পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৫১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পৰমাৰ্থ দৰ্পণ। প্ৰাণী, অপ্ৰাণী আৰু উদ্ভিদেৰে ব্যাপিত, এই জগতক জড়-জগত বা বহিৰ্জগত বোলে। ই, চকুৰে দেখা পোৱা বস্তু। যি জগত চকুৰ আঁৰত আছে, যত ফেৰেস্তা। সকল থাকে, তাক আধ্যাত্মিক বা অন্তৰ্জগত কোৱা যায়। জড়-জগতৰ ফালে যেনেকৈ, চকু, কাণ, নাক আদি পাঁচ ইন্দ্ৰিয়ৰ দুৱাৰ মেলা আছে, অসীম আধ্যাত্মিক জগতৰ ফালেও, এটি অতি ভাজৰ আৰু বহল বাট মুকলি আছে। আধ্যাত্মিক জগতৰ লগত ৰিজালে, জড়-জগত, একণ মানি চেপ মৰা, সীমাবন্ধা ঠাই। আকৌ. জড় জগত অচল অৰ্থাৎ চিৰকলীয়া নহয়; সততে, ইয়াৰ সাল-সলনি হৈ থাকে। সুতৰাং, জড়-জগত সমন্ধে জ্ঞান নিচেই কৈ পূৰ্ণ আৰু দোষ শূন্য হব নোৱাৰে। বিচাৰৰ চকুৰে চালে, একেইতো, জড়-জগত ঠেক আৰু সৰু, তাতে আকৌ ই, আচল নহয়। আকৌ চোবা, ইয়াৰ জ্ঞান পেনেপোনে আত্মালৈ নাহি, পাঁচোটা ইন্দ্ৰিয়, পাচোটি সৰু২ মিহি বিন্ধাদি আহে। এনে অৱস্থাত, কি স্বৰূপে, সেই বিলাক জ্ঞান, নিভুল, নিৰ্দোষ আৰু পূৰ্ণ হব পাৰে। | আধ্যাত্মিক জগতৰ জ্ঞান, দুই কমে, আত্মলৈ যাব পৰে; প্ৰথম, টোপনি গলে, সমাজিকত, দ্বিতীয়, সজাগ কাল, ধ্যানত। টোপনিত, যেতিয়া ইন্দ্ৰিয় বিলাকৰ কাম-বন ক্ষান্ত পায়, তেতিয়া, দেলৰ ভিতৰা জ্ঞানৰ