পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
পৰমাৰ্থ-দৰ্পণ।


তললৈ আনিবৰ নিমিত্তে পাৰ্য্যমানে চেষ্টা যত্নৰ ত্ৰুটি নকৰিব; আৰু আত্মাৰ গন্তব্য পথৰ সাৰথি অৰ্থাৎ হিতাকাঙ্ক্ষী সঙ্গী কৰি লব।

 এনে সুনিৰ্ব্বন্ধৰ ওপৰত দেহ-ৰাজ্যৰ কাৰ্য্য চলিলে আত্মা পৰম সম্পদশালী হৈ স্ৰজোঁতা পুৰুষৰ মহা দানৰ শলাগ জনাব পাৰিব আৰু নিজৰ সেৱা-সৎকাৰৰ সলনি ডাঙ্গৰ বটাৰ অধিকাৰী হব। আন পক্ষত, ওপৰত কোৱাৰ নিচিনা দেহ-ৰাজ্যৰ কাৰ্য্য নচলি, যদি তাৰ ওলোটা হয়; অৰ্থাৎ আত্মা, অসজ প্ৰবৃত্তিৰ পাক-চক্ৰত পৰি স্ৰজোঁতা গৰাকীক পাহৰি যায়, তেখেতৰ আজ্ঞাবহ গোলাম গুচি গিৰিদ্ৰোহী হয়, তেনেহলে সি অশলাগী, নিমখহাৰাম; লোন খাই গুণ গাব পাহৰিলে, এই গৰ্হিত ব্যৱহাৰৰ সলনি, সিপুৰীত সি কঠোৰ দণ্ডেৰে দণ্ডিত হৈ ভয়ানক জীয়াতু ভুগিব লাগিব।

 পাঠক! এতিয়া বুজি লোৱাঁ, মানুহৰ ভিতৰুৱা সেনা বা ভৃত্য বিলাকেৰে সৈতে আত্মাৰ এটি অতি আচৰিত সমন্ধ আছে; আৰু সেই কাৰণেই মানুহৰ গাই ২ ভিন ২ গুণ আৰু ভিন ২ স্বভাৱ ওপজে। এই সকল স্বভাৱৰ কেতবোৰ বৰ বেয়া, মানুহক একেবাৰে ৰসাতল লৈ নিয়ে, আৰু কিছুমান অতি ভাল; মানুহক, সম্পদৰ ওখত কৈ ওখ খাপলৈ তুলি নি অতিশয় মান সম্ভ্ৰম দিয়ে। সেই বিলাক যদিও নানা বিধৰ, তত্ৰাচ তাৰ চাৰি শ্ৰেণী