পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
পৰমাৰ্থ-দৰ্পণ।


 মানুহৰ মূৰৰ সমুখ খোঁটালীৰ মগজু, কল্পনা বা চিন্তা শক্তি থকা থল; সেই চিন্তা শক্তিক, বাৰ্ত্তা বাহক দূত বোৰৰ অধ্যক্ষ পাতি লবাঁ। দূত হঁতে এটি ২ কৈ বাতৰি আনি এই অধ্যক্ষক গতাই দিব। তাৰ পাচত, পাচ মূৰৰ মগজুত স্মৰণশক্তি থাকে, তাক বাৰ্ত্তা বোৰৰ মহাফেজ বা ৰখীয়া পাতিবাঁ। স্মৰণ-শক্তিৰূপ মহাফেজে, কল্পনা-শাক্তৰূপ অধ্যক্ষৰ হাতৰ পৰা বাতৰি বোৰ আনি অতি যতনেৰে নিজ অধিকাৰত ৰাখিব পিচে, যেতিয়া যি বাতৰিৰ কাম ওলায়, তেনে সকাম বুজি স্মৰণ-মহাফেজে বুদ্ধিৰূপ মন্ত্ৰীৰ আগত, বাতৰি বোৰ ভেঁটিবলৈ, এনে স্বৰূপে দেহ-ৰাজ্যৰ ভিন্ ২ বিভাগৰ পৰা বাতৰি আহি মন্ত্ৰীৰ ওচৰত গোট খাবহি; মন্ত্ৰীয়ে সেইবোৰ বাৰ্ত্তা অনুসৰি দেহ-ৰাজ্যৰ সু-বন্দবস্ত কৰি গৈ থাকিব আৰু আত্মা-ৰূপ ৰজাৰ পথ সম্বল সংগ্ৰহত দিনে-ৰাতিয়ে লাগি থাকিব।

 পৰন্তু মন্ত্ৰীয়ে যদি বুজি উঠে, ক্ৰোধ, লোভ আদি কিছুমান ভৃত্য, ৰাজ বিদ্ৰোহী হৈছে; ৰাজ্যৰ শাসন অমান্য কৰি ৰজাৰ পথ-সম্বল লুটিবলৈ সাজু আছে; তেন্তে এনে ঘটনাত, বুদ্ধি-মন্ত্ৰীয়ে, তাৰ প্ৰতিকাৰৰ আয়োজন কৰিব; বিদ্ৰোহ বিলাকৰ লগত যুঁজ পাতিব আৰু সিহঁতক সম্মুখ সমৰত হৰুৱাই দুনাই তল্তীয়াকৈ, লবলৈ পুৰুষাৰ্থ কৰিব; অৰ্থাৎ সিহঁতক আকৌ হাতৰ