পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৭১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পৰমাৰ্থ দৰ্পণ। কিযনো, মানুহে যি দেখা নাই, যি নাজানে, তাক সটৰাই সঞ্জাত নকৰে। সেই কাৰণে, খোদাতায়ালাই নিজ কালাম শ্যৰিফত, উক্তি কৰিছে, “যি বিষয, সিহঁতৰ বুদ্ধিয়ে আকোৱালি নাপালে, যাৰ সম্ভেদ, সিহতৰ মনত ফট ফটীয়াকৈ নোলাল, তাক সিহঁতে উপলক্ষ কৰিলে। যেতিয়া সিহঁতে, সেই বিষয়ৰ জ্ঞান নাপালে, তেতিয়া সিহঁতে কব, ই, এটা অতীজ কলীয়া মিছা”। পাঠক। ওলী আৰু পয়গম্বৰ সকলৰ শৰীৰত, এনে- কুৱা কিছুমান গুণ আছে, যাৰ ভু-ভা অন মানুহে লেশ মাত্ৰ নাপায; যিবিলাক গুণৰ হন্তে, সিবিলাকে এনে এটি অনিৰ্বচনীয় অৰ্থাৎ ভঙ্গি কব নোৱৰা সুখ উপভোগ আৰু এনেকুবা অপূব অৱস্থা লাভ কৰে, যে, তাৰ গৰূ ফেৰিও কোনেও পোৱা নাই। তোমালোকে সদায় দেখা পাই আছা, কাব্য-শাস্ত্ৰত, যাৰ মন মোহিত হোৱা নাই, তেওঁ কবিতাৰ মৌ-সনা সোৱাদৰ একো মোল নাপায়। এনে দণৰ ৰস-জ্ঞান শূন্য জনক কাব্য-শাস্তুৰ মধুৰতা বুজাবলৈ কে।' পাৰ্গত নহয়। তেনে স্বৰূপে, জন্মান্ধ, নানা বৰণীয়া, মনোৰম চিত্ৰ-দৰ্শন সুখ-আস্বাদনৰ পৰা বঞ্চিত। প্ৰিয় পাঠক। এই কথা আচৰিত নে ভাবি, যে, কৰুণাময় খোদাতায়ালাই কৃপা কৰি পয়গম্বৰ সকলক, প্ৰেৰিতৰ বাহিৰেও, এনেকুৱা কেতেখিনি ক্ষমতা দিছে, যাক কো ও স, পানতো দেখা নাই।