পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
পৰমাৰ্থ-দৰ্পণ।


অধীন হৈ, যি ২ কাম কৰিবা, তাৰ ফল স্বৰূপ, তোমাৰ আত্মাত এবিধ গুণ বা ভাব উপজিব। সেই গুণ বোৰ পৰকাল পৰিমিত তোমাৰ লগৰীয়া হৈ লগত থাকিব। মানুহৰ চৰিত্ৰই, এই চাৰিবিধ প্ৰবৃত্তিৰ পৰা গঢ় লয়। যদি তুমি লোভ ৰূপ শূকৰৰ আজ্ঞাধীন হৈ চলা, তেন্তে, তোমাৰ অন্তৰত অশুচি, ম্লেচ্ছালি, নিৰ্গতালি, খিয়াল, পৰ-নিন্দা প্ৰেম, চাটু-বচন প্ৰেম, অতি-হুতাহ এনে ২ কুন্ধচ ভাব উপজিব। আন পক্ষত, যদি লোভ, কাম, ইহঁত দুয়োকে দমাই, তলতীয়াকৈ লব পাৰা, তেনেহলে, তোমাৰ অন্তৰত, আত্ম প্ৰেম, অলপত তুষ্টি, বিনয়, অচিন্তা, লাজুকালি, নিৰ্লোভালি আদি সজ-গুণ জন্মিব। আকৌ যদি, ক্ৰোধ ৰূপ কুকুৰৰ বশীভূত হৈ চলা, তেনে- হলে, দন্দুৰালি, মইমতালি, দম্ভালি, পৰ-ঘৃণা অহংকাৰ প্ৰভুত্ব প্ৰেম, মৰ-সাহ এনে ২ নীচ স্বভাৱ, তোমাৰ শৰীৰত দেখা দিব। আন পক্ষত, তুমি যদি, সেই ক্ৰোধ দমাই ৰাখিবলৈ সক্ষম হোৱা, তেনেহলে, গহনালি, সহনশীলতা, বীৰতা, ধীৰতা, দয়া, ক্ষমা, সাহ; এই বিলাক সজ-গুণ, তোমাৰ মনত ঠাই পাব। তোমাৰ গাত যি শ্যায়তানী প্ৰবৃত্তি আছে, তাৰ লগুৱালি কৰিলে, কাজ- কামত কুচ্ছূট, কপট, বঞ্চনা, অসঞ্জাত, মিছালি, চুৰি, চাতুৰি, নিন্দা আদি নীহ গুণে তোমাৰ মনত ঘৰকৈ লব। তাৰ বাজে, আগেয়ে কোৱা, শূকৰ আৰু কুকুৰ