পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
পৰমাৰ্থ-দৰ্পণ।

নিৰ্ব্বলী যে, এটি মাখিকো হৰুৱাবৰ তাৰ বল নাই- কিয়া। মৌমাখি এটিৰ ভন-ভননিত মানুহ বিচেষ্টা হয়। খোদাতায়ালাই, এটি সামান্য মইক উদ্ গাই দিলে নিশ্চয় মহৰ ওচৰত, মানুহে, হাৰ মানিব লাগিব। ধৈৰ্য্য সমন্ধে চালে, সি একড়াৰো হানি সহিব নোৱাৰে; এটা ছৰতীয়া পৰালি পৰিলে, চকুৰে ধোৱাঁ কোঁৱা দেখে; ভোকৰ এগৰাহ ভাত, কম হলে, গোটেই টো উগ্ৰমূৰ্ত্তি হৈ উঠে। আকৌ, সৌন্দৰ্য্য আৰু শুচিতা সমন্ধে কওঁ, মানুহৰ সমান লেতেৰা, ফেদেলা, জলহু কোনো নাই। সি, দিন-চেৰেক, গা, মূৰ ন-অঁতালে বা দাঁত নেমাজিলে, নিজৰ গা বা দাঁতৰ দুৰ্গন্ধত নিজে তিষ্ঠিব নোৱাৰে; মানুহৰ পেট মল-মুতেৰে ভৰা; সেই মলৰ বোজা, সি, দিনে ৰাতিয়ে বৈলৈ ফুৰে; পুৱা, গধূলা, সেই দুৰ্গন্ধ মল, নিজ হাতে ধুই নিকা কৰে।

 সেই সমন্ধে, এটি ৰূপহ সাৰুৱা উপকথা কথিত আছে। এদিনা খন, পৰম জ্ঞানী, মহাত্মা শেখ আবুছয়ীদ, কেত বিলাক ছুফী-শিষ্য সঙ্গতকৈ, কোনো ঠাইলৈ যাত্ৰা কৰিছিল; যাওঁতে ২ আলিৰ মূৰত, এনে এখন ঠাই পালেগৈ, যত কেতবোৰ মেতৰে শৌচ পৰিষ্কাৰকৈ আছিল; তাকে, দেখি শ্য়েখ চাহাবৰ সঙ্গী সকলে, থু থুকৈ নাকে, মুখে, কপোৰ গুজি, ফেৰালি কাটি, খৰ-খৰ কৰে, খোজ, ধৰিলে। শ্যেখ মহোদয়ে, দেখা পাই, এই বুলি, তেঁও