পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৭৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পৰাৰ্থ দৰ্পণ। | ৫৯ পাণী সোমোৱা জুৰিৰ মুখ মুকলি হৈ ৰব, তেতিয়ালৈকে, পাতালৰ নিকা পাণী পাবৰ আশা, দুৰাশা মাখোন। জ্ঞানৰ সমন্ধেও সেই কথা; যেতিয়ালৈ, বহিজ্ঞান মনৰ পৰা অতৰহৈ নাযাব, তেতিয়ালৈকে, আত্মাৰ, বিশুদ্ধ, নিৰ্ম্মল জ্ঞান লাভ নহব। পূৰ্বৰ শিক শাস্ত্ৰ-জ্ঞান মনৰ পৰা নিচেই চাই পেলালে আৰু বহিৰ্জগতৰ জ্ঞানত দুনাই মন মেলি নিদিলে শাস্ত্ৰবিদ্যাই, তত্ত্ব-জ্ঞানৰ বাট ভেটি নধৰে; বৰং তেনে ঘটনাত, প্ৰকৃত জ্ঞানে, অজ্ঞতাৰ অস্কাৰ আঁতৰাই ক্ৰমাগত উদগতি লাভ কৰিব পাৰে। | পৃথিবীহ, এনে মানুহৰ অকাল নই, যি নিজে মহ। বিদ্য’বৃন্ত আলেম ( বিদ্বান ) বুলি ভাবে। তেঁও যি শিকিছে, যি বুজিছে, সেয়ে, ঠিক আৰু নিভুল; তাৰ বাজে সকলো অপূৰ্ণ আৰু অশুদ্ধ। অইন কোনো তেঁওতকৈ এশ গুণে চাৰ আলেম হলেও, শাস্ত্ৰগত যুক্তি- যুক্ত কথা কলেও, সেইবোৰ, তেঁওৰ অমান্য আৰু অগ্ৰাহ্য। বৰং অথালি-পথালি তৰ্ক-যুদ্ধ খন পাতি আপোন মত বলবৎ ৰাখিবলৈ হে উত্ৰাৱল। নিজ সত্ৰৰ ভকত কাবলক আভুৱা ভাষিবৰ হন্তে, তেঁও নানা তৰ্ক-বিতৰ্ক অভাস কৰে আৰু সংসাৰক ছলিবলৈ বুলি, কেতেক ভাণ্ডন আৰু ফাকটি জোৰে। এনেকুৱা জনে প্ৰকৃত জ্ঞান আৰু সত্যতত্ত্বৰ অধিকাৰী হোৱা দূৰৈৰ কথা, তাৰ কাষৰ চপাও অসম্ভব। কাৰণ, অহং জ্ঞানে তাৰ ভিকাচন