পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৪৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পৰমাৰ্থ-দৰ্পণ। ঘটনা-সমন্ধে, খখাদা-তায়ালাই কৈছে, “আৰু যদি তুমি দেখিল হেনে, যেতিয়া পাপী বোৰে, সিহঁতৰ প্ৰভুৰ সন্মুখত তল-মূৰীয়াহৈ স্থিতি কৰে।” যি বিলাকৰ দশা এনে হৰ, সিহঁত, শায়তানৰ সঙ্গত ছিজ্জিন নামে দোজখত থাকিব। ছিনিৰ অৰ্থ সকলোৰে বুজ নাপায়; এই দেখি, খোদা-তায়ালাই অপোন পৱিত্ৰ কোৰাণ শ্যৰিকত উক্তি কৰিছে, “আৰু তুমি জানা নে, ছিজ্জিন কি? ই, অতি ভয়ঙ্কৰ ঠাই”। | আধ্যাত্মিক জগতত যে, কেত বোৰ আচৰিত, আচৰিত ঘটনা ঘটিছে; তাৰ পাৰা পাৰ নাই। আত্মা, সকলোতকৈ মহৎ বা ভাঙ্গৰ। ডাঙ্গৰ হলেও আত্মাক কেঁও জানিৰ নোৱাৰে। আত্মাৰ মহত্ব বা গৌৰবৰ দুটা কাৰণ আছে। ১ম জ্ঞান, ২য় ক্ষমতা; আত্মাৰ জ্ঞানৰ পৰা ওপৰা মহক, আকৌ দুবিধ; প্ৰথম বিধ সদৰী বা জনা-শুনা; দ্বিতীয় বিধ গুপ্ত বা লুকুৱা; সাধাৰণে চিনি না পায়; এই গুপ্ত মহত্ত্ব, অতি দুল্লভ; পাবলৈ টান। আত্মাৰ সদৰী মহত্ব; আত্মাই, আটাই শিল্প-চতুৰালিৰ ভিতৰলৈ গতি কৰিব পাৰে, সকলো বিদ্যা অভ্যাসৰ ক্ষমতা ৰাখে; গণিত, জ্যোতিষ, চিকিৎসা, ধৰ্ম্ম নীতি গোটেই বোৰ তাৰ আয়ত্তাধীন। আত্মা, এনেকুৱা এটি অদ্ভুত, অনুপম বস্তু যে, যদিও তাৰ অংশ হব নোৱাৰে, তদপি, ভাৰ ভিতৰত সকলো প্ৰকাৰ জ্ঞান, বিজ্ঞানৰ ঠাই হৰ