পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
পৰমাৰ্থ-দৰ্পণ।


 আত্মাৰ স্বৰূপ জনা বৰ টান কথা। সাধাৰণৰ সন্মুখত ইয়াৰ মৰ্ম্ম ভাঙ্গিবলৈও ধৰ্ম্মনীতিয়ে হাক দিয়ে। আকৌ চোৱাঁ, যিবিলাকে ধৰ্ম্মপথত প্ৰথম চলিবলৈ ধৰিছে, সিবিলাকে আত্মাৰ স্বৰূপ জানিবৰৰ কোনো সকাম নাই। কিয়নো, ধৰ্ম্মপথৰ পোন খাপত, অকল শ্ৰমৰ হে আৱশ্যক। যি জনে, ধৰ্ম্মপথত ৰীতিমত, যথাসাধ্য পুৰুষাৰ্থ, কৰিব, তেওঁৰ অন্তঃকৰণত, আত্মাৰ স্বৰূপ আৰু তত্ত্ব আপোনা আপুনি বিকাশ হব। কাৰো উপদেশ লবৰ প্ৰয়োজন নাথাকিব। এই বাবে খোদা-তায়ালাই নিজ পবিত্ৰ গ্ৰন্থত কৈছে; “আৰু যি সকলে আমাক পাবলৈ শ্ৰম কৰিছে, আমি নিশ্চয়কৈ সিবিলাকক আমাৰ বাট দেখুৱাম”। যি জনে ধৰ্ম্মপথত সম্পূৰ্ণ পৰি- শ্ৰম নাই কৰা, তেনে জনৰ আগত, আত্মাৰ বিষয় ভাঙ্গি কোৱা উচিতো নহয়।

⸺⸺

আত্মাৰ ভৃত্য বা সৈন্যৰ পৰিচয়।

 শ্যৰিয়ত বা ধৰ্ম্মনীতিৰ নিৰ্দিষ্ট বাটে, পুৰুষাৰ্থ কৰিবৰ আগেয়ে আত্মাৰ ভৃত্য বা সৈন্য বিলাকক চিনি

লব লাগিব। যি সেনাপতিয়ে নিজ সেনাৰ অৱস্থা ভালকৈ