পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/২৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পৰমাৰ্থ দৰ্পণ। চকুৰে দেখা পোৱা শৰীৰৰ অস্তিত্ব চাই মনুষ্যাত্মাৰ অস্তিত্ব ঠ'ৱৰোৱা নাযায়। কিয়নো, মৰা মানুহৰো শৰীৰ আছে, জীৱ নাই মাথোন। ৰুহ বা আত্মা, যেতিয়া দেহৰ পৰা ওলাই যায়, তেতিয়া, শৰীৰটো শৱহৈ পৰি থাকে। যদি কোনোবাই, নিজান ঠাইত, নিতাল মাৰি, চকু মুদি ধ্যানত বহে আৰু চিন্তাৰ প্ৰভাৱত, লাহে লাহে পোন দেখাটো আৰু অঙ্গ-প্ৰত্যঙ্গ বেৰ পাহৰি যায়; আকাশ, পৃথিবী, অইন কোনো বস্তুৰ ভাব, মনত নাইকিয়া হয়, তেনে অৱস্থাত সকলো পাহৰি গলেও, তেঁও, আপোন অস্তিত্ব পাহৰি নাযায়। কিয়নো, দেহ আৰু বহিৰ্জগত পাহৰিলেও নিজে যে বৰ্ত্তি আছে, সেই বিষয়ে তেওঁৰ মনত ধনিষ্ঠা মানো সংশয় নাথাকে। ওপৰত উনিকিওৰা ঘটনাটি মনৰ ভিতৰত ভালকৈ আউটি, পাগুলি চালে পৰকাল সম্বন্ধেও কিছু জ্ঞান পাব পাৰি। অঙ্গ-প্ৰত্যঙ্গেৰে সৈতে গোটেই দেহটো পাহৰি গলেও, যেতিয়া মোৰ অস্তিত্বৰ নাশ নহয়, তেতিয়া মৃত্যু ঘটনাতে “মই” ধ্বংস নাপাওঁ; অৰ্থাৎ মৰিলেও মোৰ আত্মা স্থায়ী হৈ, থাকিব। কাৰণ, মৃত্যু ঘটনাত স্বৰূপাৰ্থত মোৰ পৰা মোৰ দেহাটো কাঢ়ি নিয়া হব মাখেন। | আত্মা কেনেকুৱা বস্তু আৰু ইয়াৰ স্বাভাবিক গুণ কি, বৰ্ণাৰলৈ ধৰ্মনীতি বাধা। এই কাৰণে, জগতৰ