পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/২৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পৰমাৰ্থ দৰ্পণ। শিক্ষা-গুৰু মহাপুৰুষ, হজৰত মহম্মদ মুস্তফা (ক) (ছল্লল্লাহে-লেই হে আল্লমে) সাধাৰণৰ সন্মুখত আত্মাৰ সম্ভেদ ভঙ্গা নাই। তেওঁৰ ওচৰত ঈশ্বৰৰ আদেশ আহিছে, “যেয়ে সেয়ে, তোমাক “কহৰ” সমন্ধে সুধিছেহি; তুমি কোৱা “হ” মোৰ প্ৰভুৰ আৰ, ( আদেশ)”। ইয়াৰ বটা, কবৰ আজ্ঞা নাই। নহলেও, ইমানলৈ কব পাৰি, আত্মা, জগত গৰাকী খোদা-তায়ালাৰ “খলক” (সৃষ্টি ) আৰু “অমৰ” (আদেশ)ৰ অন্তৰ্গত। | যি বস্তুৰ আকাৰ আছে, দীঘ, পথালি জোখ আছে, সেই বস্তুৰ ভাগ বা অংশ হব পাৰে। অৰ আকৃতি পৰিমাণ একো নাই; এই কাৰণে, ইয়াৰ অংশ হব নোৱাৰে। আত্মা, বিভাজ্য অৰ্থাৎ ভাগ হব পৰা বস্তু হোৱা হেঁতেন, কোনো এক স্বৰূপে, ভাগ কৰা হল হেঁতেন; কিন্তু আজি পৰিমিত, কোনেও কোনো ঠাইত তাৰ ভাগ কৰি দেখুৱাব পৰা নাই। কাৰণ, আত্মা জড়- জগতৰ বস্তু নহয়, আধ্যাত্মিক জগত ৰহে। কিন্তু, আত্মা অনুৰুপীয়া বস্তুৰ দৰে জড়-জগতৰ নহলেও, ই, এটি, খোদা-তায়ালাৰ শ্ৰজা বস্তু। ওপৰত উনিকিওৱা হৈছে আত্মা জগত-গৰাকীৰ “ক” (সৃষ্টি) আম (আদেশৰ) অন্তৰ্গত। এই যুক্তি অনুসৰি আত্মা, সড়-গত আৰু আধ্যাত্মিক জগত, দুয়োৰৰ অন্তৰ্গত বুলি কব পাৰি। (ক) যাৰ ওপৰত ঈশ্বৰৰ কৃপা আৰু শক্তি বাৰি ৰয়।