পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৩০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পৰমাৰ্থ দৰ্পণ। কাৰ্যত নিযুক্ত ৰাখি নিৰ্বিঘ্নে ৰাজ্য শাসন কৰিব। আৰু সিহতেও আত্মাৰ আদেশ শীৰৰধাৰ্য্য কৰি যাৰ যি কৰিব লগীয়া কাম, মূৰ পুতি কৰিব। সেই শক্তি বা মেনা বিলাকৰ, এটিৰ অবিহনে দেহ-ৰাজ্যৰ কাৰ্য সুকলমে চলিব নোৱাৰে। | ওপৰত যি সেনা বোৰৰ কথা উমুকিওঁৱা গল, সেই সকলোটি আত্মাৰ আজ্ঞাকাৰী দাস, অ'ত্ম সিহঁতৰ অধিপতি, বা ৰাজা-ধিৰাজ-মহাৰাজ। আত্মাৰ অ'দেশ পালেহে জি ভাই কথা কয়, হাতে, তেখেতে ধৰ, বুলিলে হে ধৰে। ভৰিয়ে বাট বোলে, চকুৱে চাই পঠিয়ায়। আত্মাৰ আজ্ঞামতে চিন্তা শক্তিয়ে চিন্তা কৰে, স্মৰণ শক্তিয়ে স্মৰণ কৰে। সেই নিচিনাকৈ গোটেই বোৰ শক্তিয়েই আত্মাৰ আদেশ অনুসৰি চলে। পৰমেশ্বৰে মানুহৰ ওপৰত তেখেতৰ একান্ত অনুগ্ৰহ দেখুৱা বৰ কাৰণে, সেই সকল শক্তি বা বৃত্তি সুজন কৰি শৰাৰ ৰখীয়া কামত আত্মাৰ আজ্ঞাধীন কৈ দিছে। অভিপ্ৰায়, সিহঁতে সৰ্বতি কাল আত্মাৰ ভৃত্যালি কৰে আৰু অত্মাই সিহঁতৰ আলমলৈ আপোনাৰ পাথেয় সম্বল গোটায়, ধৰিব খোজা চিকাৰ ধৰে সিপুৰাৰ বণিজ সম্পন্ন কৰে আৰু সম্পদৰ কঠিয়া পেলায়। স্বগীয় ফেৰেস্তা সকলে, যেনেকৈ সুজন কৰ্তাৰ আজ্ঞা, সানন্দ মনে পালন কৰে, একনো লৰচৰ নকৰে, তেনেদৰে আত্মাৰ ভৃত্য বোৰেও যেন আত্মাৰ আজ্ঞা মান্য কৰি চলে।