তোমাক “ৰুহৰ” সমন্ধে সুধিছেহি; তুমি কোৱাঁ “ৰুহ” মোৰ প্ৰভুৰ আম্ ৰ, ( আদেশ)”। ইয়াৰ বঢ়া, কবৰ আজ্ঞা নাই। নহলেও, ইমানলৈ কব পাৰি, আত্মা, জগত গৰাকী খোদা-তায়ালাৰ “খল্ক্” (সৃষ্টি ) আৰু “আম্ৰ্” (আদেশ)ৰ অন্তৰ্গত।

  যি বস্তুৰ আকাৰ আছে, দীঘ, পথালি জোখ আছে, সেই বস্তুৰ ভাগ বা অংশ হব পাৰে। আত্মাৰ আকৃতি পৰিমাণ একো নাই; এই কাৰণে, ইয়াৰ অংশ হব নোৱাৰে। আত্মা, বিভাজ্য অৰ্থাৎ ভাগ হব পৰা বস্তু হোৱা হেঁতেন, কোনো এক স্বৰূপে, ভাগ কৰা হল হেঁতেন; কিন্তু আজি পৰিমিত, কোনেও কোনো ঠাইত তাৰ ভাগ কৰি দেখুৱাব পৰা নাই। কাৰণ, আত্মা জড়- জগতৰ বস্তু নহয়, আধ্যাত্মিক জগত ৰহে। কিন্তু, আত্মা অনুৰুপীয়া বস্তুৰ দৰে জড়-জগতৰ নহলেও, ই, এটি, খোদা-তায়ালাৰ স্ৰজা বস্তু। ওপৰত উনিকিওঁৱা হৈছে আত্মা জগত-গৰাকীৰ “খল্ক্” (সৃষ্টি) আম্ৰ্ (আদেশৰ) অন্তৰ্গত। এই যুক্তি অনুসৰি আত্মা, জড়-জগত আৰু

আধ্যাত্মিক জগত, দুয়োৰো অন্তৰ্গত বুলি কব পাৰি।

 (ক) যাৰ ওপৰত ঈশ্বৰৰ কৃপা আৰু শান্তি বাৰি বৰয়ক। [ ২৬ ]  ওপৰৰ ৰহস্যটি চমুকৈ হলেও, ফট্-ফটীয়াকৈ বুজুৱা গল। এতিয়া, কওঁ, আত্মা অনাদি নহয়; অৰ্থাৎ আত্মাৰ আগেয়ে, একো নাছিল যে, এনে নহয়। যি বিলাকে আত্মা অনাদি বুলি কয়, তেওঁ লোকৰ তেনে কোৱা ভুল। আকৌ, যেয়ে, আত্মা, পদাৰ্থৰ গুণ বুলি তবে, সিবিলাকৰো বুজিবৰ ক্ৰটী। কিয়নো, বস্তুৰ গুণ অকল-শৰে, মুকলি-মূৰে থাকিব নোৱাৰে। গুণাধাৰ বস্তুৰ আলম্ লৈহে থাকে। আত্মা, যি স্থলত মানুহৰ ঘাই বস্তু আৰু শৰীৰ তাৰ অধীন বা লগুৱা মাথোন তেনে স্থলত, আত্মা কেনেকৈ শৰীৰৰ গুণ হব পাৰে। আকৌ, যিবিলাকে আত্মা শৰীৰী বস্তু বুলি কয়, সিহঁতো, ভুলতহে পৰি আছে। কিয়নো, শৰীৰ বিভক্ত হব পাৰে, আত্মা, বিভক্ত হব নোৱাৰে।

 আমি এতোখনি পৰ আত্মা বা দেল বুলি, যি আত্মাৰ আলোচনা কৰিলোঁ হঁক, তাৰ বাজে, মানুহৰ আৰু এটি আত্মা আছে, তাক জীউ, জীবাত্মা বা প্ৰাণ বোলে। ই, বিভক্ত হব পৰা বস্তু; ই, পশু, পখী আদি আটাই গ্ৰাণীৰ দেহত বৰ্ত্তমান আছে। কিন্তু, আমি ৰুহ বা আত্মা বুলি, যি আত্মাৰ বিবৰণ পূৰ্ব্বে দিছোঁ, সেয়ে, পৰমেশ্বৰৰ তত্ত্বজ্ঞানৰ থল; পশু, পখী আদি প্ৰাণী দেহত সেই আত্মা নাই। সি, শৰীৰী নহয় আৰু গুণ পদাৰ্থ ও নহয়; বৰং সি ফেৰেস্তাৰ সমনীয়া জাতি, ভাঙ্গি কব

নোৱৰা, এটি, অতি অপূৰ্ব্ব বস্তু।

[ ২৭ ]  আত্মাৰ স্বৰূপ জনা বৰ টান কথা। সাধাৰণৰ সন্মুখত ইয়াৰ মৰ্ম্ম ভাঙ্গিবলৈও ধৰ্ম্মনীতিয়ে হাক দিয়ে। আকৌ চোৱাঁ, যিবিলাকে ধৰ্ম্মপথত প্ৰথম চলিবলৈ ধৰিছে, সিবিলাকে আত্মাৰ স্বৰূপ জানিবৰৰ কোনো সকাম নাই। কিয়নো, ধৰ্ম্মপথৰ পোন খাপত, অকল শ্ৰমৰ হে আৱশ্যক। যি জনে, ধৰ্ম্মপথত ৰীতিমত, যথাসাধ্য পুৰুষাৰ্থ, কৰিব, তেওঁৰ অন্তঃকৰণত, আত্মাৰ স্বৰূপ আৰু তত্ত্ব আপোনা আপুনি বিকাশ হব। কাৰো উপদেশ লবৰ প্ৰয়োজন নাথাকিব। এই বাবে খোদা-তায়ালাই নিজ পবিত্ৰ গ্ৰন্থত কৈছে; “আৰু যি সকলে আমাক পাবলৈ শ্ৰম কৰিছে, আমি নিশ্চয়কৈ সিবিলাকক আমাৰ বাট দেখুৱাম”। যি জনে ধৰ্ম্মপথত সম্পূৰ্ণ পৰি- শ্ৰম নাই কৰা, তেনে জনৰ আগত, আত্মাৰ বিষয় ভাঙ্গি কোৱা উচিতো নহয়।

⸺⸺

আত্মাৰ ভৃত্য বা সৈন্যৰ পৰিচয়।

 শ্যৰিয়ত বা ধৰ্ম্মনীতিৰ নিৰ্দিষ্ট বাটে, পুৰুষাৰ্থ কৰিবৰ আগেয়ে আত্মাৰ ভৃত্য বা সৈন্য বিলাকক চিনি লব লাগিব। যি সেনাপতিয়ে নিজ সেনাৰ অৱস্থা ভালকৈ [ ২৮ ] বুজ নাপায়, সি যুদ্ধ জয়লাভৰ কোনো ৰকমে আশা কৰিব নোৱাৰে।

 প্ৰিয় পাঠক! জানি ৰাখাঁ, দেহটি, আত্মাৰ ৰাজ্য; আত্মা, এই দেহৰাজ্যৰ শাসনকৰ্ত্তা বা ৰজা। এই দেহ- ৰাজ্যত আত্মাৰ নানাবিধ ভিন ভিন স্বভাবৰ ভালেখিনি সেনা আছে। খোদা-তায়ালাই আপোন পবিত্ৰ গ্ৰন্থত কৈছে, “আৰু স্বয়ং তেখেতৰ বাহিৰে, তোমাৰ প্ৰভুৰ সৈন্যৰ কোনেও জ্ঞান নাপায”। এই বচন ফাঁকি, দেহৰাজ্যৰ সৈন্যক লক্ষ্যকৈ কোৱা হৈছে।

 সি-পুৰীৰ সুখ-সম্পদৰ হন্তে আত্মাৰ সৃষ্টি। নিজ সুখ সম্পদ চাই বিচাৰি লোৱা আত্মাৰ সকাম। খোদা- তায়ালাৰ তত্ত্ব জ্ঞান লাভেই আত্মাৰ সম্পদ বা সৌভাগ্য। যি আত্মাই, যিমান তত্ত্ব-জ্ঞান লভিবলৈ পাৰ্গত, সি, সিমানেই সম্পদশালী। স্ৰজনকৰ্ত্তাৰ দৰ্শন, তেওঁৰ স্ৰজা বস্তুতেই পোৱা যায়। সাজোঁতা গৰাকীৰ জ্ঞান, বুদ্ধি, ক্ষমতা আৰু কৌশল আদিৰ চিনাকি, তেওঁৰ গঢ়া বস্তুৱেই দিয়ে। গোটেই খন বিশ্ব-জগত পৰমেশ্বৰৰ সৃষ্ট আৰু তেওঁৰ নিজ গুণ-জ্ঞানৰ চানেকিৰে পূৰ্ণ। এই আচৰিত বহিৰ্জগত দৰ্শনৰ পৰা জন্মা জ্ঞান, চকু, কাণ আদি বাহিৰা ইন্দ্ৰিয় দ্বাৰা লাভ হয়। সেই ইন্দ্ৰিয় বোৰ শৰীৰে সৈতে সংলগ্নহৈ আছে। ইয়াৰ কাৰণ, ভালকৈ

বুজিবৰ নিমিত্তে, তলত এটি পটন্তৰ দিয়া গল।

[ ২৯ ]  আত্মা, জ নিবা, এজন ফান্দী বা চিকাৰী, তত্ত্ব- জ্ঞান, তেওঁৰ চিকাৰ; ইন্দ্ৰিয় বিলাক, জাল, জৰি আদি চিকাৰ ধৰা ফান্দ বা সজুলি। দেহটোৱে দুটা কাম কৰিছে; ১ম, ই, হাতী বা ঘোৰাৰ দৰে চিকাৰী আত্মাক পিঠিত তুলি লৈছে। আত্মাই দেহ স্বৰূপ হাতীৰ পিঠিত উঠি, তত্ত্ব-জ্ঞান স্বৰূপ চিকাৰ ধৰিবলৈ অনাই-বনাই ফুৰিছে। ২য়, ই, চিকাৰী আত্মাৰ চিকাৰ্ ধৰা আহিলা বোৰ বৈলৈ গৈছে। ইয়াৰ ওপৰত আত্মা চিকাৰৰ ইন্দ্ৰিয় স্বৰূপ জাল, জৰি, ফান্দ আদি আহিলা, বা, সজুলি বোৰ যুগুতকৈ ৰখা আছে। যেতিয়াই যিটো প্ৰয়োজন হব, চিকাৰী আত্মাই তাকে ব্যৱহাৰ কৰি, জ্ঞান-চিকাৰ ধৰি পেলাব। এই উদ্দেশ্যেই পৰম কৰুণাময় পৰমেশ্বৰে ইন্দ্ৰিয় সংযুক্ত দেহ, আত্মক দান কৰিছে।

 ওপৰত কোৱা হৈছে, দেহটো আত্মাৰ ৰাজ্য। এই ৰাজ্যত, নানা আলৈ-আহুকাল আৰু শত্ৰু-ভয় আছে। সেই বিলাক শত্ৰুৰ হাতৰ পৰা সাৰিবৰ নিমিত্তে দয়াময় গৰাকীয়ে হাত, ভৰি আদি অঙ্গ-প্ৰত্যঙ্গ, চকু, কাণ নাক আদি ইন্দ্ৰিয় দি আত্মাক দেহটি দান কৰিছে। তাৰ ওপৰঞ্চি আকৌ, বুদ্ধি, স্মৃতি, চিন্তা আদি কিছুমান উৎকৃষ্ট মনোবৃত্তি বা মানসিক শক্তি আৰু কাম, ক্ৰোধ, লোভ আদি কিছুমান অপকৃষ্ট বৃত্তিও দিছে। কিয়নো, আত্মাই, সেই গোটেই বিলাকক দেহ-ৰাজ্যৰ ৰখীয়া স্বৰূপে, ভিন ভিন [ ৩০ ] কাৰ্য্যত নিযুক্ত ৰাখি নিৰ্ব্বিঘ্নে ৰাজ্য শাসন কৰিব। আৰু সিহঁতেও আত্মাৰ আদেশ শীৰোধাৰ্য্য কৰি যাৰ যি কৰিব লগীয়া কাম, মূৰ পুতি কৰিব। সেই শক্তি বা সেনা বিলাকৰ, এটিৰ অবিহনে দেহ-ৰাজ্যৰ কাৰ্য্য সুকলমে চলিব নোৱাৰে।

 ওপৰত যি সেনা বোৰৰ কথা উনুকিওঁৱা গল, সেই সকলোটি আত্মাৰ আজ্ঞাকাৰী দাস, আত্মা সিহঁতৰ অধিপতি, বা ৰাজা-ধিৰাজ-মহাৰাজ। আত্মাৰ আদেশ পালেহে জি ভাই কথা কয়, হাতে, তেখেতে ধৰ, বুলিলে হে ধৰে ভৰিয়ে বাট বোলে, চকুৱে চাই পঠিয়ায়। আত্মাৰ আজ্ঞামতে চিন্তা শক্তিয়ে চিন্তা কৰে, স্মৰণ শক্তিয়ে স্মৰণ কৰে। সেই নিচিনাকৈ গোটেই বোৰ শক্তিয়েই আত্মাৰ আদেশ অনুসৰি চলে। পৰমেশ্বৰে মানুহৰ ওপৰত তেখেতৰ একান্ত অনুগ্ৰহ দেখুৱা বৰ কাৰণে, সেই সকল শক্তি বা বৃত্তি স্ৰজন কৰি শৰাৰ ৰখীয়া কামত আত্মাৰ আজ্ঞাধীন কৈ দিছে। অভিপ্ৰায়, সিহঁতে সৰ্ব্বতি কাল আত্মাৰ ভৃত্যালি কৰে আৰু অত্মাই সিহঁতৰ আলমলৈ আপোনাৰ পাথেয় সম্বল গোটায়, ধৰিব খোজা চিকাৰ ধৰে সিপুৰাৰ বণিজ সম্পন্ন কৰে আৰু সম্পদৰ কঠিয়া পেলায়।‘ স্বগীয় ফেৰেস্তা সকলে, যেনেকৈ স্ৰজন কৰ্ত্তাৰ আজ্ঞা, সানন্দ মনে পালন কৰে, একনো লৰচৰ নকৰে, তেনেদৰে আত্মাৰ ভৃত্য বোৰেও যেন আত্মাৰ আজ্ঞা মান্য কৰি

চলে।

[ ৩১ ]  আত্মাৰ সমস্ত ভৃত্য বা সেনাৰ বিবৰণ অতি বিস্তৃত। তদপি, তাৰ আওভাও বুজিবৰ কাৰণে চুটিকৈ এটি দৃষ্টান্ত দিয়া যাওক, শৰীৰটো জানিবা এখন ডাঙ্গৰ ৰাজ্য, আত্মা, সেই ৰাজ্যৰ ৰজা, আৰু বুদ্ধি মন্ত্ৰী; লোভ জানিবা ৰাজহ তোলা তহছিলদাৰ বা, খাজাঞ্চি; আৰু ক্ৰোধ তাৰ কটোৱাল বা শান্তি ৰক্ষক। অপোন ৰাজ্য সুশৃঙ্খলাৰে চলাবৰ কাৰণে, ৰজাই, সেই সকল তলতীয়া বিষয়া ৰাখিবৰ সকাম হৈছে।

 লোভ যাক আমি তহছিলদাৰ নাম দিছোঁ, সি অতি মিছলীয়া, আৰু অসজ প্ৰকৃতিৰ, বহুত সময়, সি নিজৰ কৰ্ত্তব্যৰ বাহিৰা কাম কৰি উঠে। বুদ্ধি মন্ত্ৰীৰ আদেশ অমান্য কৰে; ৰাজৰ ৰাজহ,ৰাজহুৱা কামত লগাবৰ ছলে সমূলঞ্চে আত্মসাৎ কৰি পেলায়। ক্ৰোধ, যাক আমি কটোৱালৰ লগত উপমা দিছোঁ, সি মহা দুৰ্দ্দান্ত, দোৰ্ঘোৰ দুৰন্ত, ভয়ানক খঙ্গাল আৰু অতিশয় তেজস্বী। কটা কটি মৰা-মৰি কৰি- বলৈ, সি, বৰ ভাল পায়। ধৰনী পতি মহাৰাজ সকলে যেনেকৈ নিজ ৰাজ্যৰ সুচক মন্ত্ৰীৰ আলচ লৈ, লুভীয়া, তহছিলদাৰক কাণত ধৰি পোণবাটে চলায়, সঞ্জাতী মন্ত্ৰীৰ বাহিৰে কাৰো কথাত কাণ নিদিয়ে; চোৰ, ডকাইত, ৰাজদ্ৰোহী অসজ প্ৰজাক দণ্ড দিবৰ আৰু দমাই ৰাখিবৰ কাৰণে কটোৱাল পাতি দিয়ে, ইফালে আকৌ কটোৱাল কো, লাই নিদিয়ে; সি যেন আপোন অধিকাৰৰ বাহিৰে [ ৩২ ] এখোজো আগুৱাবলৈ সাহ নাপায় এনেদৰে ৰাখে; আৰু তেনে দৰে সকলো ৰকমে নিজ ৰাজ্যৰ শৃঙ্খলা কৰিবলৈ সদায় যতন কৰে আৰু মনোযোগী হয়। তেনেকৈ দেহ-ৰাজ্যৰ দেল-ৰূপী ৰজাইও যদি আপোন ৰাজ্য শাসনৰ বাবে বুদ্ধি মন্ত্ৰীৰ মন্ত্ৰনা অনুসৰি চলে; লোভ, খঙক দমাই ৰাখিবলৈ সিহঁতৰ ওপৰত বিবেকক অধিপতি পাতি দিয়ে, তেনেহলে দেহ-ৰাজ্যৰ কাৰ্য্য সুশৃঙ্খলা লাগি সুন্দৰকৈ চলিব।

 দেহ-ৰাজ্যত যেতিয়া এনেকুৱা সুনিয়ম লাগিব, শাসন কাৰ্য্য তেনেদৰে শৃঙ্খলামতে চলি থাকিব; তেতিয়া “দেল” সম্পদৰ বাটত সুকলমে আগুৱাই গৈ পৰাৎপৰ পৰম্পদ অৰ্থাৎ পৰমোন্নত পৰমোৎকৃষ্ট থলত থিতাপি লাগিব পাৰিব। তাৰ বিপৰীত, যদি হে ক্ৰোধ আৰু লোভে বিবেকক বঞ্চনা কৰি কিবা স্বৰূপে সিহঁতৰ আজ্ঞাকাৰী দাসকৈ লয়, তেনেহলে লাভে মুলে সমূলি বুৰিব। দেহ- ৰাজ্য অধঃপাতে মাৰ আৰু আত্মৰূপী মহাৰাজ বন্দী হৈ অনন্তকাল বিষয় নিকাৰ ভুঞ্জি কাল নিয়াব লাগিব।


[ ৩৩ ]

আত্মাৰ সৈতে দাস বিলাকৰ সমন্ধ।

 ওপৰত যি কোৱা হল, তাৰ মুঠ কথা কৰুণাধাৰ স্ৰজনকৰ্ত্তাই , ক্ৰোধ আৰু লোভ, আমাৰ শৰীৰ ৰক্ষাৰ কাৰণে দান কৰিছে। ভোজন, পান কৰি শৰীৰ পোষণ কৰিবলৈ লোভৰ সৃষ্টি; শত্ৰুৰ হাতৰ পৰা ৰক্ষা পাবলৈ ক্ৰোধৰ জনম হৈছে; ক্ৰোধ আৰু লোভ দুয়ো শৰীৰৰ ভৃত্য বা সেৱক। চকু, কাণ, নাক আদি ইন্দ্ৰিয় বোৰক বৈ-লৈ ফুৰা শৰীৰৰ কাম। এই হেতুকে শৰীৰক ইন্দ্ৰিয়ৰ ভৃত্য বা সেৱক বোলা যায়। আকৌ চোৱাঁ ইন্দ্ৰিয় বিলাক, বুদ্ধিৰ দূত বা বাতৰি বাহী কটকী; বুদ্ধিয়ে এই ইন্দ্ৰিয় বোৰৰ আলম্‌লৈ পৰমেশ্বৰৰ অদ্ভুত ২ গঢ়ন পাৰ্গতালি চিনিব পাৰে; এই কাৰণে ইন্দ্ৰিয় বোৰক বুদ্ধিৰ ভৃত্য বা সেৱক বুলিব পাৰি। এই বুদ্ধি আকৌ “দেলৰ” হন্তে হৈছে , বিবেক অৰ্থাৎ সজ বুদ্ধি “দেলৰ” বন্তি, “দেল” ইয়াৰ পোহৰত পৰমোন্নত, পৰম্পদ দেখিবলৈ পাৰ্গত হয়; “দেলৰ” পক্ষে এয়ে বেহেস্ত বা বৈকুণ্ঠ। সেই কাৰণে বুদ্ধি আকৌ “দেলৰ” ভৃত্য বা সেৱক। পৰমেশ্বৰৰ শোভা দৰ্শনৰ বাবে হে “দেলৰ" সৃষ্টি। “দেল” যেতিয়া পৰমেশ্বৰৰ শোভা চাই চাই [ ৩৪ ] বিভোল হৈ পৰিব; তেতিয়াহে তেখেতৰ উপযুক্ত বান্দা অৰ্থাৎ স্তুতিকাৰী আজ্ঞাবহ দাস হব পাৰিব। স্ৰজন কৰোঁতা খোদাতায়ালাই এই সমন্ধে স্বীয় পবিত্ৰ (ক) কালামাল্লা শ্যৰিফত কৈছে, “আৰু আমি উপাসনা, বন্দনাৰ বাজে আন কোনো কাৰণে জেন্‌ ( উপদেৱতা) আৰু এন্‌ছান (মানব জাতি)ক, স্ৰজন কৰা নাই।”

 পৰম দয়ালু পৰমেশ্বৰে আত্মা স্ৰজন কৰি, অলেখ লগুৱাৰে সৈতে এই লোভনীয় দেহ দান কৰিছে। আত্মা, দেহ ৰূপ ঘোৰাত উঠি যেন, এই নিম্ন জগতৰ পৰা “য়ালা ইল্লিন” অৰ্থাৎ ওখতকৈ ওখ শ্ৰেষ্ঠতম জগতলৈ অনুক্ৰমে উধাই গৈ থাকে। যদি কোনোৱে এই মহা দানৰ মোল জানিবলৈ হাবিলাষ ৰাখে আৰু নিজ দাসালি ধৰ্ম্ম সাৰ্থক কৰিবলৈ হুতাহ কৰে, তেনেহলে তেওঁৰ উচিত; তেওঁ, ৰজাৰ দৰে নিজ সিংহাসনত থিৰ হৈ বহে, পৰমেশ্বৰক সন্মুখত লক্ষ্য কৰি লয়, পৰকালক চিকলীয়া ঘৰ বুলি বুজে আৰু এই সংসাৰক আলি কাষৰীয়া পান্থ- শালা, দেহাটোক বাহন, হাতভৰিক লগুৱা, বুদ্ধিক মন্ত্ৰী, লোভক খাজাঞ্চী, ক্ৰোধক কটোৱাল, ইন্দ্ৰিয় বিলাকক, বাৰ্ত্তা বাহক দূত পাতি লয়; আৰু প্ৰত্যেকক আপোন ২ কৰিব লগীয়া কাৰ্য্যত লগাই; পৰকালৰ সম্বল সঞ্চয়

কৰে।

(ক) কোৰান শ্যৰিফ। [ ৩৫ ]  মানুহৰ মূৰৰ সমুখ খোঁটালীৰ মগজু, কল্পনা বা চিন্তা শক্তি থকা থল; সেই চিন্তা শক্তিক, বাৰ্ত্তা বাহক দূত বোৰৰ অধ্যক্ষ পাতি লবাঁ। দূত হঁতে এটি ২ কৈ বাতৰি আনি এই অধ্যক্ষক গতাই দিব। তাৰ পাচত, পাচ মূৰৰ মগজুত স্মৰণশক্তি থাকে, তাক বাৰ্ত্তা বোৰৰ মহাফেজ বা ৰখীয়া পাতিবাঁ। স্মৰণ-শক্তিৰূপ মহাফেজে, কল্পনা-শাক্তৰূপ অধ্যক্ষৰ হাতৰ পৰা বাতৰি বোৰ আনি অতি যতনেৰে নিজ অধিকাৰত ৰাখিব পিচে, যেতিয়া যি বাতৰিৰ কাম ওলায়, তেনে সকাম বুজি স্মৰণ-মহাফেজে বুদ্ধিৰূপ মন্ত্ৰীৰ আগত, বাতৰি বোৰ ভেঁটিবলৈ, এনে স্বৰূপে দেহ-ৰাজ্যৰ ভিন্ ২ বিভাগৰ পৰা বাতৰি আহি মন্ত্ৰীৰ ওচৰত গোট খাবহি; মন্ত্ৰীয়ে সেইবোৰ বাৰ্ত্তা অনুসৰি দেহ-ৰাজ্যৰ সু-বন্দবস্ত কৰি গৈ থাকিব আৰু আত্মা-ৰূপ ৰজাৰ পথ সম্বল সংগ্ৰহত দিনে-ৰাতিয়ে লাগি থাকিব।

 পৰন্তু মন্ত্ৰীয়ে যদি বুজি উঠে, ক্ৰোধ, লোভ আদি কিছুমান ভৃত্য, ৰাজ বিদ্ৰোহী হৈছে; ৰাজ্যৰ শাসন অমান্য কৰি ৰজাৰ পথ-সম্বল লুটিবলৈ সাজু আছে; তেন্তে এনে ঘটনাত, বুদ্ধি-মন্ত্ৰীয়ে, তাৰ প্ৰতিকাৰৰ আয়োজন কৰিব; বিদ্ৰোহ বিলাকৰ লগত যুঁজ পাতিব আৰু সিহঁতক সম্মুখ সমৰত হৰুৱাই দুনাই তল্তীয়াকৈ, লবলৈ পুৰুষাৰ্থ কৰিব; অৰ্থাৎ সিহঁতক আকৌ হাতৰ [ ৩৬ ] তললৈ আনিবৰ নিমিত্তে পাৰ্য্যমানে চেষ্টা যত্নৰ ত্ৰুটি নকৰিব; আৰু আত্মাৰ গন্তব্য পথৰ সাৰথি অৰ্থাৎ হিতাকাঙ্ক্ষী সঙ্গী কৰি লব।

 এনে সুনিৰ্ব্বন্ধৰ ওপৰত দেহ-ৰাজ্যৰ কাৰ্য্য চলিলে আত্মা পৰম সম্পদশালী হৈ স্ৰজোঁতা পুৰুষৰ মহা দানৰ শলাগ জনাব পাৰিব আৰু নিজৰ সেৱা-সৎকাৰৰ সলনি ডাঙ্গৰ বটাৰ অধিকাৰী হব। আন পক্ষত, ওপৰত কোৱাৰ নিচিনা দেহ-ৰাজ্যৰ কাৰ্য্য নচলি, যদি তাৰ ওলোটা হয়; অৰ্থাৎ আত্মা, অসজ প্ৰবৃত্তিৰ পাক-চক্ৰত পৰি স্ৰজোঁতা গৰাকীক পাহৰি যায়, তেখেতৰ আজ্ঞাবহ গোলাম গুচি গিৰিদ্ৰোহী হয়, তেনেহলে সি অশলাগী, নিমখহাৰাম; লোন খাই গুণ গাব পাহৰিলে, এই গৰ্হিত ব্যৱহাৰৰ সলনি, সিপুৰীত সি কঠোৰ দণ্ডেৰে দণ্ডিত হৈ ভয়ানক জীয়াতু ভুগিব লাগিব।

 পাঠক! এতিয়া বুজি লোৱাঁ, মানুহৰ ভিতৰুৱা সেনা বা ভৃত্য বিলাকেৰে সৈতে আত্মাৰ এটি অতি আচৰিত সমন্ধ আছে; আৰু সেই কাৰণেই মানুহৰ গাই ২ ভিন ২ গুণ আৰু ভিন ২ স্বভাৱ ওপজে। এই সকল স্বভাৱৰ কেতবোৰ বৰ বেয়া, মানুহক একেবাৰে ৰসাতল লৈ নিয়ে, আৰু কিছুমান অতি ভাল; মানুহক, সম্পদৰ ওখত কৈ ওখ খাপলৈ তুলি নি অতিশয় মান সম্ভ্ৰম দিয়ে। সেই বিলাক যদিও নানা বিধৰ, তত্ৰাচ তাৰ চাৰি শ্ৰেণী [ ৩৭ ] কৰিব পাৰি। ১ম ইতৰ জন্তুৰ স্বভাৱ; ২য় হিংসক জন্তুৰ স্বভাৱ, ৩য় শ্যায়তানী স্বভাৱ ৪ৰ্থ, ফেৰেস্তা স্বভাৱ বা দেৱ-ভাৱ। মানুহৰ কাম-বৃত্তি আৰু লোভ আছে গুণে, ইতৰ জন্তুৰ আৰ্হি অনুসৰি সিহঁতে নাৰী সহবাস আৰু পান আহাৰ কৰে; ক্ৰোধ ৰিপু আছে গুণে কুকুৰ, শিয়াল, বাঘ আদি হিংসক জন্তুৰ নিচিনাকৈ পৰহিংসা পৰ-যাতনা, দন্দ আৰু মৰিয়া-মৰিকৈ দিন কটায়। মানুহৰ গত শ্যায়তানী স্বভাৱ আছে কাৰণে, মিছা, নিন্দা, ছল-চাতুৰি চুৰি আদি নীহ কামে সিহতক অনুক্ৰমে তললৈ হেচুকি নি অধোগতিৰ ঘোপ-মৰা দ-খালত পেলায় গৈ মাথোন। মিছলীয়া, টুটকীয়া, নিন্দক, ভাণ্ডক, চোৰ, চেলেপুৰ মুখৰ পৰা পৰ-গ্লানি, পৰ-নিন্দা, পৰ-দ্ৰোহ ইয়াকেহে বৰষিবলৈ দেখা যায়। আকৌ, মানুহ বিবেক বুদ্ধিৰ সুকীয়া গৰাকী দেখি কেতিয়াবা ২ ফেৰেস্তাৰ ক্ষমতাই ঢুকি নোপোৱা কামো কৰি এঁতায়।

 জ্ঞানলৈ হেপাহ, সজ-কামলৈ হাবিয়াহ, বেয়া কামলৈ ঘিণ, পৰ হিতলৈ আগুউৱা, নীহ কামৰ পৰা আঁতৰা, সকলো অৱস্থাত পৰমেশ্বৰলৈ শলাগ নপহৰা, আপোন মান, মৰ্য্যাদা ৰাখি চলা, মূৰ্খালি, অবিদ্যালিক লাজৰ আৰু ডাঙ্গৰ দোষৰ কাৰণ বুলি ভবা, এই গোটেই বোৰ ফেৰেস্তাৰ স্বাভাৱ। মানুহৰ গাত ফেৰেস্তা স্বভাৱ আছে

গুণে, মানুহে সেই সকল কাম কৰে।

[ ৩৮ ]  দৰাচল পক্ষত, মানুহৰ স্বভাৱৰ মাজত গাহৰি স্বভাৱ, কুকুৰ স্বভাৱ শ্যায়তানী স্বভাৱ আৰু ফেৰেস্তা স্বভাৱ, এই চাৰিও বিধ স্বভাৱ বৰ্ত্তমান আছে। শূকৰ, তাৰ, আকাৰ, গঢ়-গতিৰ নিমিত্তে ঘৃণাৰ পাত্ৰ নহয়; সদ সৰ্ব্বদা অশুচি, ঘিণ-লগা বস্তুলৈ লোভ কৰে দেখিহে লোকে তাক ঘিণায়। কুকুৰো, হাত, ভৰি, নোম, ছাল, আকাৰ, গঢ় ইত্যাদিৰ বাবে, ঘৃণাৰ পাত্ৰ হোৱা নাই। সদায় স্বজাতিলৈ শত্ৰু ভাব পোষণ কৰে, আন কাৰবাক দেখিলে ভেউ-ভেউ কৰে ভুকে আৰু খেং-খেং কৰে কামুৰিবলৈ খেদি আহে, এই কাৰণেহে ঘৃণাৰ পাত্ৰ শূকৰ, কুকুৰৰ জীউ তেনে প্ৰকৃতিৰ কাৰণেই সিহঁতে আপোন ২ স্বভাৱ অনুসৰি কাৰ্য্য কৰে। মানুহৰ গাতো তেনে প্ৰকৃতি আছে। মানুহৰ শ্যায়তনী স্বভাৱ আৰু দেৱ-ভাবৰ বিবৰণ, সেই দৰে বহলাই কোৱা যাব।

 বুদ্ধিৰ পোহৰ, ফেৰেস্তাৰ জেউতিৰ নিচিনা; বুদ্ধিৰ পোহৰলৈ শ্যায়তানৰ ছল, চক্ৰান্ত সদৰী অৰ্থাৎ জনা-শুনা কৰি দিবলৈ মানুহৰ প্ৰতি আদেশ আছে। তেনে কৰিলে শ্যায়তান, তাৰ শ্যায়তানী কামত সদায় কোঁচ-খাই থাকিব আৰু সজ-কৰ্ম্মত কোনো বিঘ্নি ব্যাঘাত ঘটাব নোৱাৰিব। মহাপুৰুষ হজৰত মহম্মদ মস্তাফা (ছ্ব, য়া, অ) মে, কৈছে, “মানুহৰ সঙ্গত গাই ২ একোটা শ্যায়তান আছে; আৰু মোৰো লগত এটা আছে; কিন্তু খোদা[ ৩৯ ] তায়ালাই, তাৰ ওপৰত মোক জয়ী কৰিছে; সি, মোৰ আজ্ঞা-বহ হৈ আছে; কোনো বেয়া কামলৈ মোক চলাই নিব নোৱাৰে।”

 মানুহৰ প্ৰতি আদেশ আছে, সি, কাম, ক্ৰোধ, লোভ আদি ৰিপু বোৰক, এনে স্বৰূপে বুদ্ধিৰ বশকৈ ৰাখে, যেন তাৰ হুকুমত, সিহঁতে “বহ” বুলিলে বহে, “উঠ” বুলিলে উঠে। যিজনে, এনেকুৱা কৰিব পাৰিব, সেই জনে, সম্পদৰ বিধান স্বৰূপ, সজ-স্বভাৱ, সজ-গুণ লভিব পাৰিব। যদি তেনে নকৰি কোনোবাই তাৰ ওলোটা আচৰে অৰ্থাৎ স্বয়ং কাম, ক্ৰোধ, লোভৰ গোলাম হৈ পৰে, তেনেহলে তাৰ অন্তৰত কেতবোৰ বেয়া স্বভাৱ ন-কৈ উপজিব। সেই কু-স্বভাৱ বোৰ তাৰ হন্তে, চিৰ-কলীয়া দুৰ্দ্দশাৰ সঁচ হব।

 যদি তাৰ নিজৰ অৱস্থা, সমাজিকতে হওক বা দিঠকতে হওক দৃষ্টান্ত দি ভাঙ্গি দেখুউৱা যায়, তেনেহলে, দেখিবলৈ পাব, সি এটা গাহৰি বা এটা কুকুৰ অথবা এটা পিশাচৰ সন্মুখত, হাত জুৰি, তাৰ হুকুমলৈ বাট চাই থিয় হৈ আছে।

 মানুহে যদি বিচাৰৰ চকুৰে চায়, চিন্তাকৈ বুজে, তেনেহলে, দেখিবলৈ পাব যে, সিহঁতে দিনে-ৰাতিয়ে, কাম, ক্ৰোধ, লোভ আদিৰ গোলামিতে লিপিত খাই কাল নিয়াইছে। সাক্ষাৎ আকৃতি, আও-ভাওত মানুহ [ ৪০ ] হেন দেখা যায় সঁচা; কিন্তু দৰাচলত, সিহঁত, কোনো গাহৰি, কোনো কুকুৰ আৰু কোনোবা বাঘ। সি পুৰীত পাপ পুণ্য বিচাৰৰ দিনা, ইয়াৰ ভেদাভেদ ওলাই পৰিব। তেতিয়া প্ৰকৃতিলৈ আকৃতি হব। যি মানুহে সংসাৰত কাম আৰু লোভ বশীভূত হৈ চলিছিল, সি, সিপুৰীত শূকৰৰ ৰূপ ধৰিব আৰু যিটো ক্ৰোধৰ আজ্ঞাধীন, সি কুকুৰ বা বাঘৰ মূৰ্ত্তি পাব। কোৱা আছে, যি মানুহে সপোনত বাঘ দেখা পায়, তাৰ অৰ্থ, সি দুৰন্ত; আকৌ যি গাহৰি দেখে, সি মেলেছ।

 টোপনি এবিধ মৰণৰ আৰ্হি। টোপনিৰ প্ৰভাৱত মানুহ, ইহ জগতৰ পৰা, যিমানে আঁতৰ হৈ যায়, সিমানে তাৰ আকাৰ অনুক্ৰমে, তাৰ স্বভাৱৰ অনুৰূপ হৈ পৰে। সেই কাৰণেই, মানুহৰ বাহিৰা আকাৰ, আও-ভাও দেখি, তাৰ ভিতৰুৱা স্বভাৱৰ আঁটকাল ধৰিব পাৰি। এই বোৰ বৰ দ-গূঢ় কথা। এই পুথিত তাৰ ব্যাখ্যা নাটিব।

 প্ৰিয় পাঠক! এতিয়া বুজিব পাৰিছা, মানুহৰ অন্তৰত চাৰিবিধ প্ৰবৃত্তি আছে। এই প্ৰবৃত্তি বোৰে, মানুহৰ ওপৰত সদায় হুকুম চলায়। সেই প্ৰবৃত্তি বিলাকৰ, কোন্ ২ টোৰ অধীন হৈ তোমাৰ কাম-বন চলন-কৰণ, ভাবান-চিন্তনি আৰু চেষ্টা-যত্ন চলিছে, তাক বাৰুকৈ চাই-চিতি, মনত বুজি লব লাগিব; আৰু এই কথা আষাৰিও পতিয়াই লোৱা উচিত যে, তুমি যি ২ প্ৰবৃত্তিৰ [ ৪১ ] অধীন হৈ, যি ২ কাম কৰিবা, তাৰ ফল স্বৰূপ, তোমাৰ আত্মাত এবিধ গুণ বা ভাব উপজিব। সেই গুণ বোৰ পৰকাল পৰিমিত তোমাৰ লগৰীয়া হৈ লগত থাকিব। মানুহৰ চৰিত্ৰই, এই চাৰিবিধ প্ৰবৃত্তিৰ পৰা গঢ় লয়। যদি তুমি লোভ ৰূপ শূকৰৰ আজ্ঞাধীন হৈ চলা, তেন্তে, তোমাৰ অন্তৰত অশুচি, ম্লেচ্ছালি, নিৰ্গতালি, খিয়াল, পৰ-নিন্দা প্ৰেম, চাটু-বচন প্ৰেম, অতি-হুতাহ এনে ২ কুন্ধচ ভাব উপজিব। আন পক্ষত, যদি লোভ, কাম, ইহঁত দুয়োকে দমাই, তলতীয়াকৈ লব পাৰা, তেনেহলে, তোমাৰ অন্তৰত, আত্ম প্ৰেম, অলপত তুষ্টি, বিনয়, অচিন্তা, লাজুকালি, নিৰ্লোভালি আদি সজ-গুণ জন্মিব। আকৌ যদি, ক্ৰোধ ৰূপ কুকুৰৰ বশীভূত হৈ চলা, তেনে- হলে, দন্দুৰালি, মইমতালি, দম্ভালি, পৰ-ঘৃণা অহংকাৰ প্ৰভুত্ব প্ৰেম, মৰ-সাহ এনে ২ নীচ স্বভাৱ, তোমাৰ শৰীৰত দেখা দিব। আন পক্ষত, তুমি যদি, সেই ক্ৰোধ দমাই ৰাখিবলৈ সক্ষম হোৱা, তেনেহলে, গহনালি, সহনশীলতা, বীৰতা, ধীৰতা, দয়া, ক্ষমা, সাহ; এই বিলাক সজ-গুণ, তোমাৰ মনত ঠাই পাব। তোমাৰ গাত যি শ্যায়তানী প্ৰবৃত্তি আছে, তাৰ লগুৱালি কৰিলে, কাজ- কামত কুচ্ছূট, কপট, বঞ্চনা, অসঞ্জাত, মিছালি, চুৰি, চাতুৰি, নিন্দা আদি নীহ গুণে তোমাৰ মনত ঘৰকৈ লব। তাৰ বাজে, আগেয়ে কোৱা, শূকৰ আৰু কুকুৰ [ ৪২ ] প্ৰবৃত্তিক উদগাই দি বলৱন্ত কৰিব। এতেকে, শ্যায়তানী প্ৰবৃত্তিক বশীভূত ৰাখি তাৰ পাক-চক্ৰৰ পৰা গা সৰুৱাই, বিবেক বুদ্ধিক বলী কৰিবলৈ দিহা কৰাঁ। তেনেহলে, তোমাৰ অন্তঃকৰণত, নিপুণালি, পাৰ্গতালি, মহতালি, জ্ঞান, কৌশল, পৰহিত-কামনা, বিনয়, শিষ্টাচাৰ আদি সকলো সজ-গুণ উপজি, তোমাৰ আত্মাক দীপ্তিমন্ত কৰিব। আৰু সেই সজ-গুণ বোৰ, বাৰেও কালি তোমাৰ সঙ্গত থাকিব। মৃত্যুৰ পাচতো, অনন্ত- কলীয়া সজ আৰু পূণ্য কৰ্ম্ম লালীৰ ভূমুক হব; আৰু ইকালতো, তোমাৰ সম্পদৰ বিধান হৈ পৰম হিত সাধিব।

 যি বোৰ ক্ৰিয়াই, নৰ-নাৰীৰ অসজ গুণ, অসজ চৰিত্ৰ জন্মায়, সেই সমস্ত ক্ৰিয়াক, পাপ-কৰ্ম্ম বোলে আৰু যিবিলাকে, সজ-গুণ উত্তম চৰিত্ৰৰ উৎপত্তি কৰে, সেই সমস্তক পূণ্য-কৰ্ম্ম কয়। মানুহৰ গোটেই কৰ্ম্ম আৰু যত্ন, এই দুই অৱস্থাত বাজে, অইন অৱস্থাত থাকিব নোৱাৰে।

 মানুহৰ দেল বা আত্মা, পৰিষ্কাৰ আৰ্চীৰ নিচিনা ফট্-ফটীয়া। কুচৰিত্ৰ, ধোঁৱা আৰু আন্ধাৰৰ দৰ মলিয়ন। কুচৰিত্ৰই, অনুক্ৰমে, আত্মালৈ গৈ, তাক কলুষিত বা দাগী কৈ পেলায়। কুগুণ, কুচৰিত্ৰে, আত্মাৰ, সম্মুখত এখনি কলীয়া আঁৰ পেলাই সি পৰাৎপৰ, পৰমোন্নত স্থান [ ৪৩ ] দৰ্শনৰ পৰা তাক বঞ্চিত কৰে। আন পক্ষত, সজ-গুণ আৰু উত্তম চৰিত্ৰ বন্তিৰ দৰে উজ্জ্বল; ই, দেলত গৈ সকলো মলিনতা বা পাপ গুচাই তাৰ শোভা বৃদ্ধি কৰে। এইবাৰে, হজৰত মহম্মদ মস্তাফা ( ছ্ব; য়া; অ;) মে, আদেশ কৰিছে, “প্ৰত্যেক পাপ-কৰ্ম্মৰ পাচত এটি পূণ্য- কৰ্ম্ম সমাধিবাঁ”; কিয়নো, সজ-কৰ্ম্মে অসজ-কৰ্ম্মৰ চেকা ধুই পেলায়।

 কেয়ামত বা মহা-প্ৰলয়ৰ দিনা মনুষ্যাত্মা, হয় দীপ্তিময় কান্তিমন্তহৈ নাইবা কৃষ্ণপক্ষৰ আঙ্গাৰ যেন মলিয়নহৈ বিচাৰ-ক্ষেত্ৰলৈ উঠি যাব। এই কাৰণে, খোদা-তায়ালাই, আপোন পবিত্ৰ কালামাল্লাত কৈছে, “যি জনে, খোদা- তায়ালাৰ সন্মুখত নিদাগী আত্মালৈ যাব পাৰিব, তেওঁৰ বাহিৰে অইন কোনেও পৰিত্ৰান না পায়।’’

 প্ৰথম স্ৰজন কালত, আটাই, লো, নিকা, চক্চকীয়া থাকে , সেই অৱস্থাত সকলো, লোৰ, মুখ দেখা আৰ্চী সাজি লব পাৰি; কিন্তু, অতি সাৱধানে ৰক্ষা কৰিব নোৱাৰিলে, মামৰে ধৰি তাক নষ্ট কৰে। তেতিয়া, চক-চকীয়ালি গুণ গুচিগৈ আৰ্চীৰ কামৰ অযোগ্য হয়। তেনদৰে, স্ৰজন হবৰ প্ৰথম অৱস্থাত সকলো মনুষ্যাত্মা, এনেকুৱা নিৰ্ম্মল আৰু উজ্জল থাকে যে, তাত বিশ্ব-জগতৰ আটাই বস্তুৰ ছাঁ প্ৰতিফলিত হব পাৰে অৰ্থাৎ বস্তুৰ আকাৰ তাত ওলাব পাৰে; কিন্তু সাৱধান হৈ চলিব নেজানিলে কুকৰম কু[ ৪৪ ] আচাৰ কৰি থাকিলে, আত্মাৰ ওপৰত ক্ৰমে২ এবিধ দাগ আৰু কলাছাতি পৰিবলৈ ধৰে; শেহান্তৰত,আত্মাৰ উজ্জ্বল, জলজলীয়া আৰু নিৰ্ম্মল গুণ, সমূলি নাইকিয়া হয়। তেতিয়া, পূৰ্ব্বৰ নিচিনা বিশ্ব-জগতৰ ঘটনা বা বিষয় বোৰ আৰু আত্মাত প্ৰতিফলিত হব নোৱাৰে। সুতৰাং তেতিয়া আত্মা খোদা-তায়ালাৰ তত্ত্ব-দৰ্শনৰ যোগ্য না থাকে। এই কাৰণে, খোদা-তায়ালাই কৈছে, “সিটো নহয়, বৰং আপোন কৰ্ম্ম দোষত, সিহঁতৰ আত্মাৰ ওপৰত মামৰ পৰিছে।”

⸺⸺

আত্মা, যি২ গুণৰ প্ৰভাৱত পৰমেশ্বৰৰ

তত্ত্ব-জ্ঞান লাভৰ যোগ্য।

 এতিয়া এনে প্ৰশ্ন সুধিব পাৰা; যি স্থলত, মনুষ্য- দেহত ইতৰ জন্তু, শ্যায়তান, আৰু ফেৰেস্তা, তিনিওৰো প্ৰকৃতি বৰ্ত্তমান আছে, তেনেস্থলত, কেনেকৈ জানিম যে, ফেৰেস্তা প্ৰকৃতিয়েই মানুহৰ আচল বা শ্ৰেষ্ঠ গুণ। আন বোৰ তাৰ সহায় মাথোন। আকৌ, মানুহ কেৱল, ফেৰেস্তা স্বভাৱ লাভ কৰিবৰ হন্তেহে ভূমিষ্ঠ হৈছে, অইন কোনো কাৰণে নহয়, তাকে বা কি স্বৰূপে জানিম। তাৰ উত্তৰ শুনা; শুনিলে বুজিব পাৰিবা, মানুহ, অকল ফেৰেস্তা [ ৪৫ ] স্বভাৱৰ গুণে হে ইতৰ প্ৰাণী আৰু হিংসক জন্তুতকৈ শ্ৰেষ্ঠ হৈছে।

 পৰম জ্ঞাণী, সৰ্ব্বজ্ঞ পৰমেশ্বৰে, জীৱ নিৰন্তৰে, তাৰ পূৰ্ণ অৱস্থা অৰ্থাৎ উদ্‌গতিৰ একোটা সীমা বান্ধি দিছে। যি জাতি প্ৰাণীৰ পূৰ্ণ অৱস্থাৰ যি সীমা থিৰাং কৰা আছে, সেই পূৰ্ণতা বা উদগতি লভিবৰ নিমিত্তেই তাৰ স্ৰজন। এটা দৃষ্টান্ত দি কলেই ফট্-ফটীয়া কৈ বুজিব পাৰিবা।

 গাধ আৰু ঘোৰা; এই দুয়োৰো মাজত, ঘোৰা, গাধতকৈ শ্ৰেষ্ঠ; কিয়নো, গাধই অকল বোজা ব’ব পাৰে মাথোন। কিন্তু, ঘোৰাই গাধৰ দৰে বোজা বৈও নিব পাৰে, আকৌ, যুঁজাৰুক পিঠিত তুলি যুদ্ধ-ক্ষেত্ৰত, তাৰ ঠাঁৰ, চিয়াঁৰ বুজি, আগুৱাব, পাচুৱাব আৰু চেকুৰ বা চুটি মেলিবও পাৰে। এই দেখি, গাধতকৈ, ঘোৰাৰ যোগ্যতা বেচি। সুতৰাং ঘোৰা, গাধতকৈ শ্ৰেষ্ঠ; আৰু এয়ে, ঘোৰাৰ উদ্ গতিৰ শেষ সীমা। যদি, সেই গুণ বা যোগ্যতা আৰ্জিব নোৱাৰে, তেনেহলে, সি গৰ্দ্দভত্ব অৰ্থাৎ গাধৰ অৱস্থা পায়। তেতিয়া, সি, গাধৰ দৰে, বোজা বোৱাৰ বাহিৰে শ্ৰেষ্ঠ কাৰ্য্য কৰিব নোৱৰা হয়; এয়ে, ঘোৰৰ পক্ষত মহৎ ক্ষতি আৰু অধোগতি।

 কোনো ধৰ্ম্ম-মণ্ডলীৰ মত; মানুহ জাতিয়ে, খোৱা, পিয়া, শোৱা, নাৰী সঙ্গম কৰা, এনে বোৰ ক্ৰিয়ালৈহে জনম পাইছে। এতেকে, সিহঁতে, তেনেকুৱা কাম কৰি [ ৪৬ ] আয়ুস্ কটায। আকৌ, আৰবী আৰু তুৰ্কী জাতি মানুহে, বিবেচনা কৰে, অইন জাতিক যুঁজত হৰুউৱা আৰু সিহঁতৰ ওপৰত মহতালি দেখুউৱা মনুষ্য-জীৱনৰ লক্ষ্য। দকৈ গমি চালে, বুজা যায়, এই দুয়োটা মত ভুল। খোৱ-বোয়া, ৰতি-ক্ৰিয়া কৰা, কামনা বৃত্তিৰ কাম; এই বৃত্তি নীচ প্ৰাণীৰো আছে। সকলোৱে জানে, উটৰ পানাহাৰ শক্তি আৰু ঘৰচিৰিকাৰ মৈথুন শক্তি মানুহকৈ বঢ়া। খোৱা- লোৱা, মৈথুন ক্ৰিয়াত উদ্গতি লভাই যদি মনুষ্য-জীৱনৰ ঘাই কাম, তেনে হলে, কেনে কৈ মানুহক উট আৰু ঘৰচিৰিকাতকৈ শ্ৰেষ্ঠ বুলিব পাৰি। আকৌ, যুঁজত জিকা ক্ৰোধৰ কাম, পৰমেশ্বৰে, হিংসক জন্তুক পূৰ্ণ মাত্ৰাই খং দিছে। এতিয়া, চোৱাঁ, ইতৰ প্ৰাণী আৰু হিংসাকুৰীয়া জন্তুৰ প্ৰকৃতিত যি২ গুণ আছে মানুহৰ গাতো সেই বোৰ বৰ্ত্তমান। তেনেহলে, কিহৰ কাৰণে মানুহ শ্ৰেষ্ঠ? বুদ্ধিৰ কাৰণ নহয় নে? পৰমেশ্বৰে দয়াকৈ অকল মানুহক এই বিবেক শক্তি দিছে, পশুক দিয়া নাই। বুদ্ধি আছে বুলি, মানুহে, খোদা-তায়ালাক চিনিব আৰু তেখেতৰ নানা তৰহৰ শিল্প চতুৰালি, আচৰিত২ কাৰিকৰি জানিব পাৰে বুদ্ধি বলে, মানুহে, আপোনাক, কাম, ক্ৰোধ, লোভৰ হাতৰ পৰা এৰাবলৈ সমৰ্থ হয়; এয়েই ফেৰেস্তা স্বভাৱ; মানুহ জাতি, ইয়াৰে প্ৰভাৱত পশু, পখী আদি সকলো প্ৰাণীৰ ওপৰত প্ৰাধান্য চলাবলৈ পাৰ্গত। মুঠতে, কবলৈ গলে, [ ৪৭ ] ইয়াৰে বলত, পৃথিবীৰ পিঠিত যি ২ আছে, সেই সমস্তই মানুহৰ তলতীয়া। এই কাৰণে, খোদা-তায়ালাই কৈছে, “যি কিছু পৃথিবীত আছে, সেই সমুদয়কে, তোমাৰ অধীনকৈ দিয়া হৈছে।”

 যি সকল গুণ, মানুহৰ শ্ৰেষ্ঠত্ব আৰু পূৰ্ণত্বৰ মূল, সেই সমুদয় তাৰ আচল বা নিত্য-গুণ। তাৰ বাজে, অইন সমস্তই নৈমিত্তিক অৰ্থাৎ আন কাৰণে ওপজা গুণ; সেই বোৰক অনিত্য গুণো বুলিব পাৰি। এই অনিত্য- গুণ বোৰ, মানুহৰ আল্-পৈচান ধৰাৰ আৰু তাক পূৰ্ণ অৱস্থা লভিবলৈ সহায়তা কৰাৰ কাৰণে হে স্ৰজা হৈছে। এই হেতু, মানুহ যেতিয়া মৰে, যেতিয়া জীৱনৰ উদ্দেশ্য ওৰপৰে, তেতিয়া, তাৰ লগত, কাম, ক্ৰোধ, লোভ আদি অনিত্য-গুণ বোৰ আৰু নাথাকে। থাকোঁতে, অকল তলত কোৱা দুটি গুণৰ এটি, আত্মাৰ সঙ্গত নেৰা-নেৰিকৈ ৰৈ যায়। প্ৰথমৰটি, ধৰ্ম্মিষ্ঠ পূণ্যাত্মা সকলৰ সঙ্গী। ই, উজ্জ্বল দীপ্তিমন্ত আৰু খোদা-তায়ালাৰ তত্ত্ব-জ্ঞানেৰে, শোভান্বিত। এই অনিৰ্ব্বচনীয় অৰ্থাৎ বৰ্ণাব নোৱৰা ভাবটি, মৃত্যুৰ পাচত পূণ্যাত্মা বিলাকৰ সঙ্গত বন্ধুভাবে বাস কৰে। ফেৰেস্তা সকল যেনে, সেই গুণত ভূষিতহৈ খোদা-তায়ালাৰ ওচৰত সৰ্ব্বতিকাল হাজিৰ থাকে, আত্মাও তেনেদৰে ভূষিতহৈ, তেখেতৰ সন্নিধানত বিৰাজ কৰিব এই বিষয় উপলক্ষ্য কৰি কোৱা আছে “সত্য [ ৪৮ ] আসনত পৰম ক্ষমতাশালী মহাৰাজাধীৰাজৰ কাষত বহিব”। এনে অৱস্থা ধাৰ্ম্মিক আত্মাৰ ভাগ্যত হে ঘটে।

 দ্বিতীয় গুণটি, মৰণৰ পাছত পাপাত্মাৰ সঙ্গত থাকে। ই, অন্ধকাৰ ময়, ওপৰলৈ ভৰি তললৈ মূৰ কৰি স্থিতি কৰে। পাপ আত্মা পাপৰ গুণত কলাঙিকত; আন্ধাৰে তাক ঢাকি ৰাখে। তাৰ, ভৰি ওপৰলৈ, মূৰ তললৈ হোৱাৰ কাৰণ এই; পাপাত্মা মানুহ, জীৱদ্দশাত, আনৰ প্ৰতি অত্যাচাৰ, অন্যায় অকথা কৰি মনত সুখ পাইছিল; কাম- বৃত্তিৰ দাসত্ব কৰি, তৃপ্তি লভিছিল। বহুত কাল, তেনে কৰোঁতে২ সেই কামত আত্মাৰ অভ্যাস বন্ধ গৈছিল। মৃত্যু ঘটনাত, দেহাটো আত্মাৰ পৰা বেলেগ হৈ যায়, আৰু তাৰ লগে২ কাম, ক্ৰোধ আদি ৰিপু, আত্মাৰ পৰা খহি পৰে; কিন্তু সিহঁতৰ প্ৰভাৱত, আত্মাৰ ভিতৰত যি গুণ বা ভাব জম্মিছিল সেই ভাব আত্মাৰ পৰা আঁতৰি নাযায়। কাম, ক্ৰোধ, লোভ, আপোন২ ভোগ্য বস্তুত আকৃষ্ট হৈ আছিল। ক্ৰোধ আৰু কামনা, এই পৃথিবীৰ বস্তু; সুতৰাং পৃথিবীৰ পিঠিতে বন্দীহৈ থাকে। এতেকে, মৃত্যু কালত পাপাত্মা, ই-পুৰী এৰি, যেতিয়া সি-পুৰীলৈ উধাই গৈ থাকে, তেতিয়া, তাৰ লগৰ লগৰীয়া ভাবটি, যাৰ ভোগ্য বস্তু, পৃথিবীতে ৰৈ গৈছে, সেই বস্তুৰ দ্বাৰা আকৃষ্ট হবলৈ ধৰে। সি-পুৰীওখ আৰু ই-পুৰী চাপৰ, সেই অকৰ্ষণেৰে, আকৃষ্ট হৈ পাপী আত্মা, ওপৰ মূৰীয়া গুচি, তল মূৰীয়া হৈ পৰে। এই [ ৪৯ ] ঘটনা-সমন্ধে, খোদা-তায়ালাই কৈছে, “আৰু যদি তুমি দেখিল হেঁতেন, যেতিয়া পাপী বোৰে, সিহঁতৰ প্ৰভুৰ সন্মুখত তল-মূৰীয়াহৈ স্থিতি কৰে।” যি বিলাকৰ দশা এনে হব, সিহঁত, শ্যায়তানৰ সঙ্গত ছিজ্জিন নামে দোজখত থাকিব। ছিজ্জিনৰ অৰ্থ সকলোৰে বুজ নাপায়; এই দেখি, খোদা-তায়ালাই আপোন পৱিত্ৰ কোৰাণ শ্যৰিফত উক্তি কৰিছে, “আৰু তুমি জানা নে, ছিজ্জিন কি? ই, অতি ভয়ঙ্কৰ ঠাই”।

 আধ্যাত্মিক জগতত যে, কেত বোৰ আচৰিত, আচৰিত ঘটনা ঘটিছে; তাৰ পাৰা পাৰ নাই। আত্মা, সকলোতকৈ মহৎ বা ডাঙ্গৰ। ডাঙ্গৰ হলেও আত্মাক কেঁও জানিব নোৱাৰে। আত্মাৰ মহত্ত্ব বা গৌৰবৰ দুটা কাৰণ আছে; ১ম জ্ঞান, ২য় ক্ষমতা; আত্মাৰ জ্ঞানৰ পৰা ওপজা মহত্ত্ব, আকৌ দুবিধ; প্ৰথম বিধ সদৰী বা জনা-শুনা; দ্বিতীয় বিধ গুপ্ত বা লুকুৱা; সাধাৰণে চিনি না পায়; এই গুপ্ত মহত্ত্ব, অতি দুৰ্ল্লভ; পাবলৈ টান।

 আত্মাৰ সদৰী মহত্ব; আত্মাই, আটাই শিল্প-চতুৰালিৰ ভিতৰলৈ গতি কৰিব পাৰে, সকলো বিদ্যা অভ্যাসৰ ক্ষমতা ৰাখে; গণিত, জ্যোতিষ, চিকিৎসা, ধৰ্ম্ম নীতি গোটেই বোৰ তাৰ আয়ত্তাধীন। আত্মা, এনেকুৱা এটি অদ্ভুত, অনুপম বস্তু যে, যদিও তাৰ অংশ হব নোৱাৰে, তদপি, তাৰ ভিতৰত সকলো প্ৰকাৰ জ্ঞান, বিজ্ঞানৰ ঠাই হব [ ৫০ ] পাৰে। অধিকন্তু, এখন ডাঙ্গৰ মৰু পথাৰৰ মাজত এটি বালিৰ ৰেণু যেনে, মহাসাগৰৰ মাজত এটি পাণীৰ কণিকা যেনে, আত্মাৰ মানত বিশ্ব–ব্ৰহ্মাণ্ডৰ সমস্ত জ্ঞানো তেনে। আত্মাই চকুৰ পচাৰতে নিম্ন পৃথিবীৰ পৰা উৰ্দ্ধ্ব আকাশলৈ উঠিব? বিশ্ব-জগতৰ এমূৰৰ পৰা আন মূৰলৈ মূহুৰ্ততে ফুৰি-চাকি আহিব, মাটিৰ ওপৰৰ পৰা আকাশ-মণ্ডল পিয়ল কৰিব আৰু গ্ৰহ, তৰাৰ আকাৰ-প্ৰকাৰ, গঢ়-গতি, ইটে- সিটে অন্তৰ ঠিকনা কৰিব পাৰে। আকৌ, অঠাই সাগৰৰ তল-চৰীয়া মাছ, কল-কৌশলেৰে ওপৰলৈ তুলি আনিব, আলাসত উৰি–ফুৰা চৰাই-চিৰিকতিক, তিলকতে মাটিত পেলাব আৰু হাতী; ঘোং, বাঘ-ভালুক আদি মহাবলী বনৰীয়া জন্তুকো, কৌশল ক্ৰমে, নিজৰ বশীভূত কৰি লব পাৰে।

 আত্মাৰ গুপ্ত মহত্ত্ব; বিশ্ব-জগতৰ আশ্চাৰ্য্য ২ জ্ঞান, আত্মাৰ ব্যবসায়। সেই জ্ঞান, পাঁচ ইন্দ্ৰিয় সাহায্যে লাভ হয়। ইয়াক চাই জানিব পাৰি, আত্মালৈ সমস্ত ইন্দ্ৰিয়ৰ একোটা বাট আছে। সৰহ ভাগ মানুহে, অকল জড়-জগতকে জানিব লগীয়া বিষয় আৰু অকল ইন্দ্ৰিয় বোৰকে জ্ঞানৰ দুৱাৰ বুলি ভাবে; কিন্তু, বহুত বিস্তৃত আধ্যাত্মিক জগতো যে, আছে, সেই সমন্ধে জ্ঞানো মানুহে লাভ কৰিব পাৰে আৰু আধ্যাত্মিক জগতৰ ফালে, মনুষ্যাত্মাৰ, এটি অতি বহল বাট মুকলি আছে,

সেই কথা সকলোৱে জ্ঞাত নাই।

[ ৫১ ]  প্ৰাণী, অপ্ৰাণী আৰু উদ্ভিদেৰে ব্যাপিত, এই জগতক জড়-জগত বা বহিৰ্জগত বোলে। ই, চকুৰে দেখা পোৱা বস্তু। যি জগত চকুৰ আঁৰত আছে, যত ফেৰেস্তা সকল থাকে, তাক আধ্যাত্মিক বা অন্তৰ্জগত কোৱা যায়। জড়-জগতৰ ফালে যেনেকৈ, চকু, কাণ, নাক আদি পাঁচ ইন্দ্ৰিয়ৰ দুৱাৰ মেলা আছে, অসীম আধ্যাত্মিক জগতৰ ফালেও, এটি অতি ডাঙ্গৰ আৰু বহল বাট মুকলি আছে। আধ্যাত্মিক জগতৰ লগত ৰিজালে, জড়-জগত, একণ মানি চেপ মৰা, সীমাবন্ধা ঠাই। আকৌ. জড় জগত আচল অৰ্থাৎ চিৰকলীয়া নহয়; সততে, ইয়াৰ সাল-সলনি হৈ থাকে। সুতৰাং, জড়-জগত সমন্ধে জ্ঞান নিচেই কৈ পূৰ্ণ আৰু দোষ শূন্য হব নোৱাৰে। বিচাৰৰ চকুৰে চালে, একেইতো, জড়-জগত ঠেক আৰু সৰু, তাতে আকৌ ই, আচল নহয়। আকৌ চোবাঁ, ইয়াৰ জ্ঞান পোনে-পোনে আত্মালৈ নাহি, পাঁচোটা ইন্দ্ৰিয়ৰ, পাঁচোটি সৰু২ মিহি বিন্ধাদি আহে। এনে অৱস্থাত, কি স্বৰূপে, সেই বিলাক জ্ঞান, নিৰ্ভুল, নিৰ্দ্দোষ আৰু পূৰ্ণ হব পাৰে।

 আধ্যাত্মিক জগতৰ জ্ঞান, দুই ৰকমে, আত্মালৈ যাব পৰে; প্ৰথম, টোপনি গলে, সমাজিকত, দ্বিতীয়, সজাগ কালত, ধ্যানত। টোপনিত, যেতিয়া ইন্দ্ৰিয় বিলাকৰ কাম-বন ক্ষান্ত পায়, তেতিয়া, দেলৰ ভিতৰৱা জ্ঞানৰ [ ৫২ ] দুৱাৰ অন্তৰ্জগতৰ ফালে মুকলি হয়। সুতৰাং আধ্যাত্মিক জগতত, যি বিলাক অনাভুৱা নোহোৱা, নোপজা আচৰিত বস্তু বৰ্ত্তমান আছে আৰু লওহে-মহ্ফুজত অৰ্থাৎ (স্বৰ্গ-ধামৰ যি থলত, বিশ্ব–জগতৰ, ভূত, ভবিষ্যত, বৰ্ত্তমান, সকলো বস্তু, সকলো ঘটনা ৰখা থাকে) তাত যি বিলাক অচিনাকি ভবিষ্যত ঘটনাৰ ছাৱ বা ছবি অঁকা আছে, সেই আটাই বোৰ চকুত পৰে; কিন্তু, টোপনিত, সেই বিলাক আঁৰত থকা আৰু আগন্তুক ঘটনা, কেতিয়াবা২ ফট্–ফটীয়া কৈ, সেই২ অনুৰূপেই আৰু মাজে সময়ে দৃষ্টান্ত স্বৰূপে দেখা দিয়ে। দৃষ্টান্ত ৰূপে দেখা গলে, তেতিয়া, তাৰ অৰ্থ ভাঙ্গি বুজিবৰ প্ৰয়োজন হয়।

 সাধাৰণতঃ মানুহে মনত ভাবে, সজাগ অৱস্থাত সৰহ পৰিমান জ্ঞান লাভ হয়, কিন্তু দৰাচলত তেনে নহয়; দিঠকত, কেতিয়াও চকুৰ আঁৰৰ, অচিনাকি, নজনা বস্তুৰ সমন্ধে একোকে জ্ঞান পোৱা নাযায়। চিনা-জনা বস্তুৰ বাহিৰেও বহুত নজনা, নুশুনা, চকুৰ আঁৰত থকা বস্তু, সপোনত মানুহে দেখে; এই কথা মিছা বুলি ভাবিব না লাগে। সপোনত লভা জ্ঞান, কেতিয়াও বহিৰিন্দ্ৰিয়ৰ সাহায্যত, পোৱা নহয়। সপোনৰ বহল বিবৰণ, এই পুথিত নাটিব। তেও, চমুকৈ, অলপ-অচৰপ তলত কোৱা যাব।

⸻⸻

[ ৫৩ ]

পৰমেশ্বৰৰ তত্ত্ব-জ্ঞানৰ পৰা, মানুহৰ

নিজ২ সৌভাগ্য লাভৰ উপায়।

 আত্মা, এখনি জিলিকা ফট-ফটীয়া দৰ্পন বা আৰ্চীৰ নিচিনা; আৰু লও হে-মহ্ফুজ, এখনি চিত্ৰিত বা অঁকা আয়নাৰ দৰে। ইয়াত, গোটেই বিশ্ব-জগতৰ ঘটনা আৰু বস্তু বিলাকৰ ছবি অঁকা আছে। এখন চক্চকীয়া জিলিকা দাপোন, এখন চিত্ৰ অঁকা দাপোনৰ সমুখত থলে, যেনেকৈ, ইখনৰ ছবি বা চিত্ৰ বোৰৰ ছাঁ, সিখনতগৈ পৰে, তেনেকৈ, নিৰ্ম্মল আত্মা লওহ-মহ্ফুজৰ ওচৰ চাপিলে তাৰ ওপৰত থকা, বিশ্ব-সংসাৰৰ সমুদায় ঘটনাৰ ছবি, আত্মাত, ফট্–ফটীয়াকৈ দেখা যায়। লওহ-মহ্ফুজৰ ওচৰ চাপিব খুজিলে আত্মাক, পাপৰ মলিনতাৰ পৰা নিৰ্ম্মল ৰাখিব লাগে; আৰু জড়-জগতে সৈতে, তাৰ সমন্ধ ছিঙ্গি পেলাব লাগে; আত্মা, যিমান নিৰ্ম্মল থাকিব আৰু যিমান, জড়-জগতৰ লগত, তাৰ সমন্ধ ছিগিব লওহ-মহ্ফুজত থকা বিশ্ব-জগতৰ ঘটনাদি, সিমান জল্-জল্ ফট্-ফট্ কৰে, আত্মাত প্ৰতিবিম্বিত হব। যেতেখিনি পৰ, আত্মা জড়-জগতৰ কাম-বনত লাগি থাকে, তেতেখিনি পৰ, আত্মা আৰু আধ্যাত্মিক জগতৰ মাজত, এখন পৰ্দ্দা

ৰা আঁৰ ওলমি পৰি থাকে।

[ ৫৪ ]  টোপনি গলে জড়-জগতেৰে সৈতে আত্মাৰ সম্বন্ধ কিছুমান ছিগিলে, আধ্যাত্মিক জগতে সৈতে আপোনা- আপুনি তাৰ সংযোগ ঘটি উঠে। এই হেতুকে, আধ্যাত্মিক জগতৰ ঘটনা বোৰ তেতিয়া, আত্মাৰ দৃষ্টিত পৰে। আকৌ, এইটিও মনত ৰখা উচিত, টোপনি গলেও, জড়- জগত আৰু আত্মাৰ সম্বন্ধ সম্পূৰ্ণ নিছিগে; ইন্দ্ৰিয় বিলাকৰ কাজ-কাম ক্ষান্ত হয়, সঁচা, কিন্তু, সজাগ কালৰ সাংসাৰিক ভাব বা ধী-ধিয়ণী বোৰ, মনৰ পৰা গোটেই নুগুচে; এই কাৰণে, টোপনিৰ কালত, আধ্যাত্মিক জগতৰ আৰু লও হে-মহ্ফুজৰ, ক্ৰিয়া-কাণ্ড বোৰ, সততে প্ৰকৃত আকাৰে দেখা নগৈ, প্ৰায় দৃষ্টান্ত স্বৰূপে দেখা যায়।

 মানুহে দেহ এৰিলে অৰ্থাৎ মৰিলে, মৰণৰ লগে ২ তাৰ ইন্দ্ৰিয়-জ্ঞান বোৰো লুপ্ত হয়; জড়-জগতৰ জ্ঞান সমুলি গুচে; সুতৰাং, আধ্যাত্মিক জগতৰ ফালে, আত্মাৰ জ্ঞানৰ দুৱাৰ, সম্পূৰ্ণ মুকলিহৈ পৰে। আত্মা আৰু আধ্যাত্মিক জগতৰ মাজত, কোনো আঁৰ-বেৰ নাথাকে। বিশ্ব-জগতৰ ক্ৰিয়া-কাৰণ, দাৰা-দস্তুৰ বোৰ, তেতিয়া, আত্মাৰ চকুত, নিচেই কৈ ফট্-ফটীয়া হৈ পৰে। সেই সময়ত, স্ৰজন-কৰ্ত্তা আল্লা-তায়ালাই মাত লগাই কব, “এতিয়া আমি, তহঁতৰ ওপৰৰ পৰা পৰ্দ্দা তুলি লৈছোঁ, তহঁতৰ দৃষ্টি, এতিয়া চোকা হৈছে”। সিহঁতে কব, “হে [ ৫৫ ] আমাৰ প্ৰভু! আমি দেখিলোঁ, শুনিলোঁ, আমাক আকৌ, সংসাৰলৈ পঠিয়াই দিয়েক; এতিয়া আমি সজ-কৰম কৰিম, আমি এতিয়া সঁচাকৈ বিশ্বাসী হৈছোঁ’’।

 সপোনত জড়-জগতৰ বাহিৰে আধ্যাত্মিক জগতৰ জ্ঞানো আত্মাত প্ৰবেশ কৰে, আমি, এতেখিনি পৰ, তাৰহে আলোচনা কৰিলোঁ৷ হঁক; সজাগ অৱস্থাতো, আধ্যাত্মিক জগতৰ কিছুমান জ্ঞান, আত্মাত সোমায় যে এতিয়া, তাৰ প্ৰমাণ দিয়া যাওক।

 সংসাৰত এনে মানুহ কেওঁ নাই, যি, নিজ বুদ্ধিৰ বলত, মনে ২ আলচি কোনো এটা বিষয়ৰ জ্ঞান সঞ্চয় কৰিব নোৱাৰে; আৰু ন, ন, ভাব, (এল্ হাম্ অৰ্থাৎ ঈশ্বৰাদেশ) স্বৰূপে মনত নুঠে। এনেকুৱা জ্ঞান আৰু ভাব সমন্ধে গমি চালে জানিব পাৰি যে, সেই বিলাক, ইন্দ্ৰিয়ৰ বাটে নাহে; বৰং, মনৰ ভিতৰতে ওপজে। সেই বোৰ কৰ পৰা আহিল, মানুহে, সটকাই আঁটকলে নাপায়।

 ওপৰত যি কথা, উনিকিওঁৱা হল, তাৰ পৰা চমুকৈ বুজা গল, যে, সকলো বোৰ জ্ঞান অকল বহিৰ্জগতৰ পৰা লব্ধ, এনে নহয়; আত্মা, জড়-জগতৰ বস্তু হোৱা হেঁতেন, ইয়াৰ জ্ঞান, জড় জগতৰ জ্ঞানতে ওৰ পৰিল হেঁতেন। কিন্তু, যি স্থলত, আত্মাই জড়-জগতৰ বাজে, আধ্যাত্মিক জগতৰো জ্ঞান লাভৰ সক্ষম, তেনে মূলত আত্মাক, জড়[ ৫৬ ] জগতৰ বস্তু বুলি কি স্বৰূপে কব পাৰি। ই, আধ্যাত্মিক জগতৰ বস্তু, কোনো ভুল নাই। বহিৰ্জগতৰ জ্ঞান, লাভ কৰিবৰ হন্তে, ইন্দ্ৰিয়ৰ স্ৰজন। অন্তৰ্জগত বা আধ্যাত্মিক জগতৰ জ্ঞান লাভৰ বিষয়ে ইন্দ্ৰিয় বোৰ বাধক। যেতিয়ালৈ মানুহে, জড়-জগতৰ ঠেৰু নিছিঙ্গে, তেতিয়ালৈ, আধ্যাত্মিক জগতৰ ফালে বাট পোৱা সুকঠিন।

 পাঠক! মনত নেভাবিবা, সপোন আৰু মৃত্যু ঘটনাত বাজে, অইন কোনো অবস্থাত, আধ্যাত্মিক জগতৰ ফালে, আত্মাৰ দুৱাৰ মুকলি নহয়। যদি কোনো জনে সজাগ অৱস্থাত, সত্য তপস্বীৰ দৰে, যথাবিধি শ্ৰম কৰে; কাম ক্ৰোধ, লোভ আদি ৰিপুৰ হাতৰ পৰা নিজক এৰুৱাব পাৰে; সকলো কু-আচাৰ কু-চৰিত্ৰৰ পৰা শুচি থাকে; নিজান ঠাইত বহি, চকু মুদি, বহিৰ্জগতে সৈতে ইন্দ্ৰিয় বিলাকৰ সমন্ধ গোটেই ছিঙ্গি পেলায় আৰু তাৰ সলনি, অন্তৰ্জগতেৰে আত্মাৰ সংযোগ ঘটাই অন্তৰাত্মাৰ পৰা ‘আল্লাহ্’ ২ শব্দ, সদায় জপে আৰু সেই নিয়মে, নেৰা- নেপেৰাকৈ, ওৰেও ধ্যানত মগ্ন থাকে; তেনেহলে, শেষত গৈ এনে এটা অৱস্থা পাব যে, তেঁও নিজকে নিজে, আৰু গোটেই বহিৰ্জগত খন, তেনেই পাহৰি যাব। এক খোদা-তায়ালাৰ বাহিৰে, অইন একো মনত নেথাকিব। তেতিয়া, সজাগ কালতো, আত্মাৰ ভিতৰুৱা দুৱাৰ, সদা[ ৫৭ ] সৰ্ব্বতি কাললৈ মুকলি হৈ থাকিব। পূৰ্ব্বে কোৱা সমাজিকত, আন লোকে যি ২ দেখা পায়, এনে অৱস্থাৰ মহাত্মাজনেদি ঠকতে সেই সমস্ত ফট্–ফটীয়া কৈ দেখিব। ফেৰেস্তা সকল, মনোহৰ সাজ-পাৰে সৈতে তেওঁৰ দৃষ্টিত পৰিব, পয়গম্বৰ আৰু ওলী-আল্লা বিলাকৰ সাক্ষাৎ পাব, আৰু সিবিলাকৰ পৰা, বিস্তৰ উপকাৰ আৰু সাহায্য লাভ কৰিব, অকাশ, পাতালৰ, য’ত যিমান স্ৰজন কৰ্ত্তা আল্লা-তায়ালাৰ ৰাজ্য আছে, সকলো দৰ্শন হব। যাৰ ভাগ্যত, এই মহা জ্ঞানৰ বাট মুকলি হৈছে, তেওঁ বিশ্ব-ব্ৰহ্মাণ্ডৰ আচৰিত ২ বস্তুৰ ৰঙ্গ ৰূপ দেখি, অপূৰ্ব্ব, অবৰ্ণনীয়, ক্ৰিয়া-কাণ্ড আৰু মহৎ ২ ঘটনা বিলাকৰ চাক্ষুষ দৰ্শন পাই পৰমানন্দ ভোগ কৰে।

 এই অৱস্থা সমন্ধে, আমাৰ মহা পয়গম্বৰ হজৰত মহম্মদ মস্তফা ( ছ্ব; য়া; অ;) মে কৈছে, “মোক গোটেই ব্ৰহ্মাণ্ডখন দেখুৱাইছে, অৰ্থাৎ মই বিশ্বজগতৰ পূব্বৰ পৰা পাশ্চমলৈ তেনেই দোমছোঁ”। খোদা-তায়ালাইও নিজ পবিত্ৰ কালামাল্লা শ্যাৰিফত কৈছে; “আৰু আমি সেই নিচিনাকৈ এব্ৰাহিমক, আছ্মান-জমিনৰ অৰ্থাৎ স্বৰ্গ-মৰ্ত্ত্যৰ ৰাজ্য বিলাক দেখুৱাই ছোঁ”।

 পয়গম্বৰ লোকৰ জ্ঞান গোটেই তেনে স্বৰূপে পোৱা। ইন্দ্ৰিয়ৰ সাহায্যে বা শিক্ষাৰ বাটে উপাৰ্জিত নহয়। কৰ্ত্তব্য কাৰ্য্যত পৰিশ্ৰম, ৰিপু বোৰৰ লগত সংগ্ৰাম, এনে [ ৫৮ ] বিলাক টান২ কামৰ পৰা, প্ৰথমতে তেনে জ্ঞান লাভৰ আৰম্ভন। এই কাৰণে, পবিত্ৰ কোৰাণ শ্যাৰিফত, খোদা-তায়ালাই কৈছে, “আৰু গোটেই বোৰ সমন্ধ এৰি দি, তেখেতৰ হাতত আত্ম সমৰ্পণ কৰাঁ, সংসাৰৰ মায়া, মোহত বন্দীহৈঁ, নাথাকিবাঁ সাংসাৰিক কাৰবাৰত হাৰাশান্তি নহবাঁ, স্বয়ং খোদা-তায়ালাই, তোমাৰ সকলো কামৰ সুব্যবস্থা লগাই দিব , পূৰ্ব্ব পশ্চিমৰ প্ৰভু তেওঁ, তেওঁৰ বাজে আন কোনো প্ৰভু নাই; হেন জানি, তেখেতক উকীল ধৰাঁ; যেতিয়া তুমি তোমাৰ সকলো কাজ-কৰ্ম্মৰ হন্তে তেখেতক উকীল পাতিলা, তেতিয়া তুমি নিজে নিশ্চিন্ত হোৱাঁ; সংসাৰত আকৌ মিহলি নহবাঁ; ধৈৰ্য্য ধৰাঁ, সিহঁতে যি কয়, তাত আওকাণ কৰাঁ আৰু সিহঁতক ৰঙ্গ মনেৰে বিদায় দিয়া”।

 এই বিলাক, শ্ৰম আৰু তপ-জপ শিক্ষাৰ হিতো- পদেশ। ইয়াৰ গুণত আনলৈ শত্ৰু ভাব, সংসাৰলৈ মায়া, ভোগ্য বস্তুলৈ হুতাহ, এই আটাই বোৰ দোষ, এৰা পৰিব; এয়ে, ছুফী বা সিদ্ধ-পুৰুষ বিলাকৰ বাট আৰু পয়গম্বৰ, সকলৰো বাট। শাস্ত্ৰ-বিদ্যা পঢ়ি, বিদ্যাৱন্ত য়ালেম সকলে, তেনে জ্ঞান লাভ কৰিব পাৰে হয়,কিন্তু নবী আৰু ওলী লোকৰ জ্ঞানে সৈতে ৰিজালে, ই যৎ সামান্য। নবী আৰু ওলী সকলে, তেওঁ বিলাকৰ পৰম বিতোপন, উৎকৃষ্ট জ্ঞান, গুৰুৰ বিনা উপদেশে, [ ৫৯ ] খোদাৱন্দ্-তায়ালাৰ পৰা পায়। বিনা দীক্ষায়ো যে, অলেখ জ্ঞান, মানুহৰ মনত আপোনা-আপুনি সোমায়হি, এই কথা বহুদৰ্শীতা দ্বাৰা সপ্ৰমান হৈছে; আৰু যুক্তি- তৰ্কৰেও সাব্যস্থ কৰিব পাৰি। যদি কোনো জনে নিজ পৰিশ্ৰমে সেই অতি অপূৰ্ব্ব অৱস্থা আৰ্জিব নোৱাৰে, গুৰুৰ উপদেশেও কোনো গুণ নিদিয়ে আৰু সাৱশেষত, যুক্তি, বুদ্ধিৰ বলেৰেও উৱাদিহ না পায়, তদপি তেওঁ এই কণ সঞ্জাত কৰা উচিত যে, সেই পৰম বিতোপন অবৰ্ণনীয় অৱস্থা, মানুহৰ ক্ষমতাধীন। কোনেও যেন, এই বিশ্বাসৰ বাহিৰে হৈ নাযায়। এনে স্বৰূপ জ্ঞান-লাভ, আত্মাৰ অদ্ভুত ক্ষমতাৰ পৰা ঘটে। আৰু এইটো আত্মাৰ মহত্ত্বৰ চিনাকি মাথোন।

 পাঠক! তুমি মনত নেভাবিবা, ওপৰত উল্লেখ কৰা জ্ঞান, পয়গম্বৰ সকলৰ সুকায়া; অকল সিবিলাকৰ বাজে, অইন কোনেও পাব নোৱাৰে। বৰং আটাই মানুহৰ আত্মা, আদিতে, সেই ক্ষমতা ল ভবৰ যোগ্য থাকে; আৰু সেয়ে আত্মাৰ নিজ প্ৰকৃতি। এই কথা ফাঁকি, ফট্-ফটীয়াকৈ বুজিবৰ কাৰণে এটা উদাহৰণ দিয়া যাওক। ছাঁ-ওলোৱা নিকা দৰ্পণ, সকলো লোৰে প্ৰস্তুত হব পাৰে; তেনে দৰ্পণত আটাই বস্তুৰ ছাঁ, দেখা যায় কিন্তু মামৰে ধৰি তাৰ ছাঁ-ওলোৱা গুণ নষ্ট কৰে। আত্মাৰ সমন্ধেও তেনে ঘটে। সংসাৰৰ, লোভ, মায়া, কামনা আৰু [ ৬০ ] পাপ-ক্ৰিয়াই আবৰি ধৰি দূষিত কৰিলে, আত্মাই, আধ্যাত্মিক জ্ঞান লাভৰ ক্ষমতা হেৰুৱায়। এতদৰ্থে, পবিত্ৰ হাদিছ শ্যাৰিফত উক্তি আছে, “মনুষ্য-সন্তান নিৰন্তৰে আপোন প্ৰকৃতিলৈ জনম ধৰে, পিচত তাৰ পিতৃ, মাতৃয়ে, তাক ইহুদি, খৃষ্টান বা জড়োপাসক কৰি লয়”। মানুহ মাত্ৰই বিশুদ্ধ আধ্যাত্মিক জ্ঞান লাভ কৰিবৰ সক্ষম। সেই সমন্ধে, খোদা-তায়ালাই নিজ পবিত্ৰ গ্ৰন্থত সম্বাদ দিছে, “আমি তহঁৰত প্ৰভু নহওনে? সিহঁতে উত্তৰ দিলে “হোৱা”। তেনেমতে, চোবাচোন, যদি এজনে, আন এজনক সোধে, “একতকৈ দুই বেচি নহয় নে?’’ সিজনে উত্তৰ দিব, “নিশ্চয় বেচি।” যদিও, কেতিয়াও মুখেৰে কোৱা নাই, কাণেৰে শুনা নাই, সকলোৰে অন্তৰত সত্যৰ ছাব, দ-কৈ বহোৱা আছে; এজনা স্ৰজন-কৰ্ত্তা আছে যে সেই জ্ঞান, সমুদয় মানুহৰ প্ৰকৃ তত নিহিত। সেই নিমিত্তে, খোদা-তায়ালাই, নিজ পবিত্ৰ বচনত উক্তি কৰিছে, “আৰু যদি সিহঁতক সোধা, কোনে তহতক স্ৰজিছে? নিশ্চয, সিহঁতে কব, আল্লাই আমাক স্ৰজিছে”। আকৌ তেখেতে কৈছে, “যি প্ৰকৃতিৰ ওপৰত মনুষ্যৰ স্ৰজন, সেয়ে, আল্লা-তায়ালাৰ স্ৰজা প্ৰকৃতি”। যুক্তি, বুদ্ধি আৰু অভিজ্ঞতাৰ দ্বাৰাইও বুজা যায়, তত্ত্ব-জ্ঞান, কাৰো সুকীয়া বিত নহয়। (ক) পয়-

 (ক) প্ৰেৰিত পুৰুষ। [ ৬১ ] গম্বৰ সকলো, মানুহ হে তেও। খোদা-তায়ালাই, মহম্মদ (খ) (ছ্ব; য়া; অ;) ক, নিজে মানুহ বুলি কবলৈ তেখেতক কৈছে; কোৱাঁ, মই, তহঁতৰ নিচিনা মানুহৰ বাজে, আন একো নহওঁ”।

 যিজনা-মহাপুৰুষৰ ভাগ্যত, তেনে বিধ বিশুদ্ধ, পবিত্ৰ জ্ঞানৰ দুৱাৰ মুকলি হৈছে, তেঁওক যদি জগতৰ হিতৰ কাৰণ, স্বয়ং খোদা-তায়ালাৰ ফালৰ পৰা শিকনি দি, নৰ- নাৰীৰ উপদেশক পাতি দিয়ে, তেৱোঁ, যদি সিহঁতক আবাহন কৰে আৰু উপদেশ দিবলৈ ধৰে, তেন্তে, তেওঁক পয়গম্বৰ আৰু তেওঁৰ অসাধাৰণ ক্ৰিয়া-কাণ্ডক, মোয়- জেজা আৰু তেঁও শিক্ষা দিবৰ কাৰণে, খোদা-তায়ালাই যি শিকায়, সেই শিকনি বোৰক শ্যৰিয়ত বা ধৰ্ম্মনীতি বোলে। কিন্তু, ওপৰত কোৱামতে জ্ঞান-লভা কোনো- জনে, যদি, শিক্ষাদান কাৰ্য্য নকৰে, তেন্তে, তেঁওক ওলী বা ছুফী আৰু তেওঁৰ অদ্ভুত ক্ৰিয়া-কাণ্ড বোৰ কেৰামাত বোলে। কিয়নো, তেন্তে আধ্যাত্মিক জ্ঞান ভূষণেৰে ভূষিত আৰু অসাধাৰণ ক্ষমতাৱন্ত হলেই যে, শিক্ষা-দান কাৰ্য্যত নিযুক্ত থাকিব লগে, এনে নহয়। পৰম জ্ঞানী পৰমেশ্বৰে নিজদিহা, আৰু বুজমতে, যোগাযোগ্য বুজি,

 (খ) ইয়াক দৰুদ বোলে; হজৰত মহম্মৰ নাম মাতিলে বা শুনিলে, দৰুদ পাৰিব লাগে। [ ৬২ ] যাক যি কাৰ্য্যক ৰাখিব লাগে, তাক সেই কাৰ্য্যত ৰাখিছে।

 মানুহ জাতিক শিক্ষা-দিয়া কৰ্ম্মৰ ভাৰ, অকল পয়গম্বৰ সকলক দিয়া হৈছে, ওলী সকলক দিয়া নাই যে, তাৰ ভিতৰত স্ৰজন-কৰ্ত্তাৰ কোনো সম্ভেদ আছে; সম্ভবতঃ যেতিয়া জগত-গৰাকীয়ে দেখে, শ্যাৰিয়ত অৰ্থাৎ ধৰ্ম্ম-নীতি জীয়াই আছে, মানব জাতিক, ন-কৈ ধৰ্ম্ম-নীতি শিক্ষা দিবৰ এতিয়া সকাম নাই; যি বিলাক নীতি, পূৰ্ণ বা অপূৰ্ণ, নাইবা মৰা-মূৰ্চ্ছা ভাবে সংসাৰত চলি আছে, সেই সমস্তৰ উদ্ গতিৰ ব্যবস্থা কৰিলেই জগতৰ কুশল হব, তেতিয়া, খোদা-তায়ালাই ওলী সকলক পয়গম্বৰৰ শিক্ষাদানৰ ক্ষমতা নিদিয়ে। ওলী সকলে, দেখা স্বৰূপে, শিক্ষা-দান কাৰ্য্যত হাত নিদিয়ে হয়, কিন্তু, পূৰ্ণ-পুৰুষৰ জীৱন্ত চানেকী স্বৰূপে, সমাজত চলাচল কৰি গোপনীয় ভাবে, সংসাৰী সকলক পূৰ্ণতাৰ বাটলৈ আনে। ওলী সকলক, পয়গম্বৰ লোকৰ ক্ষমতাৰ পৰা বঞ্চিত ৰাখিবৰ, ইও এটা কাৰণ, হব পাৰে যে, জগতৰ উপদেশ দানৰ বাবে, পয়- গম্বৰ বিলাকৰ যি যি গুণ লাগতিয়াল, তাৰ মাজৰ কোনো ২ গুণ, সম্পূৰ্ণ বা আংশিকৰূপে হয়তো ওলীৰ গাত নাই; হেন জানি, সৰ্ব্বজান গৰাকীয়ে, সিবিলাকক, পয়গম্বৰৰ ডাঙ্গৰ দায়ীত্ব ভাৰ, দিয়া নাই।

 প্ৰিয় পাঠক! ওলী সকলৰ অসাধাৰণ জ্ঞান আৰু [ ৬৩ ] ক্ষমতাত পতিয়ন যোৱাঁ আৰু জানি লোৱাঁ, সিবিলাকৰ এই উদ্ গতিৰ অৱস্থা, সম্পূৰ্ণ শ্ৰম আৰু তপ-জপৰ ফল। বিনাশ্ৰমে বা অলপীয়া শ্ৰমে ওলী হোৱা নাযায়। কিন্তু আকৌ, ইটিও মনত ৰাখাঁ, যেয়ে পৰিশ্ৰম কৰিব, সেয়ে যে ওলী হব, তেনেও নহয়। খেতিয়কে, যথোচিত শ্ৰমকৈ খেতি কৰিলেই, শস্য-ধন আৰ্জিব পাৰিব যে, তাৰ কোনো থিৰাং নাই; বাটৰুৱাই বাট-কুৰি বাইও গন্তব্য ঠাই নাপায়গৈ; বিচাৰি ফুৰিও বহুতৰ বাঞ্ছিত বস্তু হস্ত- গত নহয়। যি কাম, যিমান গৌৰবান্বিত তাক সাধিবৰ নিমিত্তে, সিমান চাৰ আয়াস, উদ্যোগ আৱশ্যক। যথোচিত পৰিশ্ৰম কৰিলেও, আয়োজনৰ নাটনিত, ভালেমান কামৰ ফল-ভোগ নহয়। এতেকে, কাম যিমান বেচি গৌৰ বান্বিত, তাৰ ফললাভ সিমান কঠিন।

 মানুহৰ আটাই কামৰ মাজত, জ্ঞান-লাভ বেচি গৌৰ- বাম্বিত। আকৌ, সেই জ্ঞানৰ ভিতৰত তত্ত্ব-জ্ঞান অৰ্থাৎ খোদাক চিনা জ্ঞান, সৱাতকৈ চাৰ গৌৰবান্বিত। ইয়াৰ অৱস্থা অলেখ; সুতৰাং ইয়াক লাভ কৰিবলৈ, ডাঙ্গৰ শ্ৰম, অসীম আয়োজনৰ অৱশ্যক। যথোচিত পৰিশ্ৰম বিনে; তপস্যা-উপাসনা বিনে; নেৰা-নেপেৰা যত্ন বিনে , সুচক, বহু-দৰ্শী গুৰুৰ দীক্ষা বিনে; এই মহা দুৰ্ম্মূল্য বিভূতি কাৰো ভাগ্যত ঘটি মুঠে। আকৌ চোৱাঁ, ৰীতি- মত শ্ৰম, যত্ন কৰিলেও, পৈণত গুৰু আদি সমস্তই ঘটি [ ৬৪ ] উঠিলেও, দয়াময়ৰ দয়া নহলে দৈবত নেথাকিলে, গৌৰবৰ সেই ওখ টিঙ্গত কোনেও উঠিব নোৱাৰেগৈ। সাংসাৰিক বিদ্যালাভ, পদ, প্ৰাধান্যলাভ, এই দৰৰ আটাই সৌভাগ্য লাভৰ সেই একেই অৱস্থা।

⸺⸺

আত্মাৰ, ক্ষমতাৰ পৰা জন্মা মহত্ত্ব।

 মানুহৰ ঘাই বস্তু আত্মাৰ জ্ঞানৰ পৰা জন্মা মহত্ত্ব সমন্ধে তাকৰীয়াকৈ বৰ্ণোৱা হল; এতিয়া ক্ষমতাৰ পৰা জন্মা মহত্বৰ বিষয় কিছু কোৱা যাওক। জ্ঞানৰ পৰা জন্মা মহত্ত্ব, যেনেকৈ, ফেৰেস্তা সকলৰ এটা গুণ, তেনেকৈ ক্ষমতাৰ পৰা জন্মা মহত্ত্বও, ফেৰেস্তা লোকৰ আন এটা গুণ। এই গুণ, নিকৃষ্ট জীৱৰ নাই। জড়-জগতৰ কাৰ্য্য চলাবলৈ, ফেৰেস্তা সকল নিযুক্ত আছে। যেতিয়া, সংসাৰৰ হিতৰ কাৰণে, বৰষুণ লাগতিয়াল হয়, তেতিয়া, জগত-গৰাকীৰ আদেশ ক্ৰমে, ফেৰেস্তা লোকে বৰষুণ বৰষায়। তেনে স্বৰূপে, তেঁওবিলাকে বসন্ত কালত জুৰ, মৃদু বা ফিৰফিৰীয়া বতাহ বলায়। জৰায়ুত অৰ্থাৎ মাতৃ গৰ্ভত জীৱৰ মুৰ্ত্তি, পথাৰত উদ্ভিদৰ আকৃতি গঢ়ে। ভিন ২ কামলে, ভিন ২ ফেৰেস্তা ৰখা আছে। মনুষ্যাত্মা, [ ৬৫ ] ফেৰেস্তা জাতিৰ অন্তৰ্গত। এই হেতুকে, খোদা-তায়ালাই, আত্মাকো, ফেৰেস্তাৰ ক্ষমতা দি জড়-জগতৰ কেতখিনি অংশ আজ্ঞাধীন কৰি দিছে। যি ২ আত্মাৰ অধিকাৰৰ ভিতৰ, তাৰ মাজত নিজ দেহটো প্ৰধান। দেহটো, আত্মাৰ নিচেই ওচৰ; শৰীৰৰ কোনো অঙ্গ প্ৰত্যঙ্গত আত্মা বন্ধগৈ থকা নাই; অথচ গোটেইটো শৰীৰ আত্মাৰ ইচ্ছাক্ৰমে চলা-ফুৰা কৰে। আঙ্গুলিৰ ভিতৰত আত্মা নাই, জ্ঞান অথবা ইচ্ছাও নাই; তেও, ই দেলৰ ইচ্ছামতে লৰে-চৰে। মনৰ ভিতৰত খং উঠিলে, গোটেইটো শৰীৰ ঘমায়। প্ৰকৃতিৰ কাৰ্য্যৰ তুলনাত ই বৰষুণ বৰষাৰ নিচিনা। কাম-ৰিপুৰ, কামনালৈ মন মতলীয়া হলে, শৰীৰত এবিধ জোকাৰণি উঠে; আৰু সেই জোকাৰণি, কোনো এটা বিশেষ অঙ্গৰ ফালে গতি কৰে; এইটো প্ৰাকৃতিক ঘটনাত বতাহ বলাৰ নিচিনা। আকৌ, কোনো বস্তু খাবলৈ মন গলে, জিভাৰ এবিধ শক্তি তাৰ আল- পৈচানলৈ সষ্টম হয় আৰু খোৱা বস্তু তিয়াবলৈ বুলি লালটি পানী উলিয়াই দিয়ে; সেই লালটিৰে তিতি, খোৱা বস্তু অপ্ৰয়াসে গলাধঃ হয়।

 ওপৰত কোৱা ঘটনা বোৰ, ভালকৈ গমি চালে, ফট্- ফটীয়াকৈ বুজিব পাৰি যে, শৰীৰৰ ওপৰত দেলৰ এনে এবিধ প্ৰভুত্ব আছে, যাৰ, কোনো না কোনো স্বৰূপে, বাধা-ব্যাঘাত ঘটিব নোবাৰে। শৰীৰ নিজেই গৈ দেলৰ [ ৬৬ ] আজ্ঞাধীন। এতিয়া এই আষাৰিও জানি লোৱা যুগুত; যি আত্মা, বিশেষ বলৱন্ত, সেই আত্মা ফেৰেস্তাৰ সম- তুল্য। তেনে আত্মাই নিজ শৰীৰৰ বাহিৰে অইন ২ বস্তুৰ ওপৰতো, তাৰ প্ৰভাৱ চাবলৈ ক্ষমতাৱন্ত। তেনে আত্মাৰ পৰাক্ৰম, দুৰ্দ্দান্ত সিংহ, বাঘ্ৰ আদি হিংসক জন্তুৰ ওপৰত পৰিলে সিহঁতো সেও হয় আৰু ভয়ত টেপা লাগে। কোনো ৰোগ গুচাবৰ মন কৰিলে, সেই ৰোগৰ চাওঁতে ২ আৰোগ্য হয়; আকৌ, কোনো সুস্থ মানুহৰ বিৰুদ্ধে থিয় হলে, সি, তেতিয়া ই ৰোগাক্ৰান্ত হৈ পৰে। তাৰ ৰাজেও আকৌ যদি দূৰণি-বটীয়া কোনো মানুহক ওচৰলৈ অনাবৰ ইচ্ছা কৰে, তেন্তে, সি চকুৰ পচাৰতে আহি পায়হি। মন কৰিলে ডাৱৰৰ পৰা বৰষুণো বৰষাব পাৰে।

 আত্মাৰ, ওপৰত উনিকিওঁৱা ক্ষমতা, অভিজ্ঞতা দ্বাৰাই সপ্ৰমাণ হৈছে, আকৌ, বুদ্ধি আৰু যুক্তিৰেও প্ৰমাণ কৰা যায়। বদ-নজৰ অৰ্থাৎ কু দৃষ্টি আৰু যাদু-মন্ত্ৰ, ইও, সেই শ্ৰেণী ক্ষমতাৰ ভিতৰ। এই আটাই বোৰ ক্ৰিয়া, আত্মাৰ অসাধাৰণ ক্ষমতাৰ বলে, ঘটি থাকে। যি আত্মা চকু পোৰা অৰ্থাৎ যি আত্মাই আনৰ প্ৰতি সদায় ঈৰ্ষাৰ চকুৰে দৃষ্টি কৰে, পৰৰ সুখ-সৌভাগ্য দেখিব নোৱাৰে, নাশিবলৈ ইচ্ছা কৰে; সেই অভ্যাস, লাহে-লাহে ইমান বাঢ়ি উঠে, যে, কোনো চকু-লগা [ ৬৭ ] বস্তু এখন দেখিলে, বিনাশৰ কামনা, আপোন-আপুনি তাৰ মনত ওপজে। তেনে খিয়লীয়া আত্মাৰ কু-দৃষ্টি, যাদ কোনো পশুৰ ওপৰত পৰে, তেন্তে সেই পশু, তেতিয়াই বিনাশ পায়। এই অৰ্থে, (ক) হাদিছ শ্যাৰিফত উক্তি আছে যে, “বদ-নজৰে, মানুহক কবৰৰ ভিতৰলৈ আৰু উটক, কেৰাহীৰ গৰ্ভলৈ নিয়ে’’। আত্মাৰ অসাধাৰণ ক্ষমতাৰ মাজত ই ও এটা আচৰিত ক্ষমতা।

 এনে বিধ অসাধাৰণ ক্ষমতাপন্ন জনে, তেওঁৰ ক্ষমতা সজ কৰ্ম্মত আচৰিলে পয়গম্বৰ বা ওলী বোলায়; আন পক্ষত, তেনে ক্ষমতাৱন্তে, সেই ক্ষমতা, অসজ, অপকৰ্ম্মত অৰ্থাৎ পৰৰ অনিষ্টাদি পাপ কাৰ্য্যত ব্যয় কৰিলে যাদুকৰ নাম পায়। যাদু, কেৰামাত, মোয়-জেজা কেইওটা, আত্মাৰ অসাধাৰণ ক্ষমতাৰ ক্ৰিয়া মাথোন। কিন্তু, সিহঁতৰ মাজত ডাঙ্গৰ অমিল বা প্ৰভেদ আছে; সেই সমস্ত বহলাই লেখিবলৈ গলে, এই পুথিত ঠায়ে নুকুলাব।

 এনেদৰৰ অসাধাৰণ ক্ষমতা-শালী পুৰুষ, তিনি বিধ মহৎ গুণে গুণী।

 ১। সৰ্ব্ব সাধাৰণে, সমাজিকত যি ২ দেখে, এওঁ বিলাকে ঠিকতে সেই সমস্ত ফট-ফটীয়াকৈ দেখা পায়।

 ২। সাধাৰণৰ আত্মাই, আপোন দেহৰ বাহিৰে (ক) মহম্মদ (ছ্ব; য়া, অ;) ৰ উক্তিক হাদিছ বোলে। [ ৬৮ ] পৰমাৰ্থ দৰ্পণ। ক্ষমতা চলাব নোৱাৰে; কিন্তু এও সকঃ ৰ আত্মাই। জগতৰু কল্যাণাৰ্থে, নিজ দেহ এৰিও, বহিৰ্জগৰ গোটেই বস্তুৰ ওপৰত ক্ষমতা চলাই থাকে। ৩। সাধাৰণে, যি বিদ্যা গুৰুৰ মুখে শিকি উপাৰ্জন কবে, এও ৰিলাকৰ আত্মাই, তেনে সমুদায় বিছা, বিনা শিক্ষায় লাভ কৰে। সকলোৱে জানে, যি জন স্বাভাবিকে, অলপ চোকা বুধিয়ক আৰু যাৰ আত্মা কিছু পৰিমাণ পিপী, তেনে জনে বিনা শিক্ষা কেনো ২ সিদ্য' ... পাৰ্গত। সাধাৰণৰ ম'তে, যে যা তেনে উ•7. 'খা যায়, তেতিয়া যি সকল মহাপুৰুষ তাসাধাৰ। ৰ গৰাকী আৰু যিবিলাকৰ অৰ, পৰি ম* • • কেতিয়াও ছুব পৰা নাই, সেই সকলে যে, 1 •! শে, বিনা শয, সব গো বিছা, সব লো জ্ঞান ও } 'লৈ সমৰ্থ, ৩াত একণো সন্দেহ নাই। এনে? প জ্ঞানক যে মে-লাছুয়ি অৰ্থাৎ দৈবিক ভান ২” 07 এই সমন্ধে খে দা-তায়ালাই কৈছে, “আৰু আমি •ৰু হ'ৰ ফালৰ পৰা জ্ঞান শিকাইছে”। | যি জনে ওপৰত বৰ্ণিত তিনি খণ, পূৰ্ণ মাত্ৰাৰ পাইছে, তেওঁ হয় আটাইতকৈ ৫'জন পয়গম্বৰ, নহয় আটাইত কৈ ডাঙ্গৰ ওলী। কোনো জনে সেই তিটা গুৰ, অকল এটা পূৰ্ণ মাত্ৰায় পালেও, উল্লিখিত মহাত্মা [ ৬৯ ] সকলৰ শ্ৰেণীত গণ্য। গণ্য হলেও সিবিলাকৰ মাজত বিস্তৰ প্ৰভেদ আছে; কাৰো ২ মনত, সেই তিন বিধ গুণৰ, তিনিও বিধ অনুৰূপীয়াকৈ আকৌ কাৰো বা কিছু সৰহীয়াকৈ বিকাশ হয়। জগতৰ শিক্ষা-গুৰু মহাত্মা, হজৰত মহম্মদ মস্তাফা (ছ্ব; য়া; অ;) মে, সেই তিনিও গুণ অসামান্য পূৰ্ণ মাত্ৰায় পাইছে। এতেকে, তেখেত, মহা গৌৰবান্বিত ওলী আৰু পয়গম্বৰ সকলৰ শ্ৰেণীৰ মাজত, সৱাতকৈ শ্ৰেষ্ঠ আৰু পূৰ্ণ। গোটেই জগতত, তেখেতৰ নবুয়ত অৰ্থাৎ প্ৰেৰিত্ত্বৰ বাতৰি, সোনকালে ব্যাপি পৰিব; আটাই নৰ-নাৰী, অতি হাবিলাষেৰে, তেখেতৰ উপদেশ মনি চলিব আৰু আপোন২ সৌভাগ্যৰ বাট মুকলি কৰিব। এই অভিপ্ৰায়ে কৰুণাময়ে, কথিত তিন শ্ৰেণী গুণ অসামান্য পূৰ্ণ মাত্ৰায় তেখেতক দান কৰিছে। আৰু সেই গুণৰ জান-নেজান গোন্ধ মাথোন সৰ্ব্ব সাধাৰণৰ হৃদয়ত ছটিয়াইছে।

 পাঠক! এতিয়া ভাবি চোৱাঁ, যি গুণ বা যি ভাব, যি মানুহৰ অন্তৰত মুঠে নাই কিয়া, তাক তেওঁ কি স্বৰূপে ধাৰনা কৰিব; যিটো ধাৰনাৰ বা বুজিবৰ শক্তি নাই, সেইটো কোনেও সজাত নকৰে। পয়গম্বৰ বিলাকৰ অলৌকিক, অসাধাৰণ গুণৰ ছাটি ফেৰিও যদি মানুহৰ হিয়াত নেথাকিল হেঁতেন, তেন্তে পয়গম্বৰ সকলৰ গুণ, কেতিয়াও, কোনেও গম নাপালে হেঁতেন। যি বস্তুৰ [ ৭০ ] জ্ঞান মানুহৰ অন্তৰত নাই, তাক মানুহে বুজিব নোৱাৰে। সেই কাৰণেই খোদা-তায়ালাৰ স্বৰূপ বা অৱস্থা, খোদা বিনে আন কাৰো বুজিবৰ শক্তি নাই।

 ওপৰত যি তিনি শ্ৰেণী গুণৰ বিবৰণ দিয়া হল, তাৰ বাহিৰে আৰু ভালেমান, ওপৰ খাপৰ শুৱলা গুণ আৰু ক্ষমতা, পয়গম্বৰ সকলৰ গাত বৰ্ত্তমান আছে, যাৰ গোন্ধ ভাগো আমাৰ গাত নাই। সুতৰাং আমি সেই বিলাকৰ একোকে ভূ-ভা নাপাওঁ। ইতি পূৰ্ব্বে কথিত হৈছে, খোদা-তায়ালা বাজে, খোদা-তায়ালক কোনেও সম্পূৰ্ণ চিনিব নোৱাৰে। সেইদৰ, জগতৰ সৱাতকৈ ঘাই পয়গম্বৰ আমাৰ হজৰত মহম্মদ মুস্তাফা ( ছ্ব; য়া; অ :) ক, নিজে কিম্বা স্বয়ং স্ৰজন-কৰ্ত্তাৰ বাজে অইন কোনেও পূৰ্ণ মাত্ৰায় নিচিনে।

 পূৰ্ব্বতে উল্লেখ হৈছে, মানুহে অন্যভুবা বস্তু অৰ্থাৎ পূৰ্ব্বে যাক দেখা নাই, যাক নাজানে, তাক সঁজাত নকৰে। যদি আমি, টোপনি কিহক বোলে, নাজানিলোঁ হেঁতেন, আৰু কোনোবাই আহি কলেহি হেঁতেন, “অমুক-তমুক, কিছু পৰ, চকু মুদি, মাত বোল হেৰুৱাই মাটিত পৰি আছিল, সেইখিনি পৰ, সি একোকে দেখা শুনা নাপাই- ছিল, এপৰ মান পাচত, আকৌ উঠি বহিল, আকৌ দেখিব শুনিব আৰু লৰি-চৰি ফুৰিব পৰা হল”, সেই মানুহ টোৰ, তেনে কথাত, কেতিয়াও পতিয়ন নগলোঁ হেঁতেন। [ ৭১ ] কিযনো, মানুহে যি দেখা নাই, যি নাজানে, তাক সটৰাই সঞ্জাত নকৰে। সেই কাৰণে, খোদাতায়ালাই নিজ কালাম শ্যৰিফত, উক্তি কৰিছে, “যি বিষয, সিহঁতৰ বুদ্ধিয়ে আকোৱালি নাপালে, যাৰ সম্ভেদ, সিহতৰ মনত ফট্ ফটীয়াকৈ নোলাল, তাক সিহঁতে উপলঙ্ক্ষা কৰিলে। যেতিয়া সিহঁতে, সেই বিষয়ৰ জ্ঞান নাপালে, তেতিয়া সিহঁতে কব, ই, এটা অতীজ কলীয়া মিছা”।

 পাঠক! ওলী আৰু পয়গম্বৰ সকলৰ শৰীৰত, এনে- কুৱা কিছুমান গুণ আছে, যাৰ ভু-ভা আন মানুহে লেশ মাত্ৰ নাপায; যিবিলাক গুণৰ হন্তে, সিবিলাকে এনে এটি অনিৰ্ব্বচনীয় অৰ্থাৎ ভাঙ্গি কব নোৱৰা সুখ উপভোগ আৰু এনেকুবা অপূৰ্ব্ব অৱস্থা লাভ কৰে, যে, তাৰ গন্ধ ফেৰিও কোনেও পোৱা নাই। তোমালোকে সদায় দেখা পাই আছা, কাব্য-শাস্ত্ৰত, যাৰ মন মোহিত হোৱা নাই, তেওঁ কবিতাৰ মৌ-সনা সোৱাদৰ একো মোল নাপায়। এনে দৰৰ ৰস-জ্ঞান শূন্য জনক কাব্য-শাস্ত্ৰৰ মধুৰতা বুজাবলৈ কোনো পাৰ্গত নহয়। তেনে স্বৰূপে, জন্মান্ধ, নানা বৰণীয়া, মনোৰম চিত্ৰ-দৰ্শন সুখ-আস্বাদনৰ পৰা বঞ্চিত।

 প্ৰিয় পাঠক! এই কথা আচৰিত নেভাবিবা, যে, কৰুণাময় খোদাতায়ালাই কৃপা কৰি পয়গম্বৰ সকলক, প্ৰেৰিতৰ বাহিৰেও, এনেকুৱা কেতেখিনি ক্ষমতা দিছে, যাক কো ও সপোনতো দেখা নাই। [ ৭২ ]  এতেপৰ, যি কোৱা হল, তাৰ পৰা মনুষ্যাত্মাৰ মাহাত্ম্য বুজা গল। আৰু ছুফী বা ওলী সকল অসাধাৰণ ক্ষমতাপন্ন যে, সেই কথাও জনা হল। ছুফী লোকে কয়, বহিৰ্জ্ঞান আৰু শাস্ত্ৰবিদ্যা; এই দুয়ো, আধ্যাত্মিক জ্ঞান, পথৰ বাধক। সম্ভবতঃ তোমালোকে, এনে কথা পূৰ্ব্বেও শুনিছা আৰু শুনি, মিছা বুলি ভাবিছা! কিন্তু, কথা-ষাৰি, সমূলে অসত্য বুলি পতিয়ন যোৱা যুগুত নহয়। কিয়নো, বহিৰ্জ্ঞান মাত্ৰই, ইন্দ্ৰিয়ৰ সাহায্যে জড়-জগতৰ পৰা প্ৰাপ্ত। যদি তুমি এই বহিৰ্জ্ঞানৰ পাচতে বলীয়া হৈ ফুৰা, অন্তৰ্জগতৰ জ্ঞান, তেন্তে, কাহানি বেহাবা? ই, তোমাৰ পৰা বহুত আঁৰত পৰি থাকিব। তাৰ দৃষ্টান্ত এনেকুৱা; আত্মা জানিবা, এটি পাট-নাদ, পাঁচ ইন্দ্ৰিয় জানিবা, সেই নাদলৈ পাণী সোমোৱা পাঁচোটা জুৰি বা জান। পাঁচ ইন্দ্ৰিয় স্বৰূপ জুৰিৰ বাটে, বহিৰ্জ্ঞান ৰূপ পাণী একেৰাহে, আত্মা ৰূপ নাদত আহি পৰে। নাদৰ তলিৰ পৰা যদি, নিকা পাণী উলিয়াব মন কৰা, অৰ্থাৎ অন্তৰ্জগতৰ জ্ঞান পাবলৈ বাঞ্ছা ৰাখা, তেনেহলে, প্ৰথমতে জুৰি কেইটা বন্ধ কৰাঁ, তাৰ পাচত, নাদৰ ভিতৰৰ বোকা- পাণী বোৰ সমূলে তুলি পেলোৱাঁ, সৱ-শেহত, নাদৰ তল ডোখৰ খানিব ধৰাঁ; তেতিযা দেখিবা, পাতালৰ নিকা, ফট্-ফটীয়া পাণী ওলাই নাদ ওপচি পৰিছে। যেতিয়ালৈ পূৰ্ব্বৰ পাণীৰে নাদ পূৰ থাকিব আৰু যেতিয়ালৈ বাহিৰৰ [ ৭৩ ] পাণী সোমোৱা জুৰিৰ মুখ মুকলি হৈ ৰব, তেতিয়ালৈকে, পাতালৰ নিকা পাণী পাবৰ আশা, দুৰাশা মাথোন। জ্ঞানৰ সমন্ধেও সেই কথা; যেতিয়ালৈ, বহিৰ্জ্ঞান মনৰ পৰা আঁতৰহৈ নাযাব, তেতিয়ালৈকে, আত্মাৰ, বিশুদ্ধ, নিৰ্ম্মল জ্ঞান লাভ নহব। পূৰ্ব্বৰ শিকা শাস্ত্ৰ-জ্ঞান মনৰ পৰা নিচেই গুচাই পেলালে আৰু বহিৰ্জগতৰ জ্ঞানত দুনাই মন মেলি নিদিলে শাস্ত্ৰ-বিদ্যাই, তত্ত্ব-জ্ঞানৰ বাট ভেটি নধৰে; বৰং তেনে ঘটনাত, প্ৰকৃত জ্ঞানে, অজ্ঞতাৰ আন্ধাৰ আঁতৰাই ক্ৰমাগত উদগতি লাভ কৰিব পাৰে।

 পৃথিবীত, এনে মানুহৰ আকাল নাই, যি নিজে মহা বিদ্যাৱন্ত য়ালেম ( বিদ্বান ) বুলি ভাবে। তেঁও যি শিকিছে, যি বুজিছে, সেয়ে, ঠিক আৰু নিৰ্ভুল; তাৰ বাজে সকলো অপূৰ্ণ আৰু অশুদ্ধ। অইন কোনো তেঁওতকৈ এশ গুণে চাৰ য়ালেম হলেও, শাস্ত্ৰগত যুক্তি- যুক্ত কথা কলেও, সেইবোৰ, তেঁওৰ অ’মান্য আৰু অগ্ৰাহ্য। বৰং অথালি-পথালি তৰ্ক-যুদ্ধ খন পাতি আপোন মত বলবৎ ৰাখিবলৈ হে উত্ৰাৱল। নিজ সত্ৰৰ ভকত কাবলক আভুৱা ভাষিবৰ হন্তে, তেঁও নানা তৰ্ক-বিতৰ্ক অভ্যাস কৰে আৰু সংসাৰক ছলিবলৈ বুলি, কেতেক ভাণ্ডনা আৰু ফাকটি জোৰে। এনেকুৱা জনে প্ৰকৃত জ্ঞান আৰু সত্যতত্ত্বৰ অধিকাৰী হোৱা দূৰৈৰ কথা, তাৰ কাষৰ চপাও অসম্ভব। কাৰণ, অহং জ্ঞানে তাৰ ভিকাচন [ ৭৪ ] ভাঙ্গিছে। কিন্তু যি সকল য়ালেমে প্ৰকৃত বিদ্যা শিকি, নানা শাস্ত্ৰ পঢ়ি “মোত পৰ কোন আছে” এই অহংকাৰ ফেৰি এৰি পেলাইছে, তেৱে হে সত্য য়ালেম, এনেয়ালেম সমন্ধে শাস্ত্ৰ বিদ্যাই একো ব্যাঘাত নকৰে।

 এতিয়া বুজিব পাৰিছা, যদি কোনো পূৰ্ণ-জ্ঞানী, তত্ত্ব-দৰ্শী মহাত্মাই, বহিৰ্জ্ঞান প্ৰকৃত জ্ঞানৰ বাধক বুলি কয়, তেওঁৰ কথা ষাৰি দলিয়াই পেলোৱা অযুগুত। কিন্তু, এই কালত, এতৰপ মানুহ ওলাইছে যি, অবৈধ বস্তুক বৈধ বোলে, তত্ত্ব-জ্ঞানৰ পোহৰ, ছঁয়া-ময়া কৈও দেখা নাই, অথচ, নিজে পৰম সাধু বুলি শবদ তোলে। ছুফী লোকৰ ৰচিত কেত বোৰ কূট প্ৰশ্ন আও ৰাইলৈ, দুৰ্জয় পণ্ডিত ফলায়; বিদ্যা আৰু বিদ্যৱন্ত য়ালেম সকলৰ, দুৰ্ণাম, কুৎসা ৰটনা কৰে। ইহঁত, মানুহ ৰূপী শ্যায়তান। খোদা, (ক) ৰছুলৰ পৰম বৈৰী। স্বয়ং খোদাতায়ালা আৰু তেঁওৰ ৰছুলে (ছ্ব; য়া; অ; বিদ্যা আৰু বিদ্যাৱন্তৰ গুণ বখানিছে; সমস্ত মনুষ্য জাতিক বিদ্যা শিক্ষালৈ আবাহন কৰিছে। এই দুৰ্ভগীয়া হঁতে কোন্ মুখে তেনে বস্তুৰ নিন্দা কৰে? একেইতো, সিহঁত, অমূল্য বিদ্যাধনৰ কঙ্গাল, তাতে তাকৌ, অনন্ত সুখৰ আধাৰ, তত্ত্ব-জ্ঞানৰ পৰাও বঞ্চিত।

 (ক) ৰছুল অৰ্থাৎ পৰমেশ্বৰ প্ৰেৰিত শিক্ষা-গুৰু। [ ৭৫ ]  সেই ধিত কপলীয়া হঁতৰ অৱস্থা এনে, যেনে কিছুমান মানুহে স্পৰ্শমণি (পৰশ-পাথৰ) নামে এবিধ মণি আছে, তাৰ দ্বাৰাই দ’মে ২ সোন কৰিব পাৰি, এই কথা শুনি আৰু সেই বিশ্বাসত ভোলগৈ, হাতৰ গুৰিৰ অপৰিমিত সোন তুলি নলৈ ভৰিৰে ঠেলি পেলালে; কিন্তু, ইপিনে স্পৰ্শ-মণিও বিচাৰি নাপালে; বপুৰা হঁতে “ইতোনষ্ট স্ততোভ্ৰষ্ট” হৈ ওঠ-মুখ চেলেকি ৰল। এই চাম, মানুহ ডাঙ্গৰ দুৰ্ভগীয়া আৰু অজ মূৰ্খ।

 বিদ্যাৱস্ত য়ালেম লোকৰ য়েলেম অৰ্থাৎ শাস্ত্ৰ-জ্ঞান, সোন হেন; ওলী লোকৰ তত্ত্ব-জ্ঞান, স্পৰ্শ-মণি যেন। সোনৰ গৰাকীতকৈ যেনে, স্পৰ্শ-মণিৰ গৰাকী শ্ৰেষ্ঠ, তেনেদৰে বিদ্যাৱন্ততকৈ, তত্ত্ব-জ্ঞানীৰ গৌৰব বেচি, তাৰ সংশয় নাই। কিন্তু ইয়াৰ ভিতৰত এটি কথা আছে , ভাব কৰাঁ, এজন মানুহৰ হাতত জানিবা, নিচেই একণ মানি, এডোখৰি স্পৰ্শ-মণি আছে, যাৰে মুঠে এশ সোনৰ মোহৰ হব পাৰে; অইন এজনৰ লগত এহেজাৰ নিভাঁজ সোনৰ মোহৰ নগদ আছে। এনে স্থলত, সেই স্পৰ্শ- মণিৰ গৰকীক, এই সোনৰ গৰাকীতকৈ, কেনেকৈ ডাঙ্গৰ বা শ্ৰেষ্ঠ বুলিব পাৰি? আজি কালিৰ দিনত, কিমিয়া বিচৰা মানুহ অগণিত; কিন্তু জন মানুহ দুটি বা এটি। সেই নিচিনা, সঁচা ছুফী নিচেই তাকৰ, ভাণ্ডক ছুফী

অলেখ।

[ ৭৬ ]  পাঠক! এই আষাৰি কথাও মনত সাঁচি থোৱাঁ। যিজনে প্ৰকৃত ছুফীৰ কোনো গুণ অনুষ্টু পীয়াকৈ পাইছে, তেঁও প্ৰকৃত য়ালেমতকৈ শ্ৰেষ্ঠ নহয়; আকৌ চোৱাঁ এই শ্ৰেণীৰ ভালেখিনি ছুফীৰ ভাগত এনে কুৱাও ঘটে, যে, প্ৰথমতে তেঁও বিলাকৰ গাত প্ৰকৃত ওলীৰ কিঞ্চিৎ লক্ষণ দেখাদি অলপ কালৰ পাচত, আকৌ মাৰ যায়। সেই দৰে, ছুফীও দেখা যায়, যি, ছুফীৰ বাটে চলি থাকি ২ মতি ভ্ৰষ্ট হৈ একেবাৰে উদ্বাউল হৈ পৰে। এনে বিধ ছুফীৰ একো মূল্য নাই।

 সমাজিকত দেখা কোনো ঘটনা, যেনেকৈ মিছা হয়, ছুফী লোকৰ অৱস্থাতো তেনে ঘটে; তাক বাছি, বিচাৰি লব, নেজানিলে ডাঙ্গুৰ ঠগত পৰা যায়। যি সকল ছুফী দৰাচলে পৈণত, যি বিলাকৰ জ্ঞান, ধৰ্ম্ম-নীতি আৰু সমাজ নীতিৰ অনুৰূপ, আৰু যি বিলাক, ছেলেম-লাৰ্দুন্ন অৰ্থাৎ খোদাতায়ালাৰ ফালৰ পৰা বিশুদ্ধ জ্ঞানৰ গৰাকী হৈছে, তেও লোকহে মাথোন, শাস্ত্ৰজ্ঞানী য়ালেমতকৈ শ্ৰেষ্ঠ। এনে ছুফী নিচেই পাতল।

 প্ৰিয় পাঠক! প্ৰকৃত ছুফীৰ জ্ঞানৰ ওপৰত অবিশ্বাস নকৰিৱাঁ। তেঁও লোক বাস্তবিকে মহৎ; সেই মহত্ত্বত মান্তি হবাঁ। আজি কালি দিনৰ ভাণ্ডক ছুফীক দেখি, প্ৰকৃত ছুফীক অনাদৰ, অশ্ৰদ্ধা নকৰিবাঁ। যি বোৰে শাস্ত্ৰ- জ্ঞান আৰু বিদ্যাৱন্ত আলেমৰ কুৎসা গাই ফুৰে, [ ৭৭ ] সিহঁত নামৰ ছুফী, তেনে ছুফীয়ে নিজৰ অজ্ঞানতা আৰু মূঢ়তাৰ হে চিনাকি দিয়ে মাথোন।

 প্ৰিয় পাঠক! এতিয়া সুধিব পাৰা যে, মানুহৰ প্ৰকৃত সৌভাগ্য, কেনেকৈ খোদাতায়ালাৰ মায়াৰ্ ফৎ অৰ্থাৎ তত্ত্ব-দৰ্শনত নিহিত আছে বা স্থিতি কৰে? এই প্ৰশ্নৰ উত্তৰ বুজিবৰ নিমিত্তে, গোটা দিয়েক কথা, আগেয়ে জানি লোৱা উচিত। যি জনে, যি কামত সুখ আৰু শান্তি পায়, সেই কামত তাৰ সৌভাগ্য স্থিতি কৰে; মানুহৰ প্ৰকৃতি বা স্বভাবে যিহক ভাল পায়, তাৰে মাজত সুখ আৰু শান্তি; যিহৰ হন্তে স্ৰজন কৰ্ত্তাই স্ৰজন কৰিছে, তাকে পাবলৈ হে প্ৰকৃতিৰো ধাউতি। উজুকৈ বুজিবৰ কাৰণে গোটা চেৰেক পটন্তৰ দিয়া যাওক। যি কামে, মানুহৰ বাঞ্ছা পূৰ্ণ কৰে, তাকে পাবলৈ মানুহে হেপাহ কৰে। কামনাৰ বস্তু পালে, কাম-প্ৰবৃত্তি তৃপ্ত হয়, শত্ৰুতাৰ পোটক তুলিব পাৰিলে, ক্ৰোধ-ৰিপু শান্ত হয়; ৰূপহ বস্তু দেখি চকু জুৰায়; শুৱলা মাত শুনি কাণ জুৰ পৰে। আত্মাৰ সমন্ধেও সেই কথা। যি কাৰ্য্যৰ হৈ, আত্মাৰ স্ৰজন, যি তাৰ স্বভাবৰ অনুৰূপ তাৰ মাজতে আত্মাৰ তৃপ্তি নিহিত। প্ৰত্যেক বস্তুৰ স্বৰূপ দৰ্শন, প্ৰত্যেক কৰ্ম্মৰ সত্য তত্ত্ব অনুসন্ধান, আত্মাৰ কাৰ্য্য। তাকে পাবৰ নিদানে, আত্মা ব্যাকুল; আৰু এয়ে আত্মাৰ প্ৰকৃতি বা স্বভাৱ। ইতৰ প্ৰাণীৰো, কাম, ক্ৰোধ, লোভ [ ৭৮ ] আছে; আৰু সিহঁতে পাঁচ ইন্দ্ৰিয়ৰ সাহায্যে, জড়-পদাৰ্থৰ অৱস্থা জানিব পাৰে। কিন্তু সত্য-তত্ত্ব অনুসন্ধান আৰু স্বৰূপ দৰ্শন, আত্মাৰ সুকীয়া কাৰ্য্য। কিয়নো, এইটো, মনুষ্যাত্মাৰ স্বভাৱ-সিদ্ধ ধৰ্ম্ম। সেই কাৰণেই মানুহে, কোনো, অনাভুৱা ন-বস্তু, বা ন-ঘটনা দেখিলে, ধ্যান মন লগায় চায়, নানা প্ৰশ্ন, সুধি-পুছি, ভালকৈ আঁতি-গুৰিলৈ, তাৰ সত্য নিৰূপণ কৰিলৈ যৎ পৰোনাস্তি আয়াস, উদ্বোগ কৰে। তাত সফল হলে, তাৰ আনন্দৰ পৰিসীমা নাই- কিয়া হয়, আৰু সেই বাবে, নিজক পৰম গৌৰবান্বিত জ্ঞান কৰি যশস্যা লবলৈ ও নেৰে। বঢ়িয়া, ওখ খাপৰ কাম নেলাগে চোন, সামন্যে, হীন কাম এটাৰ জ্ঞান লাভ কৰিব পাৰিলেও, মানুহে অতি আমোদ- আহ্লাদ পায় আৰু পুৰুষালি বুজে। চোৱা, দবা-খেল এটা, ধেমালিত বাজে একো নহয়; এই সামান্য ক্ৰীড়াত যি পৈণত সিতাত গৌৰব লবলৈ আৰু ফিতাহি মাৰিবলৈ সঙ্কুচিত নহয়।

 প্ৰিয় পাঠক! এতিয়া ভালমতে বুজিছা আত্মাৰ তৃপ্তি জ্ঞানৰ মাজত নিহিত। আকৌ শুনাঁ, যি কাম, যিমান গধুৰ অৰ্থাৎ ডাঙ্গৰ বিধৰ, তাৰ জ্ঞান-লাভৰ গৌৰব, পুৰুষালি, আৰু সেই কাৰণে মনৰ উলাহ-আনন্দ, সিমান সৰহ। দবা-খেলত আপীট জনতকৈ, যি জনে গণিত আৰু জ্যোতিষ বিদ্যাত পাৰ্গতালি লভি, গ্ৰহ, নক্ষত্ৰাদিৰ, গঢ়[ ৭৯ ] গতি, আকাৰ-প্ৰকাৰ নিৰূপণ কৰিব পাৰিছে, তেও তাতো কৈ বঢ়া আনন্দ অনুভব কৰে, সন্দেহ নাই। সেই নিচিনা সম্পূৰ্ণকৈ আয়ত্ত হোৱা বিষয়টো যিমান উৎকৃষ্ট আৰু মহৎ সেই সমন্ধে জ্ঞানো, সিমান আনন্দ-দায়ক। বিশ্ব-ব্ৰহ্মাণ্ডৰ স্ৰজন কৰা খোদা-তায়ালা, সৱাৎকৈ শ্ৰেষ্ঠ আৰু মহৎ; আটাই বস্তু, সকলে ক্ৰিয়া-কাণ্ড, তেখেতৰ স্ৰজা; ব্ৰহ্মাণ্ডৰ, নানা বৰণীয়া, ৰূপহ ২ গোটেই বস্তু আৰু সকলো অদ্ভূত, আচৰিত কৰ্ম্ম, তেখেতৰ স্ৰজন- চাতুৰালিৰ চিন; তেখেতেই অকল অখিল বিশ্ব-ৰাজ্যৰ মহাৰাজাধিৰাজ , এতেকে অইন কোনো বস্তু বা বিষয়ৰ স্বৰূপ-দৰ্শন বা তত্ত্বজ্ঞান তেখেতৰ তত্ত্বজ্ঞানৰ সমান পবিত্ৰ, হৰ্ষজনক মহৎ তৃপ্তিকৰ হব নোৱাৰে। কোনো ৰঙ্গচঙ্গীয়া বস্তুৰ দৃষ্টি, তেখেতৰ অনুপম ৰূপ দৰ্শন মান চকুৰ সন্তোষকৰ নহয়। স্ৰজন কৰ্ত্তাৰ তত্ত্ব-জ্ঞানৰ পৰা লভা আনন্দ অতুলনীয়। এই দেখি, খোদাতায়ালাৰ সৌন্দৰ্য্য-দৰ্শন তত্ত্ব-জ্ঞান লাভৰ হন্তে মনুষ্যাত্মা ইমান ব্যাকুলিত। যিহেতু তাকে লাভ কৰিবলৈহে আত্মাৰ স্ৰজন৷

 ওপৰত বৰ্ণোৱা বিষয়টি, তৰ্ক-শাস্ত্ৰৰ যুক্তি দি, দেখু- ৱালে, আৰু ফট্-ফটীয়া হয়।

 যেনে; যিহৰ নিমিত্তে আত্মাৰ স্ৰজন, তাতে প্ৰকৃতিৰ

ধাউতি;
[ ৮০ ]

যিহতে প্ৰকৃতিৰ ধাউতি—তাতে সুখ;
যিহতে সুখ——তাতে সৌভাগ্য।

 এতেকে, যিহৰ নিমিত্তে আত্মাৰ স্ৰজন, তাতে আত্মাৰ পৰমাৰ্থ সম্পদ বা সৌভাগ্য স্থিতি কৰে।

 যদি কোনো আত্মাৰ, খোদাতায়ালাৰ ৰূপ-দৰ্শন-সুখ লাভলৈ ধাউতি নাই; কিম্বা তেখেতৰ তত্ত্ব-জ্ঞান লভি বলৈ উদ্বাউল নহয়; তেন্তে সঠিক বুজিব লাগে, সেই আত্মাৰ ৰোগ হৈছে। শৰীৰ ৰক্ষাৰ কাৰণে আহাৰ লাগতিয়াল; আহাৰৰ ইচ্ছাক ভোক বোলে। যদি কোনো জনৰ ভোক নালাগে, ভাত খাবলৈ মন নগৈ, মাটি খাবৰ হেপাহ যায়, তেনেহলে, আমি, তাৰ ৰোগ হৈছে বুলি কওঁ। তেনে স্বৰূপে, যদি কোনো আত্মা, খোদাতায়ালাৰ জ্ঞানত মন নলগাই, তেওৰ দৰ্শন পাবলৈ ব্যাকুল নহৈ, সাংসাৰিক বিষয় সুখত আসক্ত থাকে, তেন্তে ঠাৱৰকৈ জানিবা, সেই আত্মাক ৰোগে ধৰিছে। অন্নলৈ অনিচ্ছা দৈহিক ৰোগৰ লক্ষণ; তেনে লক্ষণ দেখিও উপলুঙ্গাকৈ ৰোগৰ চিকিৎসা নকৰিলে, অন্নলৈ ইচ্ছা দুনাই নজন্মালে মাটি খাবৰ হুতাহ নুগুচালে, ৰুগীয়া, যেনেকৈ ইপুৰীত অনুক্ৰমে ক্ষয় পায়, সেই দৰে, আত্মাৰ ৰোগৰ লক্ষণ স্পষ্টকৈ বুজ পায়ো, আৰোগ্য ব্যবস্থা কৰিলে, আত্মা দুৰ্ভগীয়া হৈ, সিপুৰীত নানা নিকাৰ

ভুঞ্জিব লাগিব।

[ ৮১ ]  মানুহৰ সাংসাৰিক সুখ-ভোগৰ ইচ্ছা, শৰীৰৰ লগত সম্পৰ্ক ৰাখে। মৃত্যু ঘটনাত, শৰীৰৰ লগে ২ সেই ইচ্ছা খহি পৰে। ইন্দ্ৰিয় আৰু ৰিপুবোৰক সন্তোষ দিবৰ কাৰণে, মানুহে ই কালত যেতেক শ্ৰম কৰে, সেইবোৰ মৃত্যুৰ লগতে সমূলঞ্চে নিষ্ফলহৈ যায়। কিন্তু ইপোনে খোদাৰ দৰ্শন-সুখ আৰু তত্ত্ব-জ্ঞান-অমৃতৰ, আত্মাৰে সৈতে সমন্ধ। আত্মাৰ স্বাভাবিক আকাঙ্ক্ষা পূৰ্ণ কৰিবলৈ, মানুহে, যিমান শ্ৰম কৰিব, সেই শ্ৰম, নষ্ট নহৈ বৰং মৰণৰ পাচত, কৰ্ম্ম-ফল বিলাক, পূৰ্ব্বতকৈ চাৰ জলন্তি হৈ উঠিব; আৰু তাৰপৰা জন্মা সুখ, দুগুণ আনন্দ আৰু সন্তোষকৰ হব। কিয়নো, জীৱদ্দশাত, মানুহৰ আত্মা, তেজ-মাংসময় জড়-শৰীৰে সৈতে সংলগ্ন থাকে , আকৌ সেই নিৰ্ব্বলী দেহৰ ওপৰত, কাম, ক্ৰোধ, লোভ আদি ৰিপু বোৰে, সদায় নিজ ২ ক্ষমতা চলায়। এতেকে আত্মাৰ মূল গুণ, তত্ত্ব-জ্ঞান-পিপাসা, সিহঁতৰ প্ৰভাৱত দীপ্তিহীন নিস্তেজ অৱস্থাত পৰি থাকে। মৃত্যুৰ পিচত আত্মা, সেই ৰিপুবোৰৰ প্ৰভাৱৰ পৰা সমূলি মুক্তি পায়। গতিকে, আত্মাৰ নিজ গুণ আৰু কৰ্ম্ম-ফল বিলাক দুগুণ দীপ্তিমন্ত আৰু সতেজ হৈ উঠে। ইয়াৰ বহল বিবৰণ, এই পুথিৰ সাৱ-শেষত দিয়া যাব।

 মনুষ্যাত্মাৰ সমন্ধে, যি অলপ-অচৰপ কোৱা হল, এই পুথিত সেয়ে কুলায়। যিজনে সৰহীয়াকৈ জানিবৰ বাঞ্ছা [ ৮২ ] ৰাখে, তেঁও ইমাম গজ্জালী চাহাবৰ কৃত অজায়েবল্ কুলুব নামে গ্ৰন্থ খন পঢ়োক। কিন্তু তাক পঢ়িলেই যে সম্পূৰ্ণ জ্ঞান লাভ হব, এনে নে ভাবিবা৷

 আত্মা গোটেইটো মানুহৰ এক অংশ; আৰু শৰীৰ আন এক অংশ। ওপৰত উনুকিওঁৱা পুথি খনত, অকল আত্মাৰহে ডাঙ্গৰ ২ গুণ বোৰ লেখা আছে। শৰীৰৰ, বাহিৰা অবয়ব আৰু ভিতৰুৱা-যন্ত্ৰ বিলাক অসীম কাৰিকৰীৰে পূৰ্ণ। শৰীৰত হেজাৰে ২ শিৰ, ধমনী স্নায়ু আৰু বিধে ২ হাড় আছে; সেই বোৰৰ আকৃতি, গঢ়, গুণ আৰু আবশ্যকতা গাই ২ বেলেগ। হাত, ভৰি, জিভা আদি অবয়ব সমন্ধে কিছু ২ জানা সন্দেহ নাই। কিন্তু চকু জুৰি, দহ-তৰপীয়া কিয়, তাৰ বুজ নিশ্চয় নো- পোৱা; দয়াময় স্ৰজন-কৰ্ত্তাই, চকু দুটি, বেলেগ ২ দহ তৰপেৰে সাজি, কি আচৰিত নিৰ্ম্মাণ কৌশল দেখুৱাইছে। সেই দহ তৰপৰ এটিৰ অভাৱত, দৃষ্টি শক্তিৰ ব্যাঘাত ঘটে। দহ তৰপৰ একো ২ তৰপ বিধাতা পুৰুষে কি অভিপ্ৰায়ে দিছে, আৰু তাৰ এটিৰ অবিহনে দৃষ্টি শক্তিৰেই বা হানি হয় কিয়লৈ, এই বোৰ প্ৰশ্নৰ উত্তৰ দিয়া বৰ টান। সেই বিষয়ে, বহুত পণ্ডিতে, বহুত ডাঙ্গৰ ২ গ্ৰন্থ লেখিছে। চোৱাঁ, চকু, এটি বাহিৰা অঙ্গ, যেতিয়া এই বাহিৰা, অঙ্গটিৰে, অৱস্থা, আৰু উপযোগীতা বুজি উঠা টান, তেনে স্থলত, আমঠু, আগ-মঙ্গুহ, খাপৰি, হাঁও-ফাঁও, [ ৮৩ ] এনে বোৰ ভিতৰুৱা সজুলিৰ জ্ঞান পোৱা অতি টান, আশঙ্কা নাই।

 মানুহে নানা বৰণৰ,নানা তৰহৰ বস্তু খায়; সেই খোৱা বস্তু বোৰ, পাকস্থলী বুলি এটা খোটালিত পগোৱাগৈ, এবিধ বগা ৰহ হেন হয়; সেই ৰহ, তেজৰ ভঁয়াল আগ- মঙ্গহত সোমাবৰ আগে নানা উপায়ে শোধিতহৈ, ৰঙ্গা বৰণ ধৰে; সেয়ে ৰক্ত বা তেজ। সেই তেজ, সৰু ২ মিহি শিৰৰ ভিতৰেদি, গোটেইটো শৰীৰত চলাচল কৰি, দেহ বৃদ্ধি আৰু ৰক্ষা কৰে। আকৌ হৃদ্-পিণ্ড অৰ্থাৎ আগমঙ্গহত সোমাবৰ সময়ত, সেই ৰক্তৰ গেদৰ নিচিনা এবিধ বস্তু প্লীহা বা জ্বৰ খাপৰিয়ে টানিনি ৰক্ত পৰিষ্কাৰ বা নিকা কৰে। প্লীহাত কোনো ৰোগ থাকিলে, সেই গেদ, সি টানিব নোৱাৰে; গতিকে, গেদটো তেজৰে সৈতে মিহলিহৈ তেনেই শৰীৰত ব্যাপি পৰে আৰু মূৰৰ মগজুত উঠি উন্মাদ ৰোগ জন্মায়। প্লীহাই, তেজৰ পৰা গেদ টানি নিলে, তাৰ ওপৰত, হালধীয়া বৰণৰ এবিধ ফেণ ভাহি থাকে, সেই ফেণ কলিজাই চোহিনি, তেজ নিকা বা নিৰ্ম্মল কৰে। কলিজাত ৰোগ থাকিলে, ফেণ চোহি তেজ নিৰ্ম্মল কৰিব নোৱাৰে; সুতৰাং সেই ফেণ তেজৰ লগত গোটেই শৰীৰত ব্যাপি কুহুম-সাৰ ৰোগৰ উৎপত্তি কৰে। কলিজাই, ফেণ চাকি, তেজ নিকাকৈ দিলে, তাৰ মাজত এবিধ পাণীয় বস্তু বাকীৰৈ [ ৮৪ ] যায়; গোৰ্দ্দা নামে যন্ত্ৰই সেই পানী টুপি হ্যোঁপি পেলায়। গোৰ্দ্দাত, ৰোগ থাকিলে, তাক হোঁপিব নোৱাৰে; সুতৰাং পণীয়া অংশ, শৰীৰত চলাচল কৰি জলন্ধৰ বা শোথ ৰোগৰ জন্ম দিয়ে। এনে স্বৰূপে, মনুষ্যৰ-দেহৰ ভিতৰ- বাজৰ একো ২ টি অবয়ব, সৰ্ব্বজ্ঞানী বিধতা পুৰুষে, ভিন ২ কাৰ্য্যৰ হৈ স্ৰজন কৰিছে; তাৰে এটিৰ অভাবে দেহ ৰাজ্য় এনেকুৱা বিশৃঙ্খল বা লাব্বাং-তাৰ্ব্বাং হয় যে, তাক একো স্বৰূপে শুধৰাব নোৱাৰি।

 মানুহৰ দেহটি যদিও জোখত তিনি হাত এবেগেত মাথোন, তত্ৰাচ ই, বিশ্ব-ব্ৰহ্মাণ্ডৰ গোটেই বোৰ বস্তুৰ ভঁৰাল। ইয়াৰ ভিতৰত প্ৰাণী, অপ্ৰাণী আটাই বস্তুৰ আৰ্হি বৰ্ত্তমান। শৰীৰৰ হাড়, পৃথিবীৰ পৰ্ব্বতৰ নিচিনা; নোম বোৰ গছ-গছনি হেন; খাম বৰষুণ; মগজু আকাশ; আৰু ইন্দ্ৰিয় বোৰ জ্যোতিষ্ক সদৃশ। এনেদৰে বিচাৰি গলে, মনুষ্য শৰীৰত, বাঘ-বিৰলী, কুকুৰ-শূকৰ, দেব- দানৱ, পৰী-অপেস্বৰী আদি সকলো জীৱ-জন্তুৰ, আদৰ্শ বা নমুনা পোৱা যায়। তাত, ব্যবসায়ী জনৰো আৰ্হি আছে। যেনে, যি শক্তিয়ে, পাকস্থলীৰ ভুক্ত বস্তু জীণ নিয়ায়, সি ৰান্ধণী বা চাং মাই; যি শক্তিয়ে পাকস্থলীৰ পগোৱা ভুক্ত বস্তুৰ পৰা, ৰস উলিয়ায়, সি, তেলীয়া; যি শক্তিয়ে পগোৱা ৰস, নানা উপায়ে শোধন কৰি, ৰঙ্গা তেজৰ বৰণ ধৰায়, সি ৰঙ্গ ৰেজ, (কাপোৰ [ ৮৫ ] বোলাওঁতা ); যি শক্তিয়ে ৰঙ্গা তেজ, মাতৃস্তনত বগা দুধ আৰু পুৰুষৰ অণ্ডকোষত শুক্ল বীৰ্য্য ৰূপ ধৰায়, সি ৰজক বা ধোবা নাম পাব পাৰে। আকৌ যি শক্তিয়ে, সেই তেজ ঠায়ে ২ চলায় নিয়ে, তাক ভাৰী, যি শক্তিয়ে ভুক্ত বস্তুৰ পণীয়া ভাগ, মুতৰ বাহত গোটাই থৈ, মুত- নালীৰ ভিতৰে দি বাজলৈ উলিয়াই দিয়ে, তাক ভিস্তি বা পাণীয়ালা আৰু যি শক্তিয়ে, ভুক্ত বস্তুৰ অসাৰ ভাগ বাজ উলিয়াই দিয়ে, তাক মেতৰ বুলিব পাৰি। তাৰ বাজে, আকৌ চোৱাঁ, যি শক্তিয়ে, দেহা-মৰা উন্মাদ আৰু কুহুম-সাৰ ৰোগৰ জন্ম দিবলৈ বুলি পীত আৰু যকৃতৰ কামত বাধা দিয়ে, তাক ৰাজ্যৰ বিপ্লবকাৰী আৰু যি শক্তিয়ে, যকৃত, প্লীহাদি চাকৰ বা কৰ্ম্মকাৰক বিলাকক নিজ ২ কামত আকৌ লগাই দি ৰোগ শান্তিৰ উদেযাগী হয়, তাক বিচাৰক অথবা শান্তিৰক্ষক কব পৰা যায়। এই সকল বিবৰণ অতি বিস্তৃত।

 প্ৰিয় পাঠক! এতেখিনি পৰ যি বৰ্ণিত হল, তাৰ তাৎপৰ্য্য বা মুঠ কথা এই; চোৱাঁ, নানাবিধ শক্তিয়ে, তোমাৰ সেৱা-শুশ্ৰূষাত দিনে নিশায় খাটি ২ হাৰা শাস্তি হৈছে, আৰু তুমি, সংসাৰৰ মায়া-মোহ জালত বন্দীহৈ আছা; কৰুণা-সিন্ধু খোদাতায়ালাই, তোমাৰ আল- পৈচানলৈ, এতেবোৰ বেটী, বন্দী ৰাখি দিছে আৰু তুমি তোমাৰ ওপৰত, তেখেতৰ অপৰিসীম কৃপাৰ এটি বাৰো [ ৮৬ ] শলাগ জনোৱা নাই। এই সংসাৰত কোনো জনে, যদি আপোন ভৃত্যক এদিনলৈ মাথোন তোমাৰ লাঙ্গনি-পাঙ্গনি কৰিবলৈ পঠিয়াই দিয়ে, তেন্তে, তুমি হব পাৰে, তোমাৰ গোটেই জীৱন, তেঁওৰ গুণ গাবা, কেতিয়াও নেপাহৰিবা, আৰু অন্তৰৰ অন্তৰ স্থলৰ পৰা নথৈ শলাগ লবা। কিন্তু, কি দুখৰ কথা, কি অবিবেচনাৰ কৰ্ম্ম, দয়াৰ সাগৰ বিশ্ব গৰাকীয়ে তোমাৰ দেহ ৰক্ষালৈ আৰু সেৱা সৎকাৰলৈ শয়ে ২, হেজাৰে ২ আজ্ঞাধীন দাস-দাসী ৰাখি দিছে, আৰু সিহঁতে, গোটেই জীবন, তোমাৰ সেৱা-শুশ্ৰূষাত মগ্ন আছে, এখন্তেকো এলাহ, আওহেলাকৈ কাম খতি কৰা নাই আৰু নকৰেও; তুমি, আমি, কিন্তু গমি চালে, এনে জনা দয়ালু প্ৰভুৰ দয়া পাহৰি পেলাইছোঁ, আৰু পাহৰি কি অজ্ঞানী আৰু অশলাগীৰ কাম কৰিছোঁ৷ পোহণীয়া পশু, পখীয়েও গিৰিহঁতক চিনে আৰু তাৰ ঠাঁৰ চিয়াঁৰ বুজি চলে; কিন্তু হাঁয়, আমি মানুহৰ পেটত জন্ ম ধৰি, পশুতকৈও অধম হলোঁ!!

 যি বিদ্যা শিকিলে, দেহৰ, তত্ত্ব জ্ঞান লাভ হয়, তাক আৰবী ভাষাত য়েল্ মে-তশ্বৰিহ্, ইংৰাজীত এনাটমী আৰু বঙ্গলাত শাৰীৰ-স্থান বিদ্যা বোলে। এই বিদ্যা অতি মহৎ আৰু গৌৰবান্বিত। গৌৰবান্বিত হলেও, ইয়াক শিকিবলৈ কাৰো ধাউতি নাই। অকল চিকিৎসা-শাস্ত্ৰত লাগতিয়াল বুলিহে, অধ্যয়ন আৰু অধ্যাপনা হয় শাৰীৰ[ ৮৭ ] স্থান বিদ্যা শিকিলে, যেনে, চিকিৎসা শাস্ত্ৰত পাৰ্গতালি জন্মে, তেনেদৰে, স্ৰজন-কৰ্ত্তাৰ নানা তৰহৰ খনিকৰি- চতুৰালি, অনন্ত-জ্ঞান, অসীম ক্ষমতা জনা যায়। যি জনে সেই বিদ্যা পৰিপাটিকৈ শিক্ষা কৰে, সিজনে, খোদা- তায়ালাৰ অনন্ত গুণ-জ্ঞানৰ ভিতৰত, তলত দিয়া তিন্ টি জ্ঞান লাভ কৰিব পাৰে। প্ৰথম নানা কৌশল-পূৰ্ণ, এই মনুষ্য-দেহৰ নিৰ্ম্মাণ-কৰ্ত্তা খোদাতায়ালা সৰ্ব্বশক্তি- মন্ত সম্পূৰ্ণ ক্ষমতাৱন্ত; তেঁওৰ ক্ষমতাৰ আগত একো অসম্ভব আৰু অসাধ্য নহয়; যি কৰিব মন কৰে, তাকে কৰিব পাৰে। এক বিন্দু বীৰ্য্যৰ পৰা, এই আশ্চৰ্য্য কৌশলময় নৰ-দেহ স্ৰজন কৰিছে। যি জনে, জীৱ নোহোৱা পাণী এটোপাৰ পৰা, জীৱন্ত, জ্ঞানবন্ত মনুষ্যৰ উৎপত্তি কৰিছে, মৃত্যুৰ পাচত মৰাক আকৌ জীবিত কৰা, তেঁওৰ পক্ষে একো টান বা অসম্ভৱ নহয়। দ্বিতীয়, সেই জনা স্ৰজন কৰোঁতা, অনন্ত জ্ঞানৰ ভঁৰাল; তেঁওৰ পূৰ্ণ-জ্ঞান, বিশ্ব-জগত খান জুৰি আছে। তেঁওৰ পূৰ্ণ ক্ষমতাৰে সৈতে অনন্ত জ্ঞান, অসীম কৌশল, লগ-লাগি, এই আচৰিত বিশ্ব-ব্ৰহ্মাণ্ডৰ স্ৰজন হৈছে। যিপিনে চকু ফুৰুৱা, তেঁওৰ অদ্ভুত পাৰ্গতালি, অনন্ত জ্ঞান, কতো ব্যৰ্থ হবলৈ দেখা নোপোৱাঁ। তৃতীয়, মানুহ জাতিৰ ওপৰত খোদাতায়ালাৰ দয়া, কৃপা আৰু দানৰ অন্ত নাই। যি বিলাক বস্তু নৰ-জীৱনৰ একান্ত লাগতিয়াল অৰ্থাৎ [ ৮৮ ] যি বস্তু নহলে, মানুহে মূহুৰ্ত্তকো জীয়াই নাথাকে, সেই গোটেই বিলাক, মানুহক দান কৰিছে; যেনে, দেল, মগজু, হাঁও-ফাঁও। আকৌ, চোৱাঁ মানুহৰ সুখ-শান্তিৰ হন্তে, যি ২ প্ৰয়োজন সেই সমস্তও যথেষ্ট পৰিমাণে দিছো যেনে, হাত, ভৰি, জিভা, চকু, কাণ আৰু আন ২ বস্তু। তাৰ বাজে, দয়াৰ আধাৰ খোদাতায়ালাই, কিছু মান সামগ্ৰী, কেৱল, শোভা, সৌন্দৰ্য্য বৃদ্ধিৰ নিমিত্তে দান কৰিছে; যেনে চুলিৰ কলীয়া আৰু ওঠ দুটিৰ ৰঙ্গচীয়া বৰণ, চেলাউৰি যোৰৰ ধেনু ভাঁজ আৰু চকুৰ নোমৰ সমতা। সেই বিলাকেৰে শোভিতহৈ মতা মাইকী দেখনি- য়াৰ হব, তেনে মনেৰে কৰুণাময় খনিকৰে আপোন খনিকৰাৰ আৰু কৰুণাৰ চিনাকি এই দৰে দিছে।

 অকল মানুহ জাতিৰ প্ৰতি হে, খোদাতায়ালাৰ, তেনে কৃপা, অনুগ্ৰহ, এনে নহয়। জগতৰ সমস্ত পদাৰ্থ, আটাই জীৱ-জন্তুৰ ওপৰত তেখেতৰ কৃপা বাৰি ধাৰাসাৰে বৰষি আছে। চোৱাঁ, মহ, গাখি, ভোমোৰা, পৰুৱা, পীপৰাকে আদি কৰি, সামান্য ২ প্ৰাণীৰ জীৱন প্ৰবৰ্ত্তন আৰু শোভা, সুশিতাৰ কাৰণে, যি ২ দৰকাৰ, সমুদয়কে দি, দয়ালু পুৰুষে তেওৰ দয়াৰ নিদৰ্শন দেখুবাইছে।

 সি যিকি নহওক, মানুহৰ বাহ্যাকৃতি অৰ্থাৎ শৰীৰ গঢ়ণ ক্ৰিয়াত, স্ৰজন কৰ্ত্তাৰ, যি ক্ষমতা আৰু জ্ঞান লাগিছে, তাক স্ৰজা শৰীৰ দেখি জনা যায়; এই হেতুকে, [ ৮৯ ] শাৰীৰ-স্থান বিদ্যাৰ গৌৰব, অকল চিকিৎসা বিদ্যাত আৱশ্যক বুলি নহয়। যেনেকৈ কবিতাৰ মধুৰতা, ৰচনাৰ চতুৰালি অথবা শিল্পৰ বিচিত্ৰতা, ধ্যানকৈ চালে, কবিৰ কবিতা-শক্তি ৰচকৰ নিপুণালি, শিল্পীৰ শিল্প পাৰ্গতালিৰ চিনাকি পোৱা যায়। তেনেদৰে, নৰ-দেহৰ, নানা তৰহৰ গঢ়ণ-ক্ৰিয়া, আৰু অদ্ভুত ২ নিৰ্মাণ কৌশলৰ ওপৰত মন সংযোগ কৰিলে, স্ৰজন-কৰ্ত্তাৰ সম্পূৰ্ণ ক্ষমতা, অনন্ত- জ্ঞানৰ পৰিচয় লাভ হয়। এই কাৰণে, শাৰীৰ-স্থান বিদ্যাকো, আত্ম-দৰ্শনৰ এটা বাট বুলিব পাৰি। কিন্তু, আধ্যাত্মিক বিদ্যাৰে ৰিজালে শাৰীৰ-স্থান বিদ্যা নিচেই সামান্য। শাৰীৰ স্থান বিদ্য়াৰ পৰা শৰীৰৰ অৱস্থা জনা যায়; আৰু আধ্যাত্মিক বিদ্যাই আত্মাৰ অসাধাৰণ গুণ- জ্ঞানৰ, জ্ঞান দিয়ে। আকৌ চোৱাঁ, আত্মা শ্ৰেষ্ঠ, শৰীৰ নিকৃষ্ট; আত্মা চিৰকলীয়া, শৰীৰ খন্তেকীয়া; আত্মা, আৰোহী, শৰীৰ, তাৰ বাহন; আৰোহীৰ হন্তেহে বাহনৰ স্ৰজন, বাহনৰ হন্তে আৰোহীৰ নহয়। আৰোহী সমন্ধে জ্ঞান, বাহন সম্বন্ধে জ্ঞানতকৈ নিশ্চয় শ্ৰেষ্ঠ, তাৰ ভুল নাই।

 ইতিপূৰ্ব্বে কোৱা হৈছে, জগতৰ আটাই বস্তুতকৈ, তোমাৰ শৰীৰ, তোমাৰ গোটই ওচৰ; আৰু ই, সৰু, সীমাবন্ধা। ওচৰীয়া সৰু আৰু সীমাবন্ধা বস্তুৰ জ্ঞান, অপ্ৰয়াসে লাভ হয়, সন্দেহ নাই। তেনে সৰু বস্তুৰ [ ৯০ ] জ্ঞানেই, যেতিয়া তোমাৰ লাভ নহল, তেতিয়া, শৰীৰ আৰু আত্মা, দুয়োটা গোটকৈ পূৰ্ণ মনুষ্যৰ জ্ঞান, কি স্বৰূপে আয়ত্ত কৰিবা? এনে অৱস্থাতো যদি কৈউঠা “মই, মোক ভালকৈ চিনিছোঁ।”। তেনেহলে এনে কোৱা নিশ্চয়কৈ, তোমাৰ বলিয়ালি বাজে একো নহয়। আকৌ, যি জনে নিজক নৌচিনিয়েই, ঈশ্বৰক চিনোঁ বুলি গপায়, সি আৰু চাৰ বলিয়া। নিছলা মগনিয়াৰ এটাই যদি, এনে বুলি ফষ্টি মাৰে, যে, “মই নিতৌ, এ হেজাৰ আকুলু- ৱাক ভোজ দিওঁ,’’ তাৰ এই কথা কোনোবাই পতিয়াব নে? তেনে ভোজ-দিওঁতাৰ লগত কথিত ভাণ্ডক তত্ত্ব- জ্ঞানীৰ উপমা হব পাৰে।

 এতেখিনি পৰ যি বৰ্ণোৱা হল, তাৰ পৰা আত্মাৰ মহত্ত্ব অনুৰূপীয়া কৈ বুজা গল। এতিয়া, এই আষাৰি বুজিবলৈ বাকী ৰৈছে। মহাদানী খোদাতায়ালাই, তোমাক, এনে এটি, অনুপম, অত্যুৎকৃষ্ট মহাৰ্ঘ ৰত্ন দান কৰি, তোমাৰ সামান্য চকুৰ আঁৰত লুকুৱাই গৈছে। যদি, তুমি সেই আপুৰুগীয়া, গাৰ ওচৰীয়া, বিতোপন দ্ৰব্যটি, পাৰ্য্যমানে পুৰুষাৰ্থ কৰি বিচাৰি নোপোৱা, তেনেহলে, অন্তিম কালত মহা অথন্তৰত আৰু দইনত পাৰিবা। এতেকে, কওঁ, সংসাৰৰ মোহ-মায়াৰ ধাউতিত জলাঞ্জলি দি, ওখ গৌৰবৰ সিংহাসনত বহিবৰ কাৰবাৰ কৰাঁ। • সি পুৰীৰ, অনন্ত সৌভাগ্য, অসীম সন্মান লাভৰ গুটি সিচাঁ৷ [ ৯১ ] আত্মাৰ প্ৰকৃত গৌৰৱ আৰু সম্পদ, সিকালত ফট্- ফটীয়াকৈ ওলাব; ইকালৰ সুখ, সম্পত্তি, একো কামৰ নহয়। বৰং ইকালত, মানুহৰ গৌৰৱ, মুঠেই নাইকিয়া বুলিলেই হয়। মানুহৰ দৰে, নিৰ্ব্বলী, নিসহায়, সংসাৰত কোনো নাই। চোৱাঁ, মানুহ, এই সংসাৰত জাৰ-জহ, ভোক-পিয়াহ, ৰোগ-শোক, দুখ-কষ্ট, জ্বৰ-খৰ আৰু বুঢ়া- কাল আদি নানা আপদ-আহুকালৰ হাতত পৰি আছে। সাংসাৰিক সুখ-সম্পদ, দুখ-সন্তাপেৰে মেৰ খোৱা, লাভ- পৰালি দুয়ো সান-মিহলি।

 মহত্ত্ব-গুণৰ ভালেমান কাৰণ আছে। জ্ঞান, ক্ষমতা, ধৈৰ্য্য, সৌন্দৰ্য্য আৰু পবিত্ৰতা, এই কেইটিও তাৰে মাজৰ। বিচাৰৰ চকুৰে চালে, নিশ্চয় পতিয়াব লাগিব, মানুহৰ গাত, এই গুণ কেইটিৰ এটিও নাই। তেন্তে, কি প্ৰকাৰে মানুহ মহৎ আৰু গৌৰবান্বিত বোলাব পাৰে। প্ৰথম, জ্ঞানৰ সমন্ধে গমি চালে, বুজা যায়, মানুহৰ সমান অজ্ঞ আৰু কোনো নাই। চোৱা, মানুহৰ বুদ্ধি আৰু জ্ঞানৰ মূলাধাৰ মগজু; সেই মগজুৰ ভিতৰুৱা এডালি শিৰ, কিবা স্বৰূপে ভাঁজ লাগিলে, এনে টান ৰোগৰ উৎপত্তি হব পাৰে, যাৰ মূল কাৰণ, সি বিচাৰি উলিয়াব নোৱাৰে; কেনেকৈ, কি ঔষধ দিলে ৰোগ-শান্তি হব, তাৰো ভু-ভতং না-পায়। চকুৰ আগতে, তাৰ দৰব থাকিলেও, চিনিবৰ শক্তি নাই। আকৌ, ক্ষমতা সমন্ধে চোৱাঁ, মানুহ ইমান [ ৯২ ] নিৰ্ব্বলী যে, এটি মাখিকো হৰুৱাবৰ তাৰ বল নাই- কিয়া। মৌমাখি এটিৰ ভন-ভননিত মানুহ বিচেষ্টা হয়। খোদাতায়ালাই, এটি সামান্য মইক উদ্ গাই দিলে নিশ্চয় মহৰ ওচৰত, মানুহে, হাৰ মানিব লাগিব। ধৈৰ্য্য সমন্ধে চালে, সি একড়াৰো হানি সহিব নোৱাৰে; এটা ছৰতীয়া পৰালি পৰিলে, চকুৰে ধোৱাঁ কোঁৱা দেখে; ভোকৰ এগৰাহ ভাত, কম হলে, গোটেই টো উগ্ৰমূৰ্ত্তি হৈ উঠে। আকৌ, সৌন্দৰ্য্য আৰু শুচিতা সমন্ধে কওঁ, মানুহৰ সমান লেতেৰা, ফেদেলা, জলহু কোনো নাই। সি, দিন-চেৰেক, গা, মূৰ ন-অঁতালে বা দাঁত নেমাজিলে, নিজৰ গা বা দাঁতৰ দুৰ্গন্ধত নিজে তিষ্ঠিব নোৱাৰে; মানুহৰ পেট মল-মুতেৰে ভৰা; সেই মলৰ বোজা, সি, দিনে ৰাতিয়ে বৈলৈ ফুৰে; পুৱা, গধূলা, সেই দুৰ্গন্ধ মল, নিজ হাতে ধুই নিকা কৰে।

 সেই সমন্ধে, এটি ৰূপহ সাৰুৱা উপকথা কথিত আছে। এদিনা খন, পৰম জ্ঞানী, মহাত্মা শেখ আবুছয়ীদ, কেত বিলাক ছুফী-শিষ্য সঙ্গতকৈ, কোনো ঠাইলৈ যাত্ৰা কৰিছিল; যাওঁতে ২ আলিৰ মূৰত, এনে এখন ঠাই পালেগৈ, যত কেতবোৰ মেতৰে শৌচ পৰিষ্কাৰকৈ আছিল; তাকে, দেখি শ্য়েখ চাহাবৰ সঙ্গী সকলে, থু থুকৈ নাকে, মুখে, কপোৰ গুজি, ফেৰালি কাটি, খৰ-খৰ কৰে, খোজ, ধৰিলে। শ্যেখ মহোদয়ে, দেখা পাই, এই বুলি, তেঁও [ ৯৩ ] বিলাকক সম্বোধিলে; হে বন্ধু সকল! এই বিষ্ঠা বোৰে, আমাক কি কৈছে বুজ পাইছা নে? সিবিলাকে উত্তৰ দিলে, দেউ! আমি বুজ পোৱা নাই; অনুগ্ৰহকৈ, আপুনি বুজাই দিয়ক। শ্যেখ চাহাবে কব ধৰিলে; বন্ধু সকল শুনা; এই দুৰ্গন্ধময় মলবোৰে ইয়াকে কৈছে। “কালি, হাট-বজাৰত আমি নানা তৰহৰ, উপাদেয়, সুখাদ্য ফল, মূল, মিঠৈ-মিষ্টান্ন ৰূপে, দোকান, পোহাৰ জিলিকাই আৰু শোভাকৈ আছিলোঁ; দোকানী, পোহাৰীয়ে, পৰম যতনেৰে আমাক ৰখিছিলে, বেহাওঁতা সকলে, আমাক বেহাবলৈ ব্যাকুলহৈ, মুঠিয়ে ২ ধন ভাঙ্গিছিলে। একেটি ৰাতি মাথোন, তঁহতৰ সঙ্গত পৰি, সঙ্গ-দোষত, কুৎচিত, নীহতকৈ নীহ অৱস্থা পাইছোঁ। এনিশাৰ সংসৰ্গতে, যেতিয়া, দুৰ্গন্ধ মল-মূত্ৰৰ আকৃতি পালোঁ, সৰহ দিন লগ- সঙ্গ কৰিলে, নাজানোঁ কি ভয়ানক বিলৈ হব; সেই ভয়ত, বৰং আমি, তঁহতৰ গুৰিৰ পৰা আঁতৰি যাব লাগে; কিন্তু, হায়! কি দুখৰ বিষয়, কি লাজৰ কথা, উলটি তঁহতহে আমাৰ পৰা পলাইছ।”

 ওপৰত যি ২ বিবৰণ দিয়া গল, তাৰ প্ৰকৃত মৰ্ম্ম এই; ইহজগতত, মানুহ অতি অসাঠন, নিতান্ত নিৰ্ব্বলী আৰু নিচেই নি সহায়। সিহঁতে, যদি এই পৰমাৰ্থ-দৰ্পণ পুথি খনি মন সংযোগ কৰি পুনঃ ২ পঢ়ে আৰু অনবৰত তাৰ অনুধাবন কৰে অৰ্থাৎ যি পঢ়িলে তাক মনৰ ভিতৰত [ ৯৪ ] ভালকৈ আউটি-পিটি চায়, তেনেহলে, আত্মাৰ খাটি বা সত্য-তত্ত্ব উদ্ধাৰ হব; আৰু তেতিয়া, আত্মাৰ প্ৰেমৰ প্ৰকৃত প্ৰেমিক হৈ, সেই অপাত্ৰ, আপচু মানুহ, সি পুৰীত বহুমূলীয়া, মৰগীয়া সামগ্ৰী হৈ পৰিব। নিকৃষ্ট পশুৰ চেৰাই ওখ খলপৰ ফেৰেস্তা সকলৰ শ্ৰেণীত উঠিব পাৰিব। তাকে নকৰি যদি সাংসাৰিক মোহ-মায়াত ভোলগৈ, ২ দিনে-ৰাতিয়ে, বিষয়-সুখ ভোগত লাগি থাকে, তেনেহলে, সিকালত সেই পৰম-বিচাৰক খোদাতায়ালাৰ সন্মুখত শূকৰ, কুকুৰ, বান্দৰ, শিয়ালত বৰং তাতোকৈ নীহ জন্তুৰ ৰূপ ধৰি থিয় হবগৈ লাগিব।

 মানুহে, যেনেকৈ, আপোন মহত্ত্ব, শ্ৰেষ্ঠত্ব, গৌৰব জনা আৱশ্যক তেনেদৰে, নিজৰ নিৰ্ব্বলী, নিসহায়, নিকৃষ্ট অৱস্থাও জানি ৰখা যুগুত। এনেবিধ, আত্ম-জ্ঞান, তত্ত্ব- জ্ঞানৰ বহুত সঁচাৰৰ মাজৰ এটি। নিজৰ চিনাকিৰ বাবে, যিখিনি চমুকৈ বৰ্ণোৱা হল, এই পুথিত সেয়ে বিস্তৰ।

ইতি আত্ম-জ্ঞান আধ্যা সাং।

⸺⸺

.

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।