পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৯১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পৰমাৰ্থ দৰ্পণ। আত্মাৰ প্ৰকৃত গৌৰৱ আৰু সম্পদ, সিকালত ফট- ফটীয়াকৈ ওলাব; ইকালৰ সুখ, সম্পত্তি, একো কামৰ নহয়। বৰং ইকলিত, মানুহৰ গৌৰৱ, মুঠেই নাইকিয়া বুলিলেই হয়। মানুহৰ দৰে, নিৰবলী, নিসহায়, সংসাৰত কোনো নাই। চোৱা, মানুহ, এই সংসাৰত জাৰ-জহ, ভোক-পিয়াহ, ৰোগ-শোক, দুখ-কষ্ট, জ্বৰ-খৰ আৰু বুঢ়া- কাল আদি নানা আপদ-আহুকালৰ হাতত পৰি আছে। সাংসাৰিক সুখ-সম্পদ, দুখ-সন্তাপেৰে মেৰ খোৱা, লাভ- পৰালি দুয়ে সানমিহলি। | মহত্ব-গুণৰ ভালেমান কাৰণ আছে। জ্ঞান, ক্ষমতা, ধৈৰ্য, সৌন্দৰ্য আৰু পবিত্ৰতা, এই কেইটিও তাৰে মাজৰ। বিচাৰৰ চকুৰে চালে, নিশ্চয় পতিয়াব লাগিব, মানুহৰ গত, এই গুণ কেইটিৰ এটিও নাই। তেন্তে, কি প্ৰকাৰে মানুহ মহৎ আৰু গৌৰবানিত বোলাব পাৰে। প্ৰথম, জ্ঞানৰ সমন্ধে গমি চালে, বুজা যায়, মানুহৰ সমান অজ্ঞ আৰু কোনো নাই। চোৱা, মানুহব বুদ্ধি আৰু জ্ঞানৰ মূলাধাৰ মগজু; সেই মগজুৰ ভিতৰুৱা এডালি শিৰ, কিবা স্বৰূপে ভাজ লাগিলে, এনে টান ৰোগৰ উৎপত্তি হব পাৰে, যাৰ মূল কাৰণ, সি বিচাৰি উলিয়াব নোৱাৰে। কেনেকৈ, কি ঔষধ দিলে ৰোগ-শান্তি হব, তাৰো ভু-ভতং না পায়। চকুৰ আগতে, তাৰ দৰব থাকিলেও, চিনিবৰ শক্তি নাই। আকৌ, ক্ষমতা সমন্ধে চোৱা, মানুহ ইমান