আচাৰ কৰি থাকিলে, আত্মাৰ ওপৰত ক্ৰমে২ এবিধ দাগ
আৰু কলাছাতি পৰিবলৈ ধৰে; শেহান্তৰত,আত্মাৰ উজ্জ্বল,
জলজলীয়া আৰু নিৰ্ম্মল গুণ, সমূলি নাইকিয়া হয়। তেতিয়া,
পূৰ্ব্বৰ নিচিনা বিশ্ব-জগতৰ ঘটনা বা বিষয় বোৰ আৰু
আত্মাত প্ৰতিফলিত হব নোৱাৰে। সুতৰাং তেতিয়া আত্মা
খোদা-তায়ালাৰ তত্ত্ব-দৰ্শনৰ যোগ্য না থাকে। এই কাৰণে,
খোদা-তায়ালাই কৈছে, “সিটো নহয়, বৰং আপোন কৰ্ম্ম
দোষত, সিহঁতৰ আত্মাৰ ওপৰত মামৰ পৰিছে।”
⸺⸺
আত্মা, যি২ গুণৰ প্ৰভাৱত পৰমেশ্বৰৰ
তত্ত্ব-জ্ঞান লাভৰ যোগ্য।
এতিয়া এনে প্ৰশ্ন সুধিব পাৰা; যি স্থলত, মনুষ্য- দেহত ইতৰ জন্তু, শ্যায়তান, আৰু ফেৰেস্তা, তিনিওৰো প্ৰকৃতি বৰ্ত্তমান আছে, তেনেস্থলত, কেনেকৈ জানিম যে, ফেৰেস্তা প্ৰকৃতিয়েই মানুহৰ আচল বা শ্ৰেষ্ঠ গুণ। আন বোৰ তাৰ সহায় মাথোন। আকৌ, মানুহ কেৱল, ফেৰেস্তা স্বভাৱ লাভ কৰিবৰ হন্তেহে ভূমিষ্ঠ হৈছে, অইন কোনো কাৰণে নহয়, তাকে বা কি স্বৰূপে জানিম। তাৰ উত্তৰ শুনা; শুনিলে বুজিব পাৰিবা, মানুহ, অকল ফেৰেস্তা