পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
পৰমাৰ্থ-দৰ্পণ।


স্বভাৱৰ গুণে হে ইতৰ প্ৰাণী আৰু হিংসক জন্তুতকৈ শ্ৰেষ্ঠ হৈছে।

 পৰম জ্ঞাণী, সৰ্ব্বজ্ঞ পৰমেশ্বৰে, জীৱ নিৰন্তৰে, তাৰ পূৰ্ণ অৱস্থা অৰ্থাৎ উদ্‌গতিৰ একোটা সীমা বান্ধি দিছে। যি জাতি প্ৰাণীৰ পূৰ্ণ অৱস্থাৰ যি সীমা থিৰাং কৰা আছে, সেই পূৰ্ণতা বা উদগতি লভিবৰ নিমিত্তেই তাৰ স্ৰজন। এটা দৃষ্টান্ত দি কলেই ফট্-ফটীয়া কৈ বুজিব পাৰিবা।

 গাধ আৰু ঘোৰা; এই দুয়োৰো মাজত, ঘোৰা, গাধতকৈ শ্ৰেষ্ঠ; কিয়নো, গাধই অকল বোজা ব’ব পাৰে মাথোন। কিন্তু, ঘোৰাই গাধৰ দৰে বোজা বৈও নিব পাৰে, আকৌ, যুঁজাৰুক পিঠিত তুলি যুদ্ধ-ক্ষেত্ৰত, তাৰ ঠাঁৰ, চিয়াঁৰ বুজি, আগুৱাব, পাচুৱাব আৰু চেকুৰ বা চুটি মেলিবও পাৰে। এই দেখি, গাধতকৈ, ঘোৰাৰ যোগ্যতা বেচি। সুতৰাং ঘোৰা, গাধতকৈ শ্ৰেষ্ঠ; আৰু এয়ে, ঘোৰাৰ উদ্ গতিৰ শেষ সীমা। যদি, সেই গুণ বা যোগ্যতা আৰ্জিব নোৱাৰে, তেনেহলে, সি গৰ্দ্দভত্ব অৰ্থাৎ গাধৰ অৱস্থা পায়। তেতিয়া, সি, গাধৰ দৰে, বোজা বোৱাৰ বাহিৰে শ্ৰেষ্ঠ কাৰ্য্য কৰিব নোৱৰা হয়; এয়ে, ঘোৰৰ পক্ষত মহৎ ক্ষতি আৰু অধোগতি।

 কোনো ধৰ্ম্ম-মণ্ডলীৰ মত; মানুহ জাতিয়ে, খোৱা, পিয়া, শোৱা, নাৰী সঙ্গম কৰা, এনে বোৰ ক্ৰিয়ালৈহে জনম পাইছে। এতেকে, সিহঁতে, তেনেকুৱা কাম কৰি