পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৮৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পৰমাৰ্থ দৰ্পণ। যায়; গোদ্দ নামে যন্ত্ৰই সেই পানী টুপি হঁ্যোপি পেলায়। গোৰ্দাত, ৰোগ থাকিলে, তাক হেপিব ৱোৰে; সুতৰাং পণীয়া অংশ, শৰীৰত চলাচল কৰি জলন্ধৰ বা শোথ ৰোগৰ জন্ম দিয়ে। এনে স্বৰূপে, মনুষ্যৰ-দেহৰ ভিতৰ- বাজৰ একো ২ টি অবয়ব, সৰ্বজ্ঞানী বিধতা পুৰুষে, ভিন ২ কাৰ্যৰ হৈ জন কৰিছে; তাৰে এটিৰ অভাবে দেহ ৰা এনেকুৱা বিশৃঙ্খল বা লাব্বাং-তাবাং হয় যে, তাক একো স্বৰূপে শুধৰাব নোৱাৰি। মানুহৰ দেহটি যদিও জোখত তিনি হাত এবেগেত মাথোন, তত্ৰাচ ই, বিশ্বব্ৰহ্মাণ্ডৰ গোটেই বোৰ বস্তুৰ ভৰাল। ইয়াৰ ভিতৰত প্ৰাণী, অপ্ৰাণী আটাই বস্তুৰ আৰ্হি বৰ্তমান। শৰীৰৰ হাড়, পৃথিবীৰ পৰ্বতৰ নিচিনা; নোম বোৰ গছ-গছনি হেন; খাম বৰষুণ; মগজু আকাশ; আৰু ইন্দ্ৰিয় বোৰ জ্যোতিষ্ক সদৃশ। এনেদৰে বিচাৰি গলে, মনুষ্য শৰীৰত, বাঘ-বিৰলী, কুকুৰ-শূকৰ, দেব- দানৱ, পৰী-অপেশ্বৰী আদি সকলো জীৱ-জন্তুৰ, আদৰ্শ বা নমুনা পোৱা যায়। তাত, ব্যবসায়ী জনৰো আহি আছে। যেনে, যি শক্তিয়ে, পাকস্থলীৰ ভুক্ত বস্তু জীণ নিয়ায়, সি ৰান্ধণী বা চাং মাই; যি শক্তিয়ে পাকস্থলীৰ পগোৱা ভুক্ত বস্তুৰ পৰা, ৰস উলিয়ায়, সি, তেলীয়া; যি শক্তিয়ে পগোৱা ৰস, নানা উপায়ে শোধন কৰি, ৰা তেজৰ বৰণ ধৰায়, সি ৰঙ্গ ৰেজ, (কাপোৰ