পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
পৰমাৰ্থ-দৰ্পণ।

বোলাওঁতা ); যি শক্তিয়ে ৰঙ্গা তেজ, মাতৃস্তনত বগা দুধ আৰু পুৰুষৰ অণ্ডকোষত শুক্ল বীৰ্য্য ৰূপ ধৰায়, সি ৰজক বা ধোবা নাম পাব পাৰে। আকৌ যি শক্তিয়ে, সেই তেজ ঠায়ে ২ চলায় নিয়ে, তাক ভাৰী, যি শক্তিয়ে ভুক্ত বস্তুৰ পণীয়া ভাগ, মুতৰ বাহত গোটাই থৈ, মুত- নালীৰ ভিতৰে দি বাজলৈ উলিয়াই দিয়ে, তাক ভিস্তি বা পাণীয়ালা আৰু যি শক্তিয়ে, ভুক্ত বস্তুৰ অসাৰ ভাগ বাজ উলিয়াই দিয়ে, তাক মেতৰ বুলিব পাৰি। তাৰ বাজে, আকৌ চোৱাঁ, যি শক্তিয়ে, দেহা-মৰা উন্মাদ আৰু কুহুম-সাৰ ৰোগৰ জন্ম দিবলৈ বুলি পীত আৰু যকৃতৰ কামত বাধা দিয়ে, তাক ৰাজ্যৰ বিপ্লবকাৰী আৰু যি শক্তিয়ে, যকৃত, প্লীহাদি চাকৰ বা কৰ্ম্মকাৰক বিলাকক নিজ ২ কামত আকৌ লগাই দি ৰোগ শান্তিৰ উদেযাগী হয়, তাক বিচাৰক অথবা শান্তিৰক্ষক কব পৰা যায়। এই সকল বিবৰণ অতি বিস্তৃত।

 প্ৰিয় পাঠক! এতেখিনি পৰ যি বৰ্ণিত হল, তাৰ তাৎপৰ্য্য বা মুঠ কথা এই; চোৱাঁ, নানাবিধ শক্তিয়ে, তোমাৰ সেৱা-শুশ্ৰূষাত দিনে নিশায় খাটি ২ হাৰা শাস্তি হৈছে, আৰু তুমি, সংসাৰৰ মায়া-মোহ জালত বন্দীহৈ আছা; কৰুণা-সিন্ধু খোদাতায়ালাই, তোমাৰ আল- পৈচানলৈ, এতেবোৰ বেটী, বন্দী ৰাখি দিছে আৰু তুমি তোমাৰ ওপৰত, তেখেতৰ অপৰিসীম কৃপাৰ এটি বাৰো