পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/১১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


বিছমিল্লাহৰ ৰহমানে, 'ৰেহিম। (পৰম কৰুণা ময় পৰমেশ্বৰৰমলৈ আৰন্তিলে।) পাতনি। এই পুথিৰ আদি নাম, কিমিয়া-ছায়াদত; (ক) ৪ ই পাছী ভাষাত ৰচিত। ইয়াৰ ৰচক, মহাত্মা ইমাম, মহম্মদ গজ্জালি চাহেব,ৰমতুল্লাহ বৰকাতুহু। এওঁ এজন প্ৰখ্যাত ওলী বা সিদ্ধ-পুৰুষ; এওঁৰ অন্তৰ খোদা তায়ালাৰ তত্ত্ব জ্ঞানেৰে ফৰকাল। সেই সমন্ধে, এই পুথিয়েই সাক্ষী। ই, ৰাজচাহী আঞ্জমনে-হেমায়তে-এছুলাম সমাজৰ আদেশ মতে, মুৰলন ইমান অনুবাদক আৰু প্ৰকাশক কমিটীৰ দ্বাৰাই, বঙ্গল ভাষাত, ভাষান্তৰিত হৈ পাচত সৌভাগ্য স্পৰ্শমণি নাম লৈছে। সৌভাগ্য স্পৰ্শমণি অৰ্থাৎ তাম, পিত্তল আদি নিকৃষ্ট ধাতু দ্ৰব্য, স্পৰ্শ-মণি বা পৰশ- পাথৰৰ, ঘঁহনি খাই যেনেকৈ সুবৰ্ণৰ ৰূপ ধৰে, এই পুথি খনি মনত ঘঁহিলে অৰ্থাৎ মন লগাই পঢ়িলে আৰু তদনুসৰি চলিলে নিকৃষ্ট মৰ, সৰ্বোৎকৃষ্ট, সৰ্বোচ্চ, পৰাৎপৰ পৰম্পদ ল ভ কৰিবলৈ ক্ষমতাৱন্ত হব। সৌভাগ্য-স্পৰ্শ মণি চল্লিশ আধ্যাত বিভক্ত। তাৰে প্ৰথম অধ্যা, অসমীয়া ভাই ককাইৰ পাৰমাৰ্থিক হিতলৈ (ক) যি বৰ্ণৰ ওপৰত এই ৪ চিন থাকে, তাৰ উচ্চাৰণ কণ্ঠ পৰা উলিয়াব লাগে।